বৰপেটাৰোডত সংঘটিত হৈছে এক ভয়াৱহ দুর্ঘটনা
ৰঙিলী বাৰ্ত্তাসেৱা- বৰপেটাৰোডত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত থিতাতে মৃত্যু হয় দুই মটৰ চাইকেল আৰোহী পিতা-পুত্ৰৰ।বৰপেটাৰোডৰ শিমলাগুৰি চ’কৰ ২৭নং ৰাষ্ট্ৰীয় পথত সংঘটিত হৈ এই ভয়ংকৰ দুৰ্ঘটনাটো।বৰপেটাৰোডৰ শিমলাগুৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নৱ-নিৰ্মিত উৰণ সেঁতুত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। জানিব পৰা মতে হাউলীৰ দিশলৈ একে দিশেৰে গৈ থকা এখন তেলৰ টেংকাৰৰ খুন্দাত দুয়ো আৰোহী থিতাতে মৃত্যুমুখত পৰে। দুর্ঘটনাটোত মৃত্যু হোৱা মটৰচাইকেল আৰোহী দুজনৰ নাম হৈছে কৈলাশ মেধি আৰু ৰাজেশ মেধি। বৰপেটাৰোডৰ পৰা হাউলীৰ দিশলৈ গৈ থকা এ এছ-১৫ এছ-৯০৭১ নম্বৰৰ মটৰচাইকেলখনক ইউ পি-৭০ এফ টি-৭৫০৬ নম্বৰৰ তেলৰ টেংকাৰখনে মহটিয়াই নিয়ে। ঘটনাস্থলীত শিমলাগুৰি আৰক্ষী পহৰা (বাক্সা জিলা) চকীৰ আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। এই ঘটনাক লৈ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। ঘটনাটোত প্রাণ হেৰুওৱা কৈলাশ মেধি বাক্সা জিলাৰ আনন্দবজাৰস্থিত ডাকঘৰৰ পোষ্টমাষ্টৰ আছিল আৰু তেওঁৰ পুত্ৰ ৰাজেশ মেধি উচ্চতৰ মাধ্যমিকত উত্তীর্ণ।