বৰপেটাত যাত্ৰীবাহী নাও ডুবি সন্ধানহীন ৬ যাত্ৰী

বৰপেটাত যাত্ৰীবাহী নাও ডুবি সন্ধানহীন ৬ যাত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  বৰপেটা সদৰ থানাৰ অন্তৰ্গত ৰহমপুৰৰ ব্ৰহ্মপুত্ৰ নৈত এক ভয়াৱহ নৌকা দুর্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত এজন পুৰুষ আৰু এগৰাকী মহিলাসহ চাৰিটি শিশু সন্ধানহীন হয়। এই নাও দুর্ঘটনাত প্রায় ৩০ গৰাকী লোকৰ কথমপি প্ৰাণৰক্ষা পৰে। প্ৰাপ্ত খবৰ অনুসৰি, বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত দক্ষিণ প্ৰান্তত থকা চড়কপাৰা, গৰাইমাৰী গাঁৱৰ কেইটামান পৰিয়ালৰ প্ৰায় ৩০ গৰাকী লোকে ব্ৰহ্মপুত্ৰ নৈৰ দক্ষিণ দিশে থকা বৰঘোল চৰলৈ আত্মীয়ৰ এক অনুষ্ঠানলৈ গৈ আছিল। স্থানীয় লোকে জানিবলৈ দিয়া মতে, ৰহমপুৰ ঘাটৰ পৰা পুৱা প্ৰায় ৯.৩০ বজাত যন্ত্রচালিত নাৱেৰে ৰাওনা হৈ প্রায় ৩০০ মিটাৰমান যোৱাৰ পিছতে ব্ৰহ্মপুত্ৰ নৈৰ দুটা সুতি লগ হোৱা পকনীয়া অংশ পাৰ হ’বলৈ চেষ্টা কৰে নাওখনে। পকনীয়া অংশত নৈখনৰ তীব্ৰ সোঁত থকা বাবে হঠাতে নাওখনত পানী সোমাই কিছু সময়ৰ ভিতৰতে নৈখনত ডুব যায়। এনে পৰিস্থিতিত নাওখনত থকা লোকসকলৰ মাজত হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয়। নাওখনত থকা লোকসকলে জঁপিয়াই নৈখনত সাঁতুৰি প্ৰাণৰক্ষা কৰিবলৈ চেষ্টা চলায় যদিও তীব্ৰ সোঁতৰ বাবে বিফল হ’বলগা হয়। বহু লোকে চিঞৰ-বাখৰ আৰম্ভ কৰাত ওচৰতে থকা আন লোকে এই দৃশ্য প্রত্যক্ষ কৰে আৰু লগে লগে তাত থকা লোকসকলক উদ্ধাৰ কৰিবলৈ সেই স্থানলৈ আন এখন যন্ত্রচালিত নাও লৈ যায়। পিছত নৈত সাঁতুৰি থকা লোকসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও এজন পুৰুষ, এগৰাকী মহিলাসহ চাৰিটি শিশু সন্ধানহীন হৈ আছে। সন্ধানহীনসকল হ’ল- চড়ক পাৰা-গৰেইমাৰী গাঁৱৰ হামিদ আলীৰ পুত্ৰ মধু মিঞা (৪৮), চেলিমউদ্দিনৰ পত্নী শুকুৰজান নেচা (৩৮), আম্বাজী আলীৰ কন্যা আমিনা খাতুন (৮), মহিদুল ইছলামৰ পুত্ৰ আৰিয়ান আলী (৭) আৰু জাহিদুল ইছলামৰ কন্যা জুলুফা ইয়াচমিন (৫) বুলি জানিব পৰা গৈছে।