বৰপেটাত অসম সাহিত্য সভাৰ সেতুবন্ধ কাৰ্যসূচী
মন জুৰুৱা অনুষ্ঠান সম্পন্ন
অসমৰ সত্ৰসমূহৰ সজ্জনসকলক লৈ সাহিত্য সভাই শাখা গঠনৰ প্ৰক্ৰিয়া চলাইছেঃ প্ৰধান সম্পাদক দেৱজিৎ বৰা
ৰঙিলী বাৰ্ত্তাসেৱা- সমাজ আজি অনিয়ন্ত্ৰিত, এই সমাজক নিয়ন্ত্ৰণ-শৃংখলিত কৰি সুসমাজ নিৰ্মাণৰ দায়িত্ব আমাৰ অৰ্থাৎ অসম সাহিত্য সভাৰ প্ৰতিজন কৰ্মী-সদস্যৰ । সেয়ে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য-সদস্যাসকলক মনোনীত কৰি দায়িত্ব অৰ্পণ কৰোঁতে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লগা হৈছে। অসম সাহিত্য সভাৰ সেতুবন্ধ যাত্ৰা কাৰ্যসূচীৰ অন্তৰ্গত মন জুৰুৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এইদৰে কয়। ভাষণ প্ৰসংগত বৰাই কয় যে সত্ৰৰ সজ্জনসকলক লৈ অসম সাহিত্য সভাই শাখা সাহিত্য সভা গঠনৰ প্ৰক্ৰিয়া চলাই যাব । বৰপেটা শতদল সাহিত্য সভাৰ সৌজন্যত বৰপেটা সাহিত্য সভাৰ সভাপতি হিৰণ শইকীয়া লহকৰৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনত অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই বিশেষ আমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত তেওঁ কয় যে ভাষা-সংস্কৃতিৰ সংকটৰ সময়ত প্ৰতিজন জাতিপ্ৰেমীয়ে শক্তিশালী ভূমিকা পালন কৰিব লাগে; প্ৰতিগৰাকী জাতীয়ভাৱাপন্ন সচেতন ব্যক্তিয়ে আমাৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ সভ্যপদ গ্ৰহণ কৰি জাতিৰ স্বাভিমান বৃদ্ধি কৰাৰো দায়িত্ব গ্ৰহণ কৰক। বৰপেটা শতদল সাহিত্য সভাৰ সম্পাদক মাধন ভূঞা শৰ্মাই আঁতধৰা সভাখনত অসম সাহিত্য সভাৰ অনুবাদ প্ৰকল্পৰ সঞ্চালক হৃদয়ানন্দ গগৈ, চৰ-চাপৰি ভাষা বিকাশ উপসমিতিৰ আহ্বায়ক ডা০ আব্দুল কুদ্দুছ শিকদাৰ, লক্ষীমপুৰ আঞ্চলিক কাৰ্যালয়ৰ প্ৰাক্তন সম্পাদক বিপুল শৰ্মা বৰুৱা, জালাহ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক নয়নমণি চৌধুৰী, সাংগঠনিক সম্পাদক অতুল কলিতা, কেন্দ্ৰীয় প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, বৰপেটা শতদল সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডা০ কমলকৃষ্ণ দাস প্ৰমুখ্যে বিষয়ববীয়াসকলে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা সভাখন জাতীয় সংগীত পৰিৱেশনৰে সফল সামৰণি পৰে। উল্লেখ্য যে, অসম সাহিত্য সভাৰ উপসভাপতি- প্ৰধান সম্পাদকৰ নেতৃত্বত যোৱা সেতুবন্ধ যাত্ৰাৰ প্ৰতিনিধি দলটোৱে পুৱাৰ ভাগত বামুণা সত্ৰ, সুন্দৰীদিয়া সত্ৰ আৰু বৰপেটা সত্ৰ পৰিদৰ্শন কৰি সেৱা আগবঢ়ায়।