বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন গৃহৰ শিলান্যাস বিধায়ক বিশ্বজিত ফুকনৰ,একেদিনাই আন কেবাটিও আধাৰশিলা স্থাপন

বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন গৃহৰ শিলান্যাস বিধায়ক বিশ্বজিত ফুকনৰ,একেদিনাই আন কেবাটিও আধাৰশিলা স্থাপন

মৃগাংক বৰুৱা, গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- মহাৰজত জয়ন্তী বৰ্ষ গৰকা ঐতিহ্যমণ্ডিত বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুনকৈ নিৰ্মান কৰিবলগা গৃহৰ অলপতে শিলান্যাস কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনে৷ উল্লেখযোগ্য যে বিধায়ক বিশ্বজিত ফুকনৰ নিৰবিছিন্ন প্ৰচেষ্টাত অসম চৰকাৰে আগবঢ়োৱা আঠ কোটি টকাৰ অনুদানেৰে সম্পূৰ্ণ বিদ্যালয় খনকে নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ সেই উদ্দেশ্য আজি বিদ্যালয়ৰ খনৰ প্ৰাঙ্গণত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গৃহটিৰ শিলান্যাস কৰি বিধায়ক গৰাকীয়ে শিক্ষা ক্ষেত্ৰখনৰ আন্ত:গাঠনি উন্নয়নৰ বাবে অসম চৰকাৰে আগবঢ়োৱা অনুদানৰ বাবে চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে৷ লগতে বিধায়ক গৰাকীয়ে হাতত লোৱা সমষ্টিটোৰ বিভিন্ন উন্নয়ন মূলক কামসমূহৰ বিষয়ে উল্লেখ কৰি কয় যে অসমৰ পাঁচটা উন্নত সমষ্টিৰ ভিতৰত সৰুপথাৰ সমষ্টিক গঢ়িতোলাৰ তেওঁৰ যি সপোন সেই সপোন সাৰ্থক কৰি তুলিব পাৰে তাৰ বাবে ৰাইজৰ পৰা আৰ্শীবাদ বিছাৰে৷ অন্যহাতে ইয়াৰ উপৰিও আজিৰ দিনটোত বিধায়ক গৰাকীয়ে কেইবাটাও উন্নয়নমূলক কাৰ্যসূচীত অংশ গ্ৰহণ কৰে৷