বৰপথাৰত নবজাতক শিশুৰ মৃতদেহ উদ্ধাৰ
মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- বস্তাৰ ভিতৰত সুমুৱাই পেলাই থৈ গৈছিল কোনো পাষণ পিতৃ মাতৃয়ে। বৰপথাৰৰ বছাপথাৰত দেওবাৰে বিয়লি উদ্ধাৰ হৈছে শিশুটিৰ মৃতদেহ। কুকুৰে ভক্ষণ কৰি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে শিশু টিৰ মৃতদেহ । ইতিমধ্যে বৰপথাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।
