বৰদৈচিলা
ৰশ্মি ৰেখা দুৱৰা, ডিব্ৰুগড়
(১)
তই নাহিবি সুখৰ ঘৰ ভাঙিবলৈ
তোৰ বাবে জ্বলে বুকুত একুৰা জুই
কিমান সহিম তোৰ লীলা,
আহে হুৰহুৰাই নদ-নদী উচলাই
চৌদিশ কৰি থৈ যায় তচ্নচ্…
(২)
লাহে-ধীৰে গ’লেও পাবি মাৰৰ ঘৰ
কিয় ক’ৰ ইমান খৰধৰ
আমাৰ দৰে খাতিখোৱাৰ
যিহে হয় দুৰ্দশা
তোৰ মনত নালাগেনে অকণো বেজাৰ…
(৩)
চ’তৰ মাহ আহিলেই বেৰি ধৰে
মনত এশ এবুৰি চিন্তাই
ক’ত কি লগাব থানথিত
পিতাইৰ মূৰতে পৰে এপাচিমান বোজা…
(৪)
এজাক সৰু বতাহতেই
চালৰ টিনপাত কেইখন সোলোক-ঢোলোক
ত’তে নাপায় পিতায়ে
ঘূণেখোৱা মাৰলিডাল সলাবলৈ
বৰদৈচিলা জনী উৰা মাৰে মাকৰ ঘৰলৈ…
(৫)
আইৰ মৰমৰ দ্ৰুতবেগত
উজুটিত ভাঙি নিয় শিল-দল
কিযে তোৰ স্ফূৰ্তিৰ খদমদম
খাতিখোৱা জনতাৰহে কেউদিশ অন্ধকাৰ…
(৬)
কেনেকৈ তৰিব ভগা জুপুৰিটো
ক’ৰ পৰা ভৰিব নষ্ট হোৱা বয়বস্তু
খেতিবোৰো ধ্বংস;
বৰদৈচিলাৰ কি লীলা
পিতাইৰ মূৰতহে পৰে সমস্ত গধূৰ বোজা।