বৰদৈচিলা-ৰশ্মি ৰেখা দুৱৰা

Pc assam.news18.com

“বৰদৈচিলা”

ৰশ্মি ৰেখা দুৱৰা
                        ডিব্ৰুগড়

       বৰদৈচিলাৰ পাকচক্ৰত চৌদিশ ধূসৰ বিৱৰ্ণ।পুৱাই উঠি দেখে সকলো তহিলং।ধনীৰাম দাইটিৰ মনটো সেমেকি গ’ল।অত কষ্টৰে কৰা খেতিবোৰ বৰদৈচিলাই মুহূৰ্ততে তচ্‌নচ্‌ কৰি দিলে।মাটি চহোৱাৰ পৰা বীজ ৰোপণ কৰালৈকে কপালৰ ঘাম মাটিত পেলাই কষ্ট কৰিছিল।ধনীৰাম দাইটিয়ে সপোন দেখিছিল,খেতি ডৰাৰ পৰা উপাৰ্জন হোৱা টকাৰে পুত্ৰক টিউচন দিব।পুত্ৰই ভাল ফলাফল দেখুৱাই ঘৰখনৰ লগতে গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিব।
পুত্ৰ ৰিয়ানে দেউতাকৰ দুখ-কষ্ট বুজি ইমানে মনোযোগ দি পঢ়িলে,যাতে ভাল ফলাফল দেখুৱাই দেউতাকৰ জহ পৰা মনটোক জীপাল কৰি তুলিব পাৰে।দেউতাকৰ কাষ চাপি ৰিয়ানে প্ৰতিশ্ৰুতি দিলে,তোমাৰ সপোন পূৰণৰ বাবে মই যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিম।তুমি বৰদৈচিলাক খং কৰি নাথাকিবা।