অণুগল্প
বৰদৈচিলা
পৰিস্মিতা বৰা হাজৰিকা
মাজুলী
এটা বিকট শব্দৰে বৰদৈচিলা দৰে দ্ৰুত বেগে পাৰ হৈ যোৱা বাইক কেইখন দেখি ৰাস্তাৰে গৈ থকা আন পথচাৰী লগতে অৰিন্দম বৰুৱাও একেবাৰেই ৰাস্তাৰ কাষ পালেগৈ । বাইককেইখনত যোৱা লৰা কেইটাৰ মাজত নিজৰ পুতেককো দেখি তেওঁৰ এটা হুমুনিয়াহ ওলাল । আনৰ লৰা ছোৱালীক সদায় ভাল শিক্ষা দি ফুৰা মানুহজনে নিজৰ একমাত্ৰ লৰাটোকে ভাল কৰিব নোৱাৰিলে । কথাবোৰ ভাবি ভাবি তেওঁ আগবাঢ়িল । এটা লৰা বুলি মৰম কৰোতে কৰোতেই আজি এই দশা হ’ল আৰু যেতিয়া ঘুৰি আহি পদুলিৰ মুখ পাইছিল তাত চুবুৰিৰ মানুহৰ ভুনভুননি আৰু মানুহজনীৰ কান্দোনৰ চিঞৰ শুনি তেওঁ বুজি পাবলৈ আৰু বাকী নাথাকিল যে অলপ আগৰ বৰদৈচিলা জনীয়ে তেওঁকো ভালকৈ জোকাৰি গ’ল ।