বৰদিন সম্প্ৰীতিৰ উৎসৱ – প্ৰাণ প্ৰতিমা বড়া

PC - Freepik
বৰদিন সম্প্ৰীতিৰ উৎসৱ
প্ৰাণ প্ৰতিমা বড়া, গুৱাহাটী
বৰদিন খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পালন কৰা এক ধৰ্মীয়  উৎসৱ। ডিচেম্বৰ মাহৰ ২৫ তাৰিখে যীশুখ্ৰীষ্টৰ জন্ম তিথি উপলক্ষে এই উৎসৱ পালন কৰা হয় । ইজৰাইলৰ জেৰুজালেমৰ বেলহেম চহৰৰ এটা ঘোঁৰাশালত যীশুখ্ৰীষ্টৰ জন্ম হয়।যীশুৰ মাতৃ মেৰি  আৰু পিতৃ যোচেফ ৷এজন দেৱদূতৰ প্ৰচাৰ অনুসৰি ঘোঁৰাশালত ভগৱানৰ সন্তান জন্ম হোৱা কথাটো প্ৰচাৰ হোৱাৰ পিছৰেপৰা ২৫ ডিচেম্বৰ তাৰিখটো এক বিশেষ দিন হিচাপে পৰিগণিত হয়।বৰদিনৰ কিছুদিন আগৰেপৰা বৰ উলহমালহেৰে গীৰ্জাঘৰসমূহ সজোৱা হয় ৷মানুহৰ ঘৰবোৰ সজাই-পৰাই ধুনীয়া কৰা হয়। গীৰ্জাঘৰ আৰু মানুহৰ ঘৰসমূহ খ্ৰীষ্টমাছ বৃক্ষ,ৰঙীন কাগজৰ ফুল ,মালা ,লাইট আদিৰে সজোৱা হয়।খ্ৰীষ্টমাছৰ আগদিনাৰ সন্ধিয়া খ্ৰীষ্টমাছ ইভ পালন কৰে। আগদিনাৰ সন্ধিয়া মানুহে দল বান্ধি খ্ৰীষ্ট গীত গায়।গীৰ্জাঘৰত সমদল গীত পৰিবেশন কৰে। বৰদিনৰ দিনা সকলোৱে নতুন কাপোৰ ,জোতা পিন্ধি গীৰ্জাঘৰত সকলোৱে একেলগে খ্ৰীষ্ট্ৰস্ত্ততি কৰে। বাইবেল পাঠ কৰে । পুৰোহিতে সকলোৱে মংগলৰ বাবে, শান্তিৰ বাবে  আশীৰ্বাদ কৰে। গোটেইদিনটো এক উৎসৱমূখৰ পৰিবেশ হৈ পৰে। সকলোৱে এজনে আনজনক হিয়া উজাৰি মৰম আগবঢ়াই ,শুভেচ্ছা কাৰ্ড আগবঢ়াই লগতে মিঠাই ,কেক,পিঠা আদি উপহাৰ হিচাপে দিয়ে।বৰদিন বৰ্তমান সময়ত সম্প্ৰীতিৰ উৎসৱ হিচাপে পৰিগণিত হৈছে। কিয়নো কেৱল খ্ৰীষ্টান ধৰ্মৰ লোকসকলৰ মাজতে এই উৎসৱ সীমাবদ্ধ হৈ থকা নাই বাকী ধৰ্মাৱলম্বী লোকসকলেও এই দিনটো বৰ উলাহেৰে উদযাপন কৰে। ব্যৱসায়-বানিজ্যৰ ক্ষেত্ৰতো ব্যৱসায়সকলে লাভবান হৈ পৰিছে। বৰদিনৰ দিনা  এটা উল্লেখনীয় হৈছে সকলোৰে মৰমৰ ককা ছান্তাক্লজৰ অভিনয় । তেওঁ বগা দাড়ি-চুলি আৰু জলহু চোলাৰে অভিনয় কৰে। শিশুসকলৰ মাজত তেওঁ অতিকৈ প্ৰিয় এটা চৰিত্ৰ। তেওঁ শিশুসকলক মৰমেৰে উপহাৰ দিয়ে আৰু দুখীয়া মানুহকো উপহাৰ দিয়ে। সকলোৰে ধৰ্মৰ লোকৰ মাজতে এই উৎসৱ বৰ আদৰৰ । উক্ত দিনটো ৰাষ্ট্ৰীয় বন্ধ দিন হিচাপে পালন কৰা হয় ।ভগৱান যীশুখ্ৰীষ্ট দয়াৰ সাগৰ ৷তেওঁৰ মতে সকলো প্ৰাণীয়েই ভগৱানৰ সন্তান। তেওঁ সকলোকে মৰম- আদৰেৰে  পৃথিৱীত শান্তি স্থাপন কৰিবলৈ চেষ্টা কৰিছিল আৰু সকলোৰে মাজত একতাৰ দোলেৰে বান্ধ খাই পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল। বৰ্তমান সময়ত সকলো মানুহে এই দিনটো বৰ উলহমালহেৰে পালন কৰিবলৈ লৈছে ।