বৰঝাৰ বিমানবন্দৰত শ্বহীদ প্ৰাণেশ্বৰ কোচৰ নশ্বৰ দেহ
ৰঙিলী বাৰ্ত্তাসেৱা- ঝাৰখণ্ডত বুধবাৰে পুৱা নক্সাল বিৰোধী অভিযানত শ্বহীদ বৰণ কৰে অসমৰ এগৰাকী বীৰ সন্তানে। এই অভিযানত অসম তথা কোকৰাঝাৰ জিলাৰ মাগুৰমাৰীৰ প্ৰাণেশ্বৰ কোচ নামৰ জোৱানজন শ্বহীদ হয় ।প্ৰাণেশ্বৰ কোচ শ্বহীদ হোৱা খবৰ শুনাৰ লগে লগে কোকৰাঝাৰৰ ৰাভাপাৰাৰ ঘৰত বিৰাজ কৰিছে শোকাকুল পৰিৱেশে । উল্লেখযোগ্য যে, আজি পুৱা প্ৰায় ৫-৩০ বজাত ঝাৰখণ্ডৰ বোকাৰো জিলাৰ গোমিয়া আৰক্ষী থানা এলেকাৰ বীৰহৰ্ডেৰা বনাঞ্চলত চি আৰ পি এফ আৰু মাওবাদীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়। বোকাৰো জ’নৰ আই জি ক্ৰান্তি কুমাৰ গাদিদেশীয়ে সংবাদ সংস্থা পি টি আইৰ আগত প্ৰকাশ কৰা মতে “এই এনকাউণ্টাৰৰ সময়ত নিৰাপত্তা বাহিনীয়ে দুজন মাওবাদীক গুলীয়াই হত্যা কৰে। তাৰোপৰি তেওঁ জনোৱা অনুসৰি চি আৰ পি এফৰ কোব্ৰা বেটেলিয়নৰ এজন জোৱানো নিহত হয়।” উক্ত অভিযানৰ সময়ছোৱাতে চি আৰ পি এফৰ জোৱান তথা অসম মাতৃৰ বীৰ সন্তান পৰ্ণেশ্বৰ কোঁচ নিহত হোৱা বুলি নিশ্চিত হয়। চি আৰ পি এফৰ ২০৯ কোব্ৰা ৰেজিমেণ্টত কৰ্মৰত আছিল প্ৰাণেশ্বৰ কোচ। জানিব পৰা মতে শ্বহীদ প্ৰাণেশ্বৰ এৰি থৈ গৈছে পিতৃ-মাতৃৃ, পত্নীৰ লগতে তেওঁৰ চাৰিবছৰীয়া পুত্ৰক। বীৰেশ্বৰ কোচ আৰু ববিতা কোচৰ জ্যেষ্ঠ পুত্ৰ প্ৰাণেশ্বৰ কোচ ৷

ইফালে বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈছে প্ৰাণেশ্বৰ কোচৰ নশ্বৰদেহ। বিশেষ বিমানেৰে শ্বহীদগৰাকীৰ মৃতদেহ অসমলৈ অনা হয়। বৰঝাৰ বিমানবন্দৰতে চি আৰ পি এফৰ বিষয়াই শ্ৰদ্ধাঞ্জলি জনায়। অসম আৰক্ষীয়েও শেষ শ্ৰদ্ধা জ্ঞাপন কৰে শ্বহীদ প্ৰাণেশ্বৰ কোচক। আৰক্ষীৰ আইন শৃংখলাৰ মহাপৰিদৰ্শক (IGP) অখিলেশ সিঙে জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি।প্ৰাণেশ্বৰ কোচৰ মৃত্যুত শোকপ্ৰকাশ কৰি সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে লিখিছে, “মা ভাৰতীৰ সুযোগ্য পুত্ৰ চিটি/জিডি পৰ্নেশ্বৰ কোঁচে ঝাৰখণ্ডত নক্সালৰ লগত হোৱা সংঘৰ্ষত আজি পুৱা শ্বহীদ বৰণ কৰে৷ কোকৰাঝাৰ সন্তান অমৰ শ্বহীদগৰাকীৰ বলিদানক হৃদয়ৰ নিভৃততম কোণৰ পৰা প্ৰণাম জনাই তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনাই শোকসন্তপ্ত পৰিয়াল আৰু আত্মীয়-স্বজনক গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷ আমি আমাৰ শ্বহীদ পৰিয়ালৰ কাষত সদায়ে আছোঁ আৰু আগলৈও থাকিম৷” জোৱানগৰাকীৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ পাছত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান জি পি সিঙে শোক প্ৰকাশ কৰে। তেওঁ ছহিদ পৰ্ণেশ্বৰ কোঁচৰ শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে কয়- পৰ্ণেশ্বৰৰ দৰে জোৱানৰ মৃত্যুই দেশৰ পৰা নক্সালবাদ আঁতৰাবলৈ অংগীকাৰৱদ্ধ হ’ব। পৰ্ণেশ্বৰ কোঁচৰ মৃত্যুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি তেওঁৰ চিৰশান্তি কামনা কৰিলোঁ। তাৰোপৰি অসমৰ বীৰ সন্তানগৰাকীৰ মৃত্যুৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ ফেচবুকত ছহিদগৰাকীলৈ প্ৰণাম জনাই লিখিছে এইদৰে- ”মা ভাৰতীৰ সুযোগ্য পুত্ৰ চিটি/জিডি পৰ্নেশ্বৰ কোঁচে ঝাৰখণ্ডত নক্সালৰ লগত হোৱা সংঘৰ্ষত আজি পুৱা শ্বহীদ বৰণ কৰে৷ কোকৰাঝাৰ সন্তান অমৰ শ্বহীদগৰাকীৰ বলিদানক হৃদয়ৰ নিভৃততম কোণৰ পৰা প্ৰণাম জনাই তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনাই শোকসন্তপ্ত পৰিয়াল আৰু আত্মীয়-স্বজনক গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷ আমি আমাৰ শ্বহীদ পৰিয়ালৰ কাষত সদায়ে আছোঁ আৰু আগলৈও থাকিম৷”উল্লেখ্য যে ২০১৮ চনত চি আৰ পি এফত যোগদান কৰিছিল শ্বহীদ প্ৰাণেশ্বৰ কোচে। প্ৰশিক্ষণ সমাপ্তিৰ পাছত তেওঁক প্ৰথমে জম্মু অঞ্চলত নিযুক্তি দিয়া হৈছিল আৰু তিনিবছৰৰ পাছত ঝাৰখণ্ডত নিযুক্তি লাভ কৰিছিল। এই ঘটনাই সমগ্ৰ অসমতে শোকৰ ছাঁ পেলাইছে।
