বৰঝাৰৰ পৰা বাজপেয়ী ভৱনলৈ বিশাল ৰোড শ্ব’ৰে প্ৰধানমন্ত্ৰীক আদৰণি

বৰঝাৰৰ পৰা বাজপেয়ী ভৱনলৈ বিশাল ৰোড শ্ব’ৰে প্ৰধানমন্ত্ৰীক আদৰণি

ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ওচৰৰ পৰা চাবলৈ ৰাষ্ট্ৰীয় ঘাইপথত পৰিলক্ষিত হ’ল বিশাল জনসমাগম। শনিবাৰে বিয়লি ২.৪০ বজাত বায়ুসেনাৰ বিশেষ বিমানেৰে গুৱাহাটীৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রধানমন্ত্রী মোদীক উষ্ম আদৰণি জনায়। ইয়াৰ পিছতে প্রধানমন্ত্রীগৰাকীয়ে লোকপ্রিয় গোপীনাথ বৰদলৈ’ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টার্মিনেল ভবন উদ্বোধন আৰু জনসভাত অংশগ্রহণৰ পাছত বশিষ্ঠস্থিত বাজপেয়ী ভৱনলৈ অহাৰ সময়তে বিশাল ৰোড শ্ব’ৰে ৰাজ্যিক বিজেপিৰ যুৱ মৰ্চাই প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনালে ।

বিমানবন্দৰৰ পৰা বিশাল ৰোড শ্ব’ৰে বাজপেয়ী ভৱনলৈ অহা প্রধানমন্ত্রীক প্রত্যক্ষ কৰাৰ বাবে পথৰ কাষত পৰিলক্ষিত হ’ল হাজাৰ হাজাৰ লোকৰ উপস্থিতি। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীক বিমানবন্দৰত থলুৱা নৃত্য-গীতেৰে আদৰণি জনোৱা হ’ল। জনগোষ্ঠীয় নৃত্য-গীতৰ লগতে পৰম্পৰাগত সাজ-পোছাকেৰে প্ৰধানমন্ত্ৰীক আদৰণি জনায় সহস্রাধিক শিল্পীৰ দলে। আনহাতে বিমানবন্দৰৰ উদ্বোধনী অনুষ্ঠান আৰু ৰাজহুৱা সভাৰ পাছতে বাজপেয়ী ভৱনলৈ অহা প্রধানমন্ত্রীক ওচৰৰ পৰা চাবলৈ দুপৰীয়া ১২ বজাৰ পৰাই পৰিলক্ষিত হ’ল বিশাল জনসমাগম। ৰাষ্ট্ৰীয় পতাকা, প্ৰধানমন্ত্ৰীজনৰ ফটোসম্বলিত প’ষ্টাৰেৰে নৰেন্দ্ৰ মোদী জিন্দাবাদ,ভাৰত মাতা কী জয় ধ্বনিৰে অভিবাদন জনায়। প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ লগে লগে সমর্থকসকল উচ্ছ্বসিত হৈ পৰে। পথৰ দুয়োকাষে সমৱেত জনতাক হাত জোকাৰি জোকাৰি প্ৰধানমন্ত্ৰীয়ে সম্বর্ধনা জনায়।

বিমানবন্দৰৰ পৰা প্ৰধানমন্ত্ৰীৰ বাহনত একেলগে অহা পৰিলক্ষিত হ’ল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাকো। উল্লেখ্য যে বিধানসভা নির্বাচনৰ প্ৰাক্‌ক্ষণত প্ৰধানমন্ত্ৰীৰ এই আগমনক লৈ উৎসাহিত হৈ পৰিছে ৰাজ্যিক বিজেপিৰ কাৰ্যকৰ্তাসকল। লক্ষণীয়ভাবে প্রধানমন্ত্রী মোদীয়েও ৰাজ্যৰ জনগোষ্ঠীয় শিল্পীসকলে প্ৰদৰ্শন কৰা নৃত্য-গীত ক্ষন্তেকৰ বাবে উপভোগ কৰিবলৈ যথেষ্ট ধীৰ গতিৰে পথছোৱা পাৰ হয়। আনহাতে ৰবিবাৰে প্ৰধানমন্ত্ৰীয়ে পুৱাৰ ভাগতে পৰীক্ষা পে’ চর্চা কাৰ্যসূচীত ভাগ ল’ব। কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাৰ পৰা ব্ৰহ্মপুত্ৰৰ লাচিত ঘাটলৈ যাত্ৰা কৰিবলগা প্রধানমন্ত্রীক চাবলৈও কাইলৈ গুৱাহাটীৰ মাজমজিয়াত সাধাৰণ ৰাইজৰ ভিৰ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বাবে পথৰ দুয়োকাষে বিশেষ বেৰিকেডৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে।