বৰছলাত একেলগে জ্বলিল স্বামী-স্ত্ৰীৰ চিতা
ৰঙিলী বাৰ্ত্তাসেৱা- বৰছলাত একেলগে জ্বলিল স্বামী-স্ত্ৰীৰ চিতা। শোকত ম্ৰিয়মান অঞ্চলবাসী। দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাবতিলে স্বামী- স্ত্ৰীয়ে।জ্যেষ্ঠ ভগ্নীয়ে মুখাগ্নি কৰিলে ভাতৃৰ। বিবাহৰ মা-হালধিৰ গোন্ধ আঁতৰিব নৌপাওঁতেই চিতাত উঠিল স্বামী-স্ত্ৰী। ২০ নৱেম্বৰত ঢেকিয়াজুলিৰ ৰাক্ষসমাৰীত অনুষ্ঠিত ৰাস মহোৎসৱত পুতনাৰ ভাওত ভাও দি ঘৰলৈ অহাৰ সময়তে কাহানিও উভতি নহাৰ বাটেৰে গ’ল গৈ পলী দেৱী। ৰাসত পুতনাৰ চৰিত্ৰত অভিনয় কৰি স্বামী ৰিটম নাথৰ ঘৰলৈ উভতিছিল, কিন্তু পথত ৰৈ আছিল মৃত্যুদূত! ঢেকিয়াজুলিৰ নাৰায়ণপুৰৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱতি নিশা সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাই সকলো শেষ কৰি দিলে।শোণিতপুৰ জিলাৰ ৰাক্ষসমাৰীত অনুষ্ঠিত ৰাসৰ অনুষ্ঠানৰ পৰা পুৱতি নিশা ঘৰমুৱা হৈ উভতি অহা পথত নাৰায়ণপুৰ তিনিআলিত সংঘটিত অভিশপ্ত এক পথ দুৰ্ঘটনা। পুৱতি নিশা তেজপুৰৰ পৰা গুৱাহাটী অভিমূখে বুলি অহা AS-12AC 3946 নম্বৰৰ ট্ৰেভেলাৰ খন তীব্ৰবেগেৰে আহি সংঘটিত কৰিছিল পথ দুৰ্ঘটনাটো। ট্ৰেভেলাৰৰ খুন্দাত গুৰুত্বৰভাৱে আহত হৈ গুৱাহাটীৰ বেলতলাৰ এখন ব্যক্তিগত নাৰ্চিংহোমত চিকিৎসাধীন হৈ আছিল দম্পতী। কিন্তু অৱশেষত মৃত্যুৰ কোলাত শুই পৰিল দুয়ো। অনাকাংক্ষিত এক পথ দুৰ্ঘটনাত পতিত হৈ অকালতে মৃত্যুক আঁকোৱালি ল’লে সংস্কৃতিৱান, প্ৰতিভাৱান স্বামী-স্ত্ৰী ৰিতম নাথ আৰু পলী দেৱীয়ে। সকলোকে কন্দুৱাই নিয়তিৰ ওচৰত হাৰ মানিলে নৱবিবাহিত দম্পতীয়ে। ৰাক্ষসমাৰী আঞ্চলিক ৰাসৰ পৰা ঘৰলৈ বুলি উভতি অহাৰ সময়তে পুৱতি নিশা ৰাস্তা পাৰ হ’বলৈ লওতেই সংঘটিত হৈছিল পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈছিল আছিল দুই স্বামী-স্ত্ৰী ৰিটম নাথ আৰু পলী দেৱী। একেটা পথ দুৰ্ঘটনাতে থিতাতে নিহত হৈছিল ঢেকিয়াজুলিৰ নাৰায়ণপুৰত চাহ বাগিচাৰ সহঃপৰিচালক সাগৰ দাস। পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ সংকটজনক অৱস্থাত GMCHত চিকিৎসাধীন হৈছিল ৩গৰাকী লোক। ইয়াৰে সংকটজনক অৱস্থাত আছিল পলী দেৱী আৰু ৰিটম নাথ। ৰাস মহোৎসৱৰ পৰা জ্যেষ্ঠ ভগ্নীৰ ঘৰলৈ উভতাৰ পথত কৃতি ডেকা নামৰ এজন যুৱককো মহটিয়াই নিছিল তীব্ৰবেগী ট্ৰেভেলাখনে। তিনিওকে সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰিছিল। পৰৱৰ্তী সময়ত ৰিটম আৰু পলীক এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। কিন্তু মৃত্যুৰ সৈতে যুঁজি যুঁজি অৱশেষত সোমবাৰে দিনৰ ১১ঃ৩০ বজাত নিয়তিৰ ওচৰত হাৰ মানিলে পলী দেৱী আৰু ৰিটম নাথে। সোমবাৰে দুয়োৰে মৃতদেহ লৈ নিয়া হ’ল বৰছলাৰ নাথ গাঁৱৰ নিজ ঘৰলৈ। মৃতদেহ বাসগৃহত উপস্থিত হোৱাৰ পিছতেই এক শোকাকুল পৰিৱেশে বিৰাজ কৰে সমগ্ৰ বৰছলা অঞ্চলত। কোনেও কাকোকে বুজাব নোৱাৰা এক কৰুণ পৰিস্থিতি সৃষ্টি হ’ল ৰিটম নাথৰ বাসগৃহত। শোকাকুল পৰিৱেশৰ মাজতে নিশাৰ ভাগত বৰছলাৰ ৰাজহুৱা শ্মশানত অন্তেষ্টিক্ৰিয়া সম্পূৰ্ণ কৰা হয় পলী আৰু ৰিটমৰ। ঘৰৰ একমাত্ৰ পুত্ৰ সন্তান আছিল ৰিটম নাথ।