বৰচলা গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ,চাৰি জনীয়া তদাৰক দলৰ দুদিনীয়া তদন্ত

বৰচলা গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ,চাৰি জনীয়া তদাৰক দলৰ দুদিনীয়া তদন্ত

মৈৰাবাৰী,ৰঙিলী বাৰ্ত্তাসেৱা-  ADC ৰঞ্জিত গোস্বামীৰ নেতৃত্বত চাৰিজনীয়া এটা তদন্তকাৰী দলে দুদিনীয়া তদন্তৰে বৰচলা গাঁও পঞ্চায়তত প্ৰতিটো ৱাৰ্ডত চৰকাৰী আবাস গৃহ সমূহৰ তদন্ত কৰে। ৰাইজৰ অভিযোগত চৰজমিন তদন্ত কৰিবলৈ বৰচলা গাঁও পঞ্চায়তত উপস্থিত হৈছিল তদন্তকাৰী দলটি। উল্লেখ যে বৰচলা গাঁও পঞ্চায়তৰ সভাপতি সহ,বহু কেইগৰাকী ৱাৰ্ড সদস্যৰ লগতে পঞ্চায়ত সচিব আৰু প্ৰায় সংখ্যক পঞ্চায়ত কৰ্মছাৰী লোক এই বৃহৎ কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে বৰচলাৰ ৰাইজে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্তৰ পৰা অহা চাৰিজনীয়া তদাৰক দলটিৰ তদন্তত বৰচলা গাঁও পঞ্চায়তত ওলোৱা দুৰ্নীতিৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কি ব্যবস্থা লব সেয়া হব লক্ষণীয়।