বৰগীত
স্বাগতা বৰুৱা গোস্বামী
তেজৰে কমলাপতি পৰভাতে নিন্দ।
তেৰি চান্দ মুখ পেখোঁ উঠৰে গোবিন্দ ॥
ৰজনী বিদূৰ দিশ ধৱলী বৰণ।
তিমিৰ ফাৰিয়া বাজ ৰবিৰ কিৰণ॥
শতপত্ৰ বিকশিত ভ্ৰমৰ উৰায়।
ব্ৰজ বধু দধি মথে তুৱা গুণ গাই॥
এইটো শ্ৰী শ্ৰী মাধৱদেৱে ৰচিত বৰগীত। এই ‘বৰগীত’সমূহ মহাপুৰুষ দুইজনাৰ অনুপম সৃষ্টি।অসমীয়াৰ স্বাভিমান বৰগীতসমূহ শ্ৰীশ্ৰী শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰদ্বাৰা বিৰচিত ভগবান কৃষ্ণৰ জীৱন আৰু কাৰ্য্যকলাপক কেন্দ্ৰ কৰি ৰচিত হোৱা ভক্তি ৰ ৰদ্বাৰা নিমজ্জিত হোৱা গীত।এই গীতসমূহক মহাপুৰুষ দুইজনাই বৰগীত নামেৰে নামাকৰণ কৰা নাছিল কিন্তু পৰৱৰ্তী কালত ভকতসকলেহে শংকৰ-মাধৱে ৰচনা কৰা মহত্বপূৰ্ণ গীতসমূহক শ্ৰেষ্ঠত্বসূচক ‘বৰ’ বিশেষণটো লগাই “বৰগীত” বুলি অভিহিত কৰিছিল।বৰগীতসমূহৰ বিষয়বস্তুসমূহৰ মহত্ব মন কৰিবলগীয়া।ৰচনাভঙ্গীৰ সৌন্দৰ্য্য, সুৰৰ গাম্ভীৰ্যৱে বৰগীতসমূহক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।এক শব্দত বৰগীতসমূহ পূৰ্ণপৰ্য্যায়ৰ গীত।বৰগীতৰ ভাষা ব্ৰজাৱলী বা ব্ৰজবুলি।বৰগীতসমূহ ইমানেই সুন্দৰ আছিল কাৰণে এই গীতসমূহক বাকী গীতসমূহৰ পৰা পৃথক কৰা হৈছিল। বৰগীতসমূহ পৰিবেশন কৰাৰ সময়ত শ্ৰোতাৰ হৃদয় ভক্তি ৰসেৰে নিমজ্জিত হৈ থাকে।এই গীতসমূহক মহাপুৰুষকেইজনে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ মাধ্যম হিচাপেও ব্যৱহাৰ কৰিছিল।বৰগীতসমূহৰ বিষয়বস্তুসমূহ গম্ভীৰ তাৎপৰ্য পূৰ্ণ। এই গীতসমূহ অসমৰ ধ্ৰূপদী(ক্লাছিকেল)সংগীত।বৰগীত পৰিৱেশন কৰা সময়ত খোল, তাল আৰু বাঁহীৰ প্ৰয়োগ কৰা হয়।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা প্ৰথমটো বৰগীত মন মেৰি ৰাম চৰণহি লাগুৰ ৰচনা কাল প্ৰায় ১৫১৫ খৃঃ।মহাপুৰুষ দুইজনাই বহুখিনি বৰগীত ৰচনা কৰি থৈ গৈছিল।শংকৰদেৱে ৰচনা কৰা মুঠ ডেৰকুৰি (ত্ৰিশ) টা গীতৰ সংগ্ৰহ পোৱা যায়। জনপ্ৰবাদ অনুসৰি তেখেতে বাৰ কুৰি (দুশ চল্লিশ) বৰগীত ৰচনা কৰিছিল কিন্তু দূৰ্ভাগ্যক্ৰমে বনপোৰা জুয়ে সেই বৰগীত সমূহ নষ্ট কৰে । মাধৱদেৱে বাৰকুৰি (দুশ চল্লিশ) গীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে যদিও বৰ্তমান সৰ্বমুঠ নকুৰি (এশ আশী) মান গীতহে পোৱা যায় ।বৰগীতসমূহ অসমীয়া সংস্কৃতিৰ পৰিচায়ক।এই গীতসমূহ জীয়াই ৰখাটো আমাৰ কত্তৰ্ব্য।