বৰগীত তথা ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য
হৰি হেৰৰে বাপ পশিলো শৰণে।
নেৰিবা বান্ধব মোক জীৱনে মৰণে।।
শ্ৰী শ্ৰী মাধৱদেৱ
মৰমৰ মইনাহঁত তোমালোকে পাঠ্য পুথিত এই বৰগীতটি পঢ়িছাঁ নহয় নে। আজি বৰগীত আৰু ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যৰ বিষয়ে জানো আহা।
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱ বিৰচিত উচ্চ মানবিশিষ্ট সাৱলীল ভাষাৰ স্তুতিমূলক তথা উপদেশ পূৰ্ণ শাস্ত্ৰীয় ৰাগযুক্ত আৰু আধ্যাত্মিক ভাৱ গধুৰ গীতসমূহক ” বৰগীত”বোলা হয়। গুৰু দুজনাৰ গীত সমূহক তেওঁলোকৰ সমসাময়িক ভক্ত সকলে নৱ বৈষ্ণৱ যুগত ৰচিত অন্যান্য গীত সমূহৰ পৰা পৃথক কৰিবৰ বাবে “বৰগীত”বিশেষণটো প্ৰয়োগ কৰিছিল। ভাৱ ভাষা, সুৰ, প্ৰকাশভংগী আৰু বিষয়বস্তুৰ গভীৰতাৰ ফালৰ পৰা গীতসমূহ আন গীততকৈ “বৰ”অৰ্থাৎ শ্ৰেষ্ঠ। সেয়ে মহাপুৰুষ দুজনাৰ ৰচিত গীত সমূহক “বৰগীত “আখ্যা দিয়া হয়।
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ বৰগীতৰ বিষয়বস্তু হৈছে শ্ৰী কৃষ্ণৰ লীলা আৰু মাধৱ দেৱৰ বৰগীতৰ বিষয় বস্তু হৈছে শিশু কৃষ্ণৰ চোৰ – চাতু্ৰীৰ বৰ্ণনা। পণ্ডিত সকলৰ মতে বৰ্তমান শংকৰদেৱ বিৰচিত বৰগীতৰ সংখ্যা ‘ একুৰি চৈধ্যটা ‘ আৰু মাধৱদেৱৰ বৰগীতৰ সংখ্যা “ন – কুৰি এঘাৰটা”।
বৰগীতৰ লক্ষণ:
ক) বৰগীত সমূহ শাস্ত্ৰীয় ৰাগ – তাল যুক্ত গীত।
খ) ইয়াৰ ভাষা ব্ৰজাৱলী।
গ) বৰগীত সমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক গীত।
ঘ) মহাপুৰুষ দুজনাৰ গীতসমূহক “বৰগীত” বোলে। এই গীত সমূহ নামধৰ্ম প্ৰচাৰৰ বাবে ৰচিত।
ঙ) বৰগীত সমূহ প্ৰধানতঃ ভক্তি ৰস প্ৰধান যদিও গীত সমূহত দাস্য, শান্ত, বাৎসল্য আদি ৰসৰ সমাবেশ ঘটিছে।
চ) মাধৱদেৱৰ বৰগীত সমূহত শিশু কৃষ্ণৰ লীলাৰ লগতে অসমীয়া সমাজৰ ঘৰুৱা পৰিবেশৰ চিত্ৰ দাঙি ধৰিছে।
ছ) বৰগীত সমূহ চৈধ্য প্ৰসংগৰ অন্তৰ্গত।
ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য:
ক)ব্ৰজাৱলী ভাষা এক প্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা।
খ) শংকৰদেৱৰ সময়ত অসম, বঙ্গ আৰু উৰিষ্যাত কৃত্ৰিম ভাষাৰ মাধ্যমত শ্ৰীকৃষ্ণ বিষয়ক গীত পদ সৃষ্টি হৈছিল।
গ) এই কৃত্ৰিম ভাষাক ব্ৰজবুলি, ব্ৰজবোল আৰু অসমীয়াত ব্ৰজাৱলী ভাষা বোলে।
ঘ) ব্ৰজাৱলী ভাষাৰ মূল ভেঁটি মৈথিলী।
ঙ) ইয়াৰ লগত ভোজপুৰী, নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্ৰণেৰে ঠাই বিশেষে এটা স্বতন্ত্ৰ ৰূপ লাভ কৰে।
চ) ব্ৰজাৱলী ভাষাটো শক্তিশালী হোৱাৰ উপৰি প্ৰচুৰ স্বৰধ্বনিৰ প্ৰায়োগ হোৱাৰ বাবে শ্ৰুতি মধুৰ।
মইনাহঁত দশম শ্ৰেণীৰ পৰীক্ষাত এনে ধৰণৰ প্ৰশ্ন আহিব পাৰে।তোমালোকে পঢ়িবা বুলি আশা ৰাখিলোঁ।
জ্যোতিস্মিতা গোস্বামী শৰ্মা