বৰকৈ আমনি কৰে – বাহাৰুল ইছলাম 

বৰকৈ আমনি কৰে

বাহাৰুল ইছলাম 

এপাহ ফুলে মোক বাৰুকৈয়ে আমনি কৰে
কেতিয়াবা হাঁহে কেতিয়াবা কান্দে
আন কেতিয়াবা মোক জুমি চায়
কথা পাতে ফুচফুচাই
নিশাও লগ নেৰে
টোপনিৰ ভাঁজে ভাঁজে ভ্ৰমি ফুৰে
বুকুত ঢালে একাঁজুলি মৰম
সেইবোৰৰ তীব্ৰ প্ৰৱণতাত ভূইকঁপৰ সৃষ্টি হয়
হৃদয় উপত্যকাত।

ঢলপুৱাতে মোক বিছনা এৰায়
সতেজ বতাহ জাকৰ ফাকে ফাকে দিয়ে
কিছু শব্দৰ গুটি
সেইবোৰৰ মালা গাঁথি পাওঁ
কিছু কবিতাৰ পংক্তি।

সঁচাকৈয়ে ফুলপাহে বৰকৈ আমনি কৰে
সুখ-দুখৰ অভিধান এখন কঢ়িয়াই আনে
য’ত পোৱা যায়
জীৱন-যৌৱনৰ খৰস্ৰোতা নৈবোৰ
যিবোৰ শুকাই-খিনাই ঘনে ঘনে
দি যায় জী থকাৰ আচল মাদকতা
এখন শইচ সম্ভৱা পথাৰৰ সেউজীয়া গোন্ধ
অনায়াসে পাওঁ
ইহজগত-পৰজগতৰ হাঁহি-কান্দোন।

নিতৌ আমনি কৰে সি
কেতিয়াবা মোৰ খৰাং বুকুত ঢালি দিয়ে
এসাগৰ নান্দনিক মন্ত্ৰ
আনন্দত আত্মহাৰা হওঁ দুয়ো
আগবাঢ়ি যাওঁ
সন্মুখত দেখা পাওঁ শোকৰ ছাঁ
ক্ষণিকতে দুয়ো
বিষাদৰ ৰস পান কৰোঁ একেলগে
তাৰে মোৰে ভিন্নতা নাই আজিকালি
সঁচাকৈয়ে ফুলপাহে বৰকৈ আমনি কৰে।