ব্ৰিটিছ উচ্চ সংসদৰ  গুৰুত্বপূৰ্ণ পদবীত অসমীয়া নাৰী : আয়েছা ইউচুফ হাজৰিকা – নাছিৰ আহমেদ

ব্ৰিটিছ উচ্চ সংসদৰ  গুৰুত্বপূৰ্ণ পদবীত অসমীয়া নাৰী : আয়েছা ইউচুফ হাজৰিকা
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
অসমীয়া মুছলমানৰ বংশোদ্ভূত আয়েছা ইউচুফ হাজৰিকাই ১৯৭৫ চনৰ ১৫ ডিচেম্বৰত স্কটলেণ্ডৰ বেলশ্বিলত জন্ম গ্ৰহণ কৰি  ক’টব্ৰীজত লালিত পালিত হোৱা বৰ্তমান ৫০ বছৰীয়া আয়েছা ইউচুফ  হাজৰিকাই প্ৰথম গৰাকী ব্ৰিটিছ ভাৰতীয় হিচাপে যোৱা ২০২৪ চনৰ  ৯ মেত  ব্ৰিটেইনৰ লণ্ডনৰ ৱেষ্টমিনিষ্টাৰৰ উচ্চ সদনৰ (House of Lords) সদস্য পদ লাভ কৰি লেবাৰ পাৰ্টীৰ স্কটিছ ৰাজনৈতিক ভাষ্যকাৰ , ৰেডিঅ’ সম্প্ৰচাৰক আৰু ক’টব্ৰীজৰ বেৰোনেছ   হিচাপে নিৰ্বাচিত হৈ  সমগ্ৰ ভাৰতবৰ্ষ তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনে। উচ্চ সদনত আসন গ্ৰহণ কৰাৰ লগে লগে আয়েছা ইউচুফ হাজৰিকাৰ নতুন পৰিচয় হ’ল,” বেৰনেছ হাজৰিকা অৱ ক’টব্ৰীজ” ( Baroness Hazarika of Coatbridge) আয়েছা ইউচুফ হাজৰিকাৰ পিতৃ ডাঃ লিয়াকত আছিল লখিমপুৰৰ  কমলা বাৰীৰ বাসিন্দা। তেওঁ ১৯৬০ চনত স্কটলেণ্ডৰ গ্লাছগো’ চহৰত গৈ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ লৈ চিকিৎসক হিচাপে জীৱন নিৰ্বাহ আৰম্ভ  কৰিছিল। আয়েছা ইউসুফ হাজৰিকাৰ ককাদেউতাক লখিমপুৰৰ বি কে ৰোডৰ প্ৰয়াত ইউচুফ হাজৰিকা আছিল লখিমপুৰ পৌৰ বোৰ্ডৰ এগৰাকী প্ৰখ্যাত অধিবক্তা আৰু অধ্যক্ষ।
আয়েছা ইউচুফ হাজৰিকাই গ্লাছগো’ৰ অল -গাৰ্লছ স্কুল, লৰেল বেংকত শিক্ষা লাভ কৰি ইউনিভাৰ্ছিটি অফ হুলৰ  পৰা আইন বিভাগত অধ্যয়ন কৰিছিল। তাৰোপৰি তেওঁ সাংবাদিকতাৰ লগতো জড়িত হৈ পৰিছিল। সৰুৰে পৰা আয়েছা ইউচুফ হাজৰিকা আছিল অত্যন্ত তীক্ষ্ণ বুদ্ধি-সম্পন্ন আৰু তেওঁ স্বাধীন চিন্তাৰ প্ৰতিভূ হিচাপে খ্যাতি অৰ্জন কৰি   ৰাজনীতিৰ সৈতে প্ৰত্যক্ষ ভাবে জড়িত হৈ পৰিছিল।
২০০৭ চনৰ পৰা ২০১৫ চনলৈকে আয়েছা ইউচুফ হাজৰিকাই ২০১০ আৰু ২০১৫ চনৰ সাধাৰণ নিৰ্বাচনত হ্যাৰিয়েট হাৰম্যান আৰু এড মিলিব্যাণ্ডৰ সহ বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ সৈতে ৰাজনৈতিক উপদেষ্টা পদত অধিষ্ঠিত হৈছিল।২০১৫ চনৰ ‌সাধাৰণ নিৰ্বাচনৰ পিছত তেওঁ আগবঢ়োৱা ৰাজনৈতিক সেৱাৰ বাবে আয়েছা ইউচুফ হাজৰিকা ২০১৬ চনৰ নৱবৰ্ষৰ দিনা যি অৰ্ডাৰ অৱ দা ব্ৰিটিছ এম্পায়াৰ ( এম বি ই) সদস্য পদত অধিষ্ঠিত হয়।২০১৮ চনত আয়েছা ইউচুফ হাজৰিকাই লেবাৰ পাৰ্টীৰ বক্তৃতা লেখক তথা বিশিষ্ট উপদেষ্টা হ্যামিলটেনৰ সৈতে প্যাঞ্চ এণ্ড জুডি পলিটিক্স এন ইনছাইডাৰ গাইডছ টু প্ৰাইম মিনিষ্টাৰছ কুইচ্ছন (Punch and Judy politics: An insiders Guides to Prime minister’s questions সতীৰ্থ হিচাপে  কিতাপৰ লেখক হিচাপে পৰিচিতি লাভ কৰে। বাণিজ্য আৰু শিল্প বিভাগত প্ৰেছ বিষয়া হিচাপে কাম কৰাৰ সময়ত ” দি স্কটছমেন ( The Scotsmen) , লণ্ডন ইভিনিং ষ্টেণ্ডাৰ্ডাৰডছ(London Evening Standards,গ্ৰেজিয়া হয় (Gradia) আৰু অন্যান্য ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিয়মীয়া স্তম্ভ লেখক , বি বি চি ৰ এণ্ড্ৰু মাৰ শ্ব’ নিউজ নাইট , স্কাই নিউজ গুড নাইট ব্ৰিটেইন এলবিচি আৰু চি এন এন ইন্টাৰনেছনেলকে ধৰি টেলিভিছন আৰু ৰেডিঅ’ৰ লগত জড়িত আছিল আয়েছা আছিল নিউজ কুইজ, বি বি চি ৰেডিঅ’, স্কটলেণ্ডৰ ব্ৰেকিং ডি নিউজ আৰু পেনেল শ্ব’ৰ চিনাকি মুখ আৰু কণ্ঠস্বৰ। এগৰাকী কমেডিয়ান হিচাপেও আয়েছা ইউচুফ হাজৰিকাই অভিনয় পাৰদৰ্শিতা প্ৰদৰ্শন কৰি খ্যাতি অৰ্জন কৰিছিল। ২০০৩ চনত ” ছো ইউ আৰ থিংক ইউ আৰ ফানি, So you are think you are funny) কমেডি নাটকত অভিনয় কৰি আয়েছা ইউচুফ হাজৰিকাই চেনেল -৪ ষ্টেণ্ড আপ কমেডি প্ৰতিযোগিতাত ছেমি ফাইনেলিষ্ট হৈছিল। ২০০৭ চনত ৰাজনৈতিক উপদেষ্টা হিচাপে নিযুক্তি লাভ কৰাৰ বাবে তেওঁ এই সাংস্কৃতিক অনুষ্ঠানৰ পৰা আঁতৰি থাকিব লগা হৈছিল। আকৌ ২০১৬ চনত আয়েছা ইউচুফ হাজৰিকাই ষ্টেণ্ড আপ কমেডি লৈ উভতি আহি এডিনবাৰ্গ ফেষ্টিভেল ছ্ৰিঞ্জত (Edinburg Festival Srings) এটি শ্ব’ কৰে। ২০১৭ চনত এডিনবাৰ্গত এটি নতুন শ্ব’ ” ষ্টেট অৱ দা নেশ্বন (State of the Nation),২০১৮ চনত ইয়ান হিশ্বলপৰ সতীৰ্থ হিচাপে হ্যাব আই গত নিউজ ফৰ ইউ (Have I got news for you) ছিৰিছৰ ৫৬ পৰ্ব – ১০ত হাজিৰ হয় ।” লক ডাউন” ছিৰিছৰ সময়ত অৰ্থাৎ ২০২০ চনত এটি নতুন ভূমিকাত অৱতীৰ্ণ হৈছিল।২০১৯ চনৰ জানুৱাৰী মাহত আলমা মেটাৰ হাল বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট সন্মানেৰে সন্মানিত হয়। ২০২০ চনৰ মে মাহত তেওঁ ” লকডাউন” ছিৰিছৰ সময়ত এটি নতুন ভূমিকাত অৱতীৰ্ণ হৈছিল। ২০২০ চনৰ জুন মাহত আয়েছা ইউচুফ হাজৰিকাই টাইমছ ৰেডিঅ’ ডিজিটেল ৰেডিঅ’ স্টেছনৰ লঞ্চ উপস্থাপকৰ এজন, শনিবাৰে আৰু দেওবাৰে ড্ৰাইভটাইম শ্ব’ কৰে। আৰু শেহতীয়াকৈ তেওঁ ২০২৪ চনৰ ৯ মেত উচ্চ সদনৰ মাননীয় সদস্য হিচাপে নিৰ্বাচিত হয়।
মুঠতে, আয়েছা ইউচুফ হাজৰিকা হ’ল এগৰাকী অধিবক্তা, লেবাৰ পাৰ্টীৰ প্ৰাক্তন ৰাজনৈতিক উপদেষ্টা তথা জাৰ্নেলিষ্ট, ব্ৰড কাষ্টাৰ আৰু ষ্টেণ্ড আপ কমেডিয়ান।   ভাৰতৰ প্ৰতি গৰাকী মানুহে অসমীয়া মুছলমান বংশোদ্ভূত স্কটলেণ্ডৰ ক’টব্ৰীজৰ বেৰোনেছ আয়েছা ইউচুফ হাজৰিকাৰ এই মহা কৃতিত্বত  গৌৰৱ অনুভৱ কৰিছে। প্ৰতি গৰাকী ভাৰতীয় নাৰীৰ বাবে আয়েছা ইউচুফ হাজৰিকা অনুপ্ৰেৰণাৰ উঃস স্বৰূপ হৈ ইতিহাসৰ পৃষ্ঠাত চিৰদিন জিলিকি থাকিব ; বিশেষকৈ ধৰ্মীয় গোড়ামীৰ চাপত পৰি অসমীয়া মুছলমান নাৰীসকলে বাল্য বিবাহ বা সম্পূৰ্ণ ৰূপে শিক্ষা গ্ৰহণ নকৰি বিবাহ পাশত আবদ্ধ হোৱাৰ বিপৰীতে আয়েছা ইউচুফ হাজৰিকাৰ কৰ্ম-ৰাজি আৰু জীৱন শৈলীৰ দ্বাৰা প্ৰভাৱান্বিত হৈ পৰিয়াল তথা সমাজৰ বাধা বিঘিনি অতিক্ৰম কৰি উচ্চ শিক্ষাৰে শিক্ষিত হৈ স্বাধীনচিতীয়া ভাবে নিজৰ ভৰিত থিয় হোৱাৰ বাবে  সাহসকণ লাভ কৰিব।