ব্ৰিটিছৰ আইনী ব্যৱস্থাৰ অৱসানঃ ১ জুলাইৰ পৰা দেশত কাৰ্যকৰী হ’ব নতুন অপৰাধ আইন

ব্ৰিটিছৰ আইনী ব্যৱস্থাৰ অৱসানঃ ১ জুলাইৰ পৰা দেশত কাৰ্যকৰী হ’ব নতুন অপৰাধ আইন

ৰঙিলী বাৰ্ত্তাসেৱা-  ব্ৰিটিছ আমোলৰ আইনী ব্যৱস্থাৰ সংস্কাৰ ঘটাই কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনি অপৰাধ আইন অহা ১ জুলাইৰ পৰা বলৱৎ হ’ব। কেন্দ্রীয় গৃহ মন্ত্রণালয়ে আনুষ্ঠানিক অধিসূচনা জাৰি কৰি দেশৰ আইনী ব্যৱস্থাৰ বৃহত্তম সংস্কাৰ তিনি অপৰাধ আইন বলবৎ হোৱাৰ দিন ঘোষণা কৰিলে। কেন্দ্ৰীয় চৰকাৰৰ তিনি অপৰাধ আইনে বিলুপ্তি ঘটাব ব্ৰিটিছ আমোলৰ প্ৰচলিত ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী প্ৰক্ৰিয়াবিধি আৰু সাক্ষ্য আইনৰ। গোচৰৰ তদন্ত-বিচাৰ প্রক্রিয়া ক্ষিপ্ৰতৰ কৰি ভুক্তভোগীক ন্যায় প্ৰদানৰ যুগান্তকাৰী পদক্ষেপ তিনি অপৰাধ আইন। এই তিনি অপৰাধ আইন হৈছে ভাৰতীয় ন্যায় (দ্বিতীয়) সংহিতা ২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা (দ্বিতীয়) সংহিতা ২০২৩ আৰু ভাৰতীয় সাক্ষ্য (দ্বিতীয়) অধিনিয়ম ২০২৩। বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে ব্রিটিছশাসিত আইনৰ বিলুপ্তি ঘটাই দেশত ইতিহাস সৃষ্টিৰে নতুন আইন বলৱতৰ লক্ষ্যৰে সংসদৰ শীতকালীন অধিবেশনত দুয়ো সদনত ২০২৩ চনৰ ২১ ডিচেম্বৰত তিনি বিধেয়ক গৃহীত কৰা হৈছিল। সেই বিধেয়কত ২৫ ডিচেম্বৰত ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে স্বাক্ষৰ কৰাৰ লগে লগে স্বাধীন ভাৰতৰ আইনী ব্যৱস্থাত যুগান্তকাৰী পদক্ষেপ হিচাপে তিনি অপৰাধ আইন প্রণয়ন হ’ল। লোকসভা নির্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে এই তিনি আইন ১ জুলাইৰ পৰা বলৱতৰ সিদ্ধান্ত অধিসূচনাযোগে জাৰি কৰি ব্রিটিছ আমোলৰ ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী প্রক্রিয়াবিধি আৰু ভাৰতীয় সাক্ষ্য আইন ১৮৭২ৰ অৱসান ঘটালে।  কেন্দ্ৰীয় চৰকাৰে ১ জুলাইৰ পৰা বলবৎ হ’বলগীয়া তিনি অপৰাধ আইনৰ ভাৰতীয় ন্যায় সংহিতাৰ পৰা ‘হিট এণ্ড ৰান’ গোচৰৰ ব্যৱস্থাটো স্থগিত কৰি ৰাখিছে। ভাৰতীয় দণ্ডবিধিক আঁতৰাই নতুনকৈ প্রণয়ন কৰা ভাৰতীয় ন্যায় সংহিতাত কেইবাটাও ধাৰা সালসলনি কৰা হৈছে। ভাৰতীয় দণ্ডবিধি (আইপিচি)ৰ ধাৰা ৩০২ৰ অধীনত হত্যাৰ কাৰণে শাস্তিৰ ব্যৱস্থা আছিল যদিও ভাৰতীয় ন্যায় সংহিতা তথা নতুন আইনখনত ১০১ ধাৰাৰ অধীনত পৰিব। ঠিক তেনেদৰে আইপিচিৰ ধাৰা ৪২০ প্ৰৱঞ্চনাৰ অভিযোগৰ আছিল। কিন্তু নতুন আইন মতে, অর্থাৎ ভাৰতীয় ন্যায় সংহিতাৰ ৩১৬ ধাৰাৰ অধীনত পৰিব প্ৰৱঞ্চনাৰ অভিযোগ। আইপিচিৰ ১৪৪ ধাৰাৰ সলনি নতুন আইনত ধাৰা ১৮৭ হ’ব। চৰকাৰৰ বিৰুদ্ধে যুদ্ধৰ ঘোষণাৰ আইপিচিৰ ১২১ ধাৰাৰ সলনি নতুন আইনখনত ধাৰা ১৪৬ হ’ব। আনপিনে ৰাষ্ট্রদ্রোহৰ সৈতে মোকাবিলা কৰিবৰ বাবে প্রণয়ন হৈ থকা আইপিচিব ১২৪-এ ধাৰা বৰ্তমান নতুন আইনখনত ধাৰা ১৫০ হিচাপে জনা যাব।