ব্ৰাজিলত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা

ব্ৰাজিলত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা-  পুনৰ আন এক বিমান দুৰ্ঘটনা । ব্ৰাজিলত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা। চাও পাওলো চহৰৰ জনবসতিপূৰ্ণ অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয় এখন যাত্ৰীবাহী বিমান।ব্রাজিলৰ আঞ্চলিক বিমান সংস্থাৰ তথ্য অনুসৰি বিমানখনত ৫৭ জন যাত্রী আৰু চাৰিজন ক্রু মেম্বাৰে মুঠ ৬১গৰাকী লোক আছিল। বিষয়াসকলে জনোৱা মতে, বিমানখনে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাটোৰ ফলত স্থানীয় কনড’মিনিয়াম কমপ্লেক্সৰ এটা আৱাস ক্ষতিগ্রস্ত হোৱাৰ বিপৰীতে কোনো বাসিন্দা হতাহত হোৱা নাই। দুটা ইঞ্জিনযুক্ত বিমানখন পাৰানা ৰাজ্যৰ কাস্কাভেলৰ পৰা চাও পাওলো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অভিমুখে ৰাওনা হৈছিল।