ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটিৰ সভা
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ সাওকুছিস্থিত এনইএফ কলেজৰ প্ৰেক্ষাগৃহত ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটিৰ এখন সভা অনুষ্ঠিত হৈ যায়। গণ অধিকাৰ কাকতৰ পৰিচালন সঞ্চালক চাহজাহান তালুকদাৰে আঁতধৰা আৰু চিভিল ছ’চাইটিৰ স্থায়ী সভাপতি ড° আতোৱাৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত ড° জাকিৰ হুছেইন,ড° ৰেজাউল কৰিম,ড° আব্দুল ৱাদুদ, অৱসৰপ্ৰাপ্ত এচিএছ বিষয়া আব্দুল ৰহিম শ্বেখ, অৱসৰপ্ৰাপ্ত ইঞ্জিনিয়াৰ আব্দুল কায়ুম সহ অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ অৱসৰপ্ৰাপ্ত উচ্চপদস্হ বিষয়া, অধিবক্তা তথা সমাজকৰ্মীকে ধৰি প্ৰায় ৮০ জনমান লোক উপস্থিত আছিল। বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ প্ৰসাৰ বৃদ্ধিকে ধৰি অন্যান্য সা-সুবিধাৰ অৰ্থে তথা যোগাযোগৰ অন্যতম মাধ্যম হিচাপে গুৱাহাটীত এটা কমিউনিটী হল নিৰ্মাণৰ বাবে পদক্ষেপ লোৱাৰ সন্দৰ্ভত আলোচনা হয়। প্ৰায় তিনি বছৰ আগৰে পৰাই এই পদক্ষেপৰ বাবে যো-জা চলাই আছিল যদিও চৰকাৰী নীতি নিয়ম তথা প্ৰয়োজনীয় নথিপত্ৰ সাজু কৰাৰ বাবে কিছু পলম হ’ল বুলি সভাত জানিবলৈ দিয়ে। প্ৰয়োজনীয় ভূমি ইতিমধ্যেই ঠিক কৰা হৈছে। অত্যাধুনিক তথা উন্নতমানত নিৰ্মাণ হ’বলগা এই কমিউনিটী হলৰ বাবে বাজেট নিৰ্ধাৰণ কৰা হৈছে প্ৰায় ৪০ কোটি টকা। এই টকা সংগ্ৰহ কৰা হ’ব অসমৰ জনগণৰ পৰা।সভাত ১০০,২০০,৫০০ আৰু ১০০০ টকীয়া QR Code সন্নিৱিষ্ট কুপন আনুস্থানিকভাৱে উন্মোচন কৰা হয়। মহৎ উদ্দেশ্যৰে নিৰ্মাণ হ’বলগা অনুষ্ঠানটিৰ বাবে অসমৰ চোকে কোনে থকা সকলো মানুহৰ ওচৰলৈ ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটিয়ে দান বৰঙণি বিচাৰি যাব বুলি জানিবলৈ দিয়ে। ৰাইজৰ পৰা পোৱা অৰ্থ সম্পূৰ্ণ সততাৰে কামত খতুৱা হ’ব বুলি জনায়।সভাত দক্ষিণ গাঁও সাওকুছি কনকলতা পথত ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটিৰ অস্থায়ী কাৰ্য্যালয় মুকলি কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° আতোৱাৰ ৰহমানে ফিটা কাটি মুকলি কৰে।