ব্ৰহ্মপুত্ৰৰ সুঁতিত দলং নিৰ্মাণ কৰি দেৰগাঁৱৰ পৰা সংযোগ কৰক শিকলি চাপৰিক

ব্ৰহ্মপুত্ৰৰ সুঁতিত দলং নিৰ্মাণ কৰি দেৰগাঁৱৰ পৰা সংযোগ কৰক শিকলি চাপৰিক

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মণিকাঞ্চন পুনৰুজ্জীৱিত ক্ষেত্ৰৰ প্ৰথম প্ৰতিষ্ঠা দিৱসৰ দ্বিতীয় দিনত পাঁচশগৰাকী মহিলাৰ দিহানামত মুখৰ হৈ পৰে মণিকাঞ্চন মিলন ক্ষেত্ৰ। দ্বিতীয় দিনৰ উল্লেখযোগ্য কাৰ্যসূচী মহিলাৰ দিহানাম প্ৰতিযোগিতাৰ আৰম্ভণিতে প্ৰতিযোগী দল সমূহে সমবেতভাৱে এটি দিহানাম পৰিৱেশন কৰে। দিহানামৰ এই কাৰ্যসূচী উদ্বোধন কৰে আঁহতগুৰি সন্মিলন, মৰঙি সমিতিৰ সহকাৰী সম্পাদক, শিক্ষক হৰি বৰমূদৈয়ে। ইয়াৰ পূৰ্বে ১১ বজাৰ পৰা হোৱা এখন মুকলিসভাত এটি আদৰণি কাৰ্যসূচীৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। আঁহতগুৰি সন্মিলন, গুৱাহাটী সমিতিৰ দ্বাৰা সভাপতি তোলন চন্দ্ৰ বৰাই মাজুলীৰ সাহিত্য আৰু মূল সমিতিৰ পৰামৰ্শ ভিত্তিত অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আৰু প্ৰকল্পৰ বিষয়ত মাজুলীৰ সাহিত্য সভাপতি কমল দত্তই সভাত পাঠ কৰে । দাবীযুক্ত প্ৰকল্প অনুসৰি দেৰগাঁৱৰ পৰা শিকলি চাপৰিক পোনপটীয়া সংযোগ কৰি চৰাই চাপৰিৰ পৰা পথ আৰু ব্ৰহ্মপুত্ৰৰ উপ সুঁতিত দলং নিৰ্মাণৰ দাবী জনোৱা হৈছে। লগতে পুনৰুজ্জীৱিত হৈ উঠা মাজুলীৰ আদি স্থানৰ মিলন ক্ষেত্ৰৰ নামঘৰ, গোসাঁইৰ ঘৰখন আৰু ভকতৰ বহা নিৰ্মাণৰ এক প্ৰকল্প দাখিল কৰে। ৰূপচন্দ্ৰ গোস্বামীৰ সভাপতিত্বত হোৱা সভাখনে উক্ত প্ৰস্তাৱ জয়ধ্বনীৰে সমৰ্থন জনাই দৃঢ় পদক্ষেপ ল’ৱলৈ মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান জনায়। আগদিনা সন্ধিয়াৰ পৰা অব্যাহত থকা ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান ১০-৩০ সামৰণি পৰে। সামৰণিৰ পিছতেই থান পৰিচালনা আৰু উন্নয়ন সমিতি আৰু ভাগৱত পাঠ পৰিচালনা সমিতিৰ পৰা এক আদৰণি কাৰ্যসূচীত মাজুলীৰ সাহিত্যৰ সভাপতি, সম্পাদক আৰু মাজুলীৰ পৰা যোৱা যুগল ভূঞাক সম্বৰ্ধনা জনোৱা লগতে ভাগৱত পাঠ আৰু প্ৰতিষ্ঠা দিৱসত সহায় সহযোগ কৰা বিভিন্ন গৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে অনিল ভূঞা আৰু ভৱেন ফুকনৰ নেতৃত্বত। সভাত ৰূপচন্দ্ৰ গোস্বামীয়ে এক গাম্ভীৰ্যপূৰ্ণ ভাষণ প্ৰদান কৰে।