ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ তৃতীয়টো মৃতদেহ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীৰ খাৰঘুলি-জয়পুৰ ব্ৰহ্মপুত্ৰ ঘাটত ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হোৱা ৫জন কৃষ্ণভক্তৰ আন এজনৰ মৃতদেহ উদ্ধাৰ হয়।হাৰিয়ানাৰ গুৰগাঁও (গুৰগ্ৰাম) নিৱাসী সাগৰ গৌতমৰ মৃতদেহ আজি এনডিআৰএফৰ দলে জাইকাৰ ICA ৱাটাৰ প্ৰজেক্টৰ ইনটেক প্লাণ্টৰ ওচৰত উদ্ধাৰ কৰে। পিছত মৃতদেহটো উজান বজাৰ নদীঘাটলৈ অনা হয়। জানিব পৰা মতে, বুধবাৰে পুৱা প্ৰায় ৮ বজাত খাৰঘুলিৰ পানী টেংকীৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ পাৰত ওপঙি থকা অৱস্থাত স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি লতাশিল আৰক্ষীক খবৰ দিয়ে । এই খবৰৰ ভিত্তিত যথাস্থানত উপস্থিত হৈ এন ডি আৰ এফ আৰু এছ ডি আৰ এফে অভিযান চলাই উদ্ধাৰ কৰে মৃতদেহটো । উদ্ধাৰ হোৱা মৃতদেহটো পৰিয়ালৰ লোকে আৰু ভক্তি কুটীৰ মন্দিৰ কৰ্তৃপক্ষই দিল্লীৰ গুৰগাঁৱৰ সাগৰ গৌতম বুলি চিনাক্তকৰণ কৰিছে । উল্লেখযোগ্য যে ১০ ডিচেম্বৰৰ পুৱা খাৰঘুলি নদীঘাটত স্নান কৰিবলৈ ব্ৰহ্মপুত্ৰত নামি পৰাৰ পিছতে শক্তিশালী সোঁতত উটি গৈছিল পাঁচজন ব্যক্তি। ইয়াৰ পূৰ্বে উদ্ধাৰকাৰী দলে বঙাইগাঁও নিৱাসী ৰণক চাদক আৰু বিশ্বনাথ চাৰিআলিৰ প্ৰদীপ ৰায়ৰ মৃতদেহ উদ্ধাৰ কৰিছিল। এতিয়াও বিশ্বনাথ চাৰিআলিৰ উপেশ কুমাৰ আৰু গুৱাহাটীৰ উজান বজাৰৰ অভিজিত সন্ধানহীন হৈ আছে। দুয়োজনক জীৱিত অৱস্থাত উদ্ধাৰ হোৱাৰ আশাও ক্ৰমাৎ ক্ষীণ হৈ আহিছে। তাৰ পিছতো এনডিআৰএফ আৰু এছডিআৰএফৰ ডুবাৰু দলৰ দ্বাৰা নিখোজ দুজনক উদ্ধাৰৰ অভিযান অব্যাহত আছে।
