ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ আৰম্ভ কৰিলে চীনে
ৰঙিলী বাৰ্ত্তাসেৱা– শনিবাৰে চীনে অৰুণাচল প্ৰদেশৰ ভাৰত সীমান্তৰ সমীপৰ তিব্বতৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ১৬৭.৮ বিলিয়ন ডলাৰ ব্যয়সাপেক্ষ বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধৰ কাম আনুষ্ঠানিকভাবে আৰম্ভ কৰে। চৰকাৰী সংবাদ মাধ্যমৰ মতে, চীনৰ প্ৰধানমন্ত্ৰী লি কিয়াঙে স্থানীয়ভাৱে ইয়াৰলুং জাংবো নামেৰে জনাজাত নিয়িংচি চহৰৰ ব্ৰহ্মপুত্ৰ নদীৰ তলৰ অংশত এক ভূমি পূজন অনুষ্ঠানত বান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ কথা ঘোষণা কৰে।চীনৰ ৰাষ্ট্ৰচালিত সংবাদ সংস্থা ছিনহুয়াৰ বাতৰিত এই কথা প্রকাশ পাইছে। চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলৈ লোৱা বিশ্বৰ এই সর্ববৃহৎ বান্ধে ইয়াৰ নামনিত থকা ভাৰত আৰু বাংলাদেশত যথেষ্ট উদ্বেগৰ সৃষ্টি কৰিছে। এই প্রকল্পটোত পাঁচটা কেছকেড জলবিদ্যুৎ কেন্দ্ৰ অন্তৰ্ভুক্ত কৰা হ’ব। প্রকল্পটোত চীনৰ মুদ্ৰা অনুসৰি ব্যয় হ’ব ১.২ ট্রিলিয়ন য়ুৱান (প্রায় ১৬৭.৮ বিলিয়ন ডলাৰ)। ২০২৩ চনৰ এক প্রতিবেদন মতে, এই জলবিদ্যুৎ কেন্দ্ৰটোৱে বছৰি ৩০,০০০ কোটি কিল’ৱাট আৱাৰতকৈ অধিক বিদ্যুৎ উৎপাদন কৰিব। এই পৰিমাণৰ বিদ্যুৎ ৩০ কোটিতকৈ অধিক লোকৰ বছৰটোৰ বাবে প্রয়োজনীয় বিদ্যুতৰ চাহিদা পূৰাবলৈ যথেষ্ট। উল্লেখযোগ্য যে যোৱা বছৰ ডিচেম্বৰত এই প্রকল্পটোত চৰকাৰে অনুমোদন জনাইছিল। ভাৰতৰ অৰুণাচলৰ ফালে বৈ আহিবলৈ য়াৰলুং বা ব্ৰহ্মপুত্ৰই ইউ আখৰটোৰ দৰে এটা কেঁকুৰি ঘূৰা স্থানতে এক বৃহৎ গিৰিখাতত এই বান্ধটো নিৰ্মাণ কৰা হ’ব। আগৰ প্ৰতিবেদন মতে, এই বান্ধটো হ’ব বিশ্বৰ বৃহত্তম বান্ধ। বর্তমান বিশ্বৰ বৃহত্তম বান্ধ চীনৰ খ্ৰী গৰ্জেছতকৈ এইটো বৃহৎ হ’ব। এই বান্ধটোক লৈ ইতিমধ্যে ভাৰতত উদ্বেগ সৃষ্টি হৈছে। কাৰণ এই বান্ধে চীনক ব্ৰহ্মপুত্ৰৰ পানী নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা দিব। শত্রুতা বা যুদ্ধৰ সময়ত চীনে বৃহৎ পৰিমাণৰ পানী বোৱাই দি ভাৰত সৃষ্টি কৰিব পাৰিব বানৰ। আনহাতে পানী হ্রাস কৰি খৰাঙৰ সৃষ্টি কৰাৰ ক্ষমতাও চীনৰ থাকিব। অৱশ্যে, ভাৰতেও অৰুণাচলত ব্ৰহ্মপুত্ৰৰ ওপৰত এটা বান্ধ নিৰ্মাণ কৰি আছে।