ব্ৰহ্মপুত্ৰত দেশৰ প্ৰথম নদীভিত্তিক লাইটহাউছৰ আধাৰশিলা স্থাপন সোণোৱালৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতত অভ্যন্তৰীণ জলপথ পৰিবহণ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোনোৱালে বৃহস্পতিবাৰে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত চাৰিটা লাইটহাউছ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰে। এয়া দেশৰ অন্তর্দেশীয় জলপথত স্থাপন কৰা প্ৰথম নৈপৰীয়া লাইটহাউছৰ আন্তঃগাঁথনি হিচাপে পৰিগণিত হ’ব। এই উপলক্ষে বন্দৰ, জাহাজ জলপথ মন্ত্রালয়ৰ অধীনস্থ লাইটহাউছ আৰু লাইটশ্বিপ সঞ্চলকালয় (ডিজিএলএল) আৰু ভাৰতৰ আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ (আইডব্লিউএআই) ৰ যৌথ উদ্যোগত গুৱাহাটীৰ লাচিত ঘাটত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। লাইটহাউছ নিৰ্মাণ কৰিবলগীয়া স্থান চাৰিটা হ’ল- ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে ক্ৰমে ডিব্ৰুগড় জিলাৰ বগীবিল, কামৰূপ (মহানগৰ) জিলাৰ পাণ্ডু, নগাঁও জিলাৰ শিলঘাট আৰু উত্তৰ পাৰে বিশ্বনাথ ঘাট। যি ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ আভ্যন্তৰীণ মালবাহী আৰু যাত্রীবাহী জাহাজ কৰিড’ৰ ব্ৰহ্মপুত্ৰ (ৰাষ্ট্ৰীয় জলপথ-২)ৰ কৌশলগত স্থানত অৱস্থিত। চাৰিওটা লাইটহাউছৰ বাবে প্রকল্প ব্যয় প্রায় ৮৪ কোটি টকা ধাৰ্য কৰা হৈছে। প্রতিটো লাইটহাউছৰ ভৌগোলিক পৰিসৰ ১৪ নটিকেল মাইল আৰু ৮-১০ নটিকেল মাইলৰ আলোকময় পৰিসৰৰ সৈতে ২০ মিটাৰলৈ উচ্চতালৈ উঠিব, যিটো সম্পূৰ্ণৰূপে সৌৰশক্তিৰ দ্বাৰা চালিত হ’ব।নেভিগেচন আন্তঃগাঁথনিৰ সমান্তৰালভাৱে প্রতিটো স্থানতে সংগ্ৰহালয়, এম্ফিথিয়েটাৰ, কেফেটেৰিয়া, শিশুৰ খেলা ঠাই, কিতাপৰ বিপণী আৰু সু-সজ্জিত ৰাজহুৱা স্থান থাকিব। প্রতিটো লাইটহাউছে পৰ্যটনৰ উল্লেখযোগ্য আৰু এক কার্যক্ষম সামুদ্রিক সম্পদ হিচাপেও স্থান লাভ কৰিব। আইডব্লিউএআইৰ তথ্য মতে, ২০২৪-২৫ বিত্তীয় বর্ষত ব্রহ্মপুত্ৰ জলপথত সামগ্ৰীৰ পৰিবহণ ৫৩ শতাংশ বৃদ্ধি পোৱাৰ প্ৰত্যক্ষ সঁহাৰিৰ ভিত্তিতে ৰাষ্ট্ৰীয় ঘাইপথ-২৩ নৈপৰীয়া লাইটহাউছ আৰম্ভ কৰা হৈছে। ৰাষ্ট্ৰীয় জলপথ-২ত মালবাহী জাহাজ চলাচল ধাৰাবাহিকভাৱে বৃদ্ধি পাই আহিছে আৰু ব্ৰহ্মপুত্ৰ কৰিড’ৰ এতিয়া যাত্রী তথা পৰ্যটকৰ সমান্তৰালকৈ অসমৰ চাহ, কয়লা আৰু সাৰ উদ্যোগক সেৱা আগবঢ়োৱা সৰবৰাহ শৃংখলৰ অবিচ্ছেদ্য অংগ। নতুন লাইটহাউছসমূহে ২৪X৭ নিৰাপদ নেভিগেচন সুবিধা, বতৰ পৰ্যবেক্ষণ চেন্সৰৰ ব্যৱস্থা কৰাৰ লগতে নদীখনত মালবাহী আৰু যাত্রীবাহী জাহাজ চলাচলৰ বহনক্ষম বৃদ্ধিৰ বাবে প্রয়োজনীয় নেভিগেচন আন্তঃগাঁথনি প্রদান কৰিব। এই উপলক্ষে ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্রী সোণোৱালে কয়, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত আভ্যন্তৰীণ জলপথ কেৱল পথ আৰু ৰে’লপথৰ বিকল্প নহয়, বৰঞ্চ আমাৰ অৰ্থনীতিৰ চালিকা শক্তি হিচাপে শক্তিশালী আৰু সক্ষম কৰি তোলা হৈছে। জলপথেৰে সৰবৰাহ কৰা এক টন সামগ্ৰী স্থানান্তৰ কৰাত পথ পৰিবহণতকৈ বহু কম খৰচ হয়, নিচেই সামান্য কার্বন নির্গমন হয় আৰু যাত্ৰী আৰু সময় সংবেদনশীল সামগ্ৰীৰ বাবে আমাৰ ঘাই পথসমূহ মুক্ত কৰে। ব্ৰহ্মপুত্ৰৰ পাৰৰ এই লাইটহাউছ কেইটা এক আগ্ৰহৰ নিদৰ্শন।

যি ভাৰতৰ নদীসমূহ ২৪ ঘণ্টাই ব্যৱসায়ৰ বাবে মুকলি কৰি ৰাখিব।অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সোণোৱালে লগতে কয় যে ‘জল পৰিবহণে যথেষ্ট কম খৰচতে সুবিধা প্রদান কৰে। আভ্যন্তৰীণ জলপথৰ জৰিয়তে এক টন সামগ্ৰী পৰিবহণ কৰিলে পথ পৰিবহণৰ খৰচৰ প্ৰায় এক তৃতীয়াংশ আৰু ৰে’ল পৰিবহণৰ আধা খৰচ হয়। উত্তৰ-পূব ভাৰতৰ দৰে অঞ্চলৰ বাবে, য’ত যাতায়াত আৰু ভূখণ্ড দুয়োটাৰে বাবে পথৰ আন্তঃগাঁথনি অহৰহ চাপত থাকিবলগীয়াত পৰে, তেনেক্ষেত্ৰত ব্রহ্মপুত্রক বৃহৎ পৰিসৰৰ মালবাহী কৰিড’ৰ হিচাপে কাৰ্যকৰী কৰাটো বিকল্প নহয়, বৰঞ্চ এক প্রয়োজনীয়তা। উল্লেখ্য যে ২০২৫ চনৰ ৮ এপ্ৰিলত আইডব্লিউএআই আৰু ডিজিএলএলৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়, য’ত উক্ত চাৰিওটা স্থান সামৰি লোৱা হৈছিল। নেভিগেচনেল সাহায্যৰ বাবে কেন্দ্ৰীয় পৰামৰ্শদাতা সমিতিৰ সন্মুখত কাৰিকৰী প্ৰস্তাৱ দাখিল কৰাৰ পিছত ২০২৫ চনৰ জুন মাহত ব্যৱহাৰৰ অধিকাৰ চুক্তিৰ অধীনত স্থানসমূহ আনুষ্ঠানিকভাৱে ডিজিএলএললৈ হস্তান্তৰ কৰা হয়। ভূ-কাৰিকৰী অন্বেষণ, ভূ-প্রকৃতিৰ জৰীপ আৰু বিশদ ডিজাইনৰ পিছত প্ৰতিটো লাইটহাউছ চুক্তি প্ৰদানৰ ২৪ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা হৈছে। বন্দৰ, জাহাজ জলপথ মন্ত্রালয়ৰ অধীনস্থ লাইটহাউছ আৰু লাইটশ্বিপ সঞ্চলকালয় (ডিজিএলএল) হৈছে ভাৰতৰ ১১,০৯৮ কিলোমিটাৰ উপকূল আৰু এতিয়া ইয়াৰ অন্তৰ্দেশীয় জলপথৰ মাজেৰে যাতায়াতৰ বাবে সাহায্য প্ৰদানৰ বাবে বিধিগত প্ৰাধিকৰণ। ২০,০০০ কিলোমিটাৰতকৈও অধিক বিস্তৃত ভাৰতৰ আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে ভাৰতৰ ৰাষ্ট্ৰীয় জলপথৰ নেটৱৰ্ক প্ৰশাসন আৰু বিকাশ সাধন কৰাৰ লগতে আন্তঃগাঁথনি, টার্মিনেল আৰু নেভিগেচনেল সুবিধাসমূহ পৰিচালনা কৰে, যাতে দেশৰ নদী, বেকৱাটাৰ আৰু খালসমূহৰ মাজেৰে মালবাহী আৰু যাত্রীবাহী জাহাজ চলাচল কৰিব পাৰে। ২নং ৰাষ্ট্ৰীয় জলপথে ধুবুৰীক উজনি অসমৰ শদিয়াক সংযোগ কৰিছে। ৮৯১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই জলপথটো যিকোনো ভাৰতীয় জলপথৰ ভিতৰতে আটাইতকৈ দীঘলীয়া যাতায়াত কৰিব পৰা অংশ আৰু ই ভাৰতৰ উত্তৰ-পূবৰ সম্পূৰ্ণ মাজেৰে পাৰ হৈ গৈছে। এই চাৰিটা লাইটহাউছ দেশৰ আভ্যন্তৰীণ জলপথসমূহক দীর্ঘদিন ধৰি কাৰ্যকৰী হৈ অহা একেটা নেভিগেচনেল সুৰক্ষা আন্তঃগাঁথনিৰে সজ্জিত কৰাৰ বাবে বন্দৰ, জাহাজ-জলপথ মন্ত্ৰালয়ৰ এক অভিলাষী কাৰ্যক্ৰমৰ সূচনা ৰূপে চিহ্নিত হৈছে। আধাৰশিলা স্থাপন অনুষ্ঠানত ৰাজ্য চৰকাৰৰ পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, পৰিবহণ মন্ত্ৰী চৰণ বড়ো, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, পূব গুৱাহাটীৰ বিধায়ক সিদ্ধার্থ ভট্টাচাৰ্য, বন্দৰ, জাহাজ আৰু জলপথ মন্ত্রালয়ৰ সচিব বিজয় কুমাৰ আৰু ডিজিএলএলৰ সঞ্চলকপ্রধান এন মুৰুগানন্দমকে ধৰি একাংশ জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।
