ব্ৰহ্মপুত্ৰত চীনৰ বান্ধ প্রসংগত মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া

ব্ৰহ্মপুত্ৰত চীনৰ বান্ধ প্রসংগত মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া

ৰঙিলী বাৰ্ত্তাসেৱা-  তিব্বতত চীনে বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ বাবে চলোৱা প্রস্তুতিক লৈ শংকাৰ সৃষ্টি হৈছে উত্তৰ-পূবৰ। সমান্তৰালভাৱে চুবুৰীয়া চীনৰ এনে বৃহৎ নদীবান্ধে ব্ৰহ্মপুত্ৰৰ বাবেও নমাই আনিছে ভাবুকি। চীনৰ নদীবান্ধক লৈ সৃষ্টি হৈ থকা প্ৰতিক্ৰিয়াৰ মাজতে এই বিষয়টোক লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত  প্রতিক্রিয়া প্রকাশ কৰি কয়- ব্ৰহ্মপুত্ৰৰ ৭০ শতাংশ জলাধাৰ নিজস্ব। অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ পানীৰ ৭০ শতাংশ বৈ আহে ভূটান, অৰুণাচল আৰু অসমৰ বৰষুণসৃষ্ট বিভিন্ন জলধাৰৰ পৰা। এনে অৱস্থাত চীনৰ নদীবান্ধে ইতিবাচক আৰু নেতিবাচক দুয়োটা প্রভাৱ পেলোৱাৰ সম্ভাৱনা আছে। চীনে বান্ধৰ জৰিয়তে কম পৰিমাণৰ পানী এৰিলে উত্তৰ-পূবৰ জৈৱ-বৈচিত্র্যৰ ওপৰত বিৰূপ প্রভাৱ পেলাব। এয়া হৈছে নেতিবাচক দিশ। একে সময়তে নদীবান্ধৰ জৰিয়তে কম পানী এৰিলে বান পৰিস্থিতি নিয়ন্ত্রিত হোৱাটো ইতিবাচক দিশ। কিন্তু সমগ্র বিষয়টো কেন্দ্রীয় চৰকাৰে চীনৰ সৈতে আলোচনাৰ মাধ্যমেৰে সিদ্ধান্ত ল’ব। মই নিশ্চিত যে কেন্দ্রীয় চৰকাৰে ইতিমধ্যে বিষয়টোৰ ওপৰত গুৰুত্ব দিছে আৰু ইয়াক সঠিকভাৱে আগুৱাই নিব। কিন্তু এটা কথা স্পষ্ট যে ব্ৰহ্মপুত্ৰৰ পানী নির্দিষ্ট এটা উৎসৰ পৰা অহা নাই। তেনে ক্ষেত্ৰত ব্ৰহ্মপুত্ৰৰ দৰে নদী এখনৰ ওপৰত বৃহৎ প্ৰভাৱ পৰাৰ সম্ভাৱনা ক্ষীণ।