ব্ৰহ্মপুত্ৰত গা ধুৱলৈ গৈ কিশোৰ সন্ধানহীন
ৰঙিলী বাৰ্ত্তাসেৱা- ব্ৰহ্মপুত্ৰৰ শুক্লেশ্বৰ ঘাটত অঘটন । গা ধুৱলৈ গৈ এজন কিশোৰ সন্ধানহীন হৈছে । সন্ধানহীন হোৱা কিশোৰজন দশম শ্ৰেণীৰ ছাত্ৰ জাহিদ আহমেদ । নদী আৰক্ষী, SDRF বাহিনীৰ চলাইছে উদ্ধাৰ অভিযান । বৰ্তমানেও সন্ধান ওলোৱা নাই ছাত্ৰ জনৰ । শনিবাৰে আবেলি সংঘটিত হৈছিল এই দুৰ্ঘটনাটো । কালি ৰাতি হোৱাত ছাত্ৰজনক বিছাৰি অভিযান চলাব নোৱাৰিলে SDRF বাহিনীয়ে। দেওবাৰে পুৱাই পুনৰ চলিছে উদ্ধাৰ অভিযান ।