ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন ৫জন যুৱক

ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন ৫জন যুৱক

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন ৫ জনকৈ যুৱক। বুধবাৰে আবেলি সংঘটিত হয় এই ঘটনা। খাৰঘুলিৰ জয়পুৰত ব্ৰহ্মপুত্ৰত  গা ধুবলৈ নামিছিল ৯গৰাকী যুৱক। ইয়াৰে ৪গৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তাৰে দুগৰাকী যুৱকক উদ্ধাৰ কৰে নাৱৰীয়াই।খাৰঘুলিৰ ভক্তি কুটীৰ মন্দিৰলৈ গৈছিল যুৱককেইজন। NDRF আৰু আৰক্ষীৰ দলে উদ্ধাৰ অভিযান চলাই আছে ।পানীত নমা দুজন যুৱকৰ নাম উপেশ কুমাৰ আৰু উপেন কুমাৰ। তেওঁলোক দুয়োৰে ঠিকনা গুৱাহাটীৰ উলুবাৰীৰ ইস্কন মন্দিৰ। সম্প্ৰতি সন্ধানহীন অন্য যুৱককেইজনৰ সন্ধানত উদ্ধাৰ অভিযানত নামি পৰিছে NDRF আৰু আৰক্ষীৰ দল। উদ্ধাৰ হোৱা ৪ জন যুৱকক সোধা-পোছা আৰক্ষীৰ। আৰক্ষীৰ ওচৰত যুৱককেইজনৰ ভাষ্য অনুসৰি নদীৰ পাৰত ফল-মূল খাবলৈ, গা ধুবলৈ গৈছিল তেওঁলোক।দিল্লী,আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ যুৱকো আছিল নদীৰ পাৰলৈ যোৱা দলটোত। অষ্ট্ৰেলিয়াৰ প্ৰণৱ নায়াৰ এজন যুৱক আছিল এই দলটোত।সম্প্ৰতি সন্ধানহীন হৈ থকাসকলৰ ভিতৰত আছে বিশ্বনাথৰ প্ৰতাপ, গুৰগাঁৱৰ সাগৰ, গুৱাহাটীৰ অভিজিৎ, বঙাইগাঁৱৰ ৰণক ছাদক আৰু উপেশ কুমাৰ।