ব্ৰহ্মপুত্ৰত আৱদ্ধ হৈ থকা ১৩ জনমাছ মৰিয়াক সুকলমে উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ

ব্ৰহ্মপুত্ৰত আৱদ্ধ হৈ থকা ১৩ জনমাছ মৰিয়াক সুকলমে উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ বাগ্মীবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাষতে থকা অমৰাগুৰি গাঁৱৰ কেবাজনো যুৱকে টুলুঙা নাওৰে ব্ৰহ্মপুত্ৰ নৈত মাছ মাৰিবলৈ গৈছিল যোৱা ২৯ জুন তাৰিখে।ক্ৰমাগত ব্ৰহ্মপুত্ৰৰ বাঁঢ়নি পানী বৃদ্ধি হোৱাত টুলুঙা নাওখন আগুৱাই যাব নোৱাৰে আৰু পানীৰ প্ৰৱল সোঁতত মাজ নদীত আৱদ্ধ হৈ পৰে।মাছমৰীয়া সকলে পাৰলৈ আহিবৰ কাৰণে অবিৰাম চেষ্টা কৰে যদিও ব্ৰহ্মপুত্ৰৰ প্ৰৱল সোঁতত ভাগৰি যায়। মাছমৰীয়া সকলৰ বিপদে লগ নেৰা হৈছে।পৰিয়ালৰ লগত যোগাযোগ কৰিব পৰা একমাত্ৰ আহিলা আছিল মোবাইল ফোনটো অৱশেষত সেইটোৰে লগ এৰে।কাৰণ চাৰ্জ নোহোৱাৰ ফলত মোবাইল ফোনটো বিকল হোৱাত যোগাযোগ বিচ্ছিন্ন হৈ পৰে আৰু বেছি চিন্তিত হৈ পৰে মাছমৰীয়া সকল। পৰিয়ালৰ লগত যোগাযোগ হৈ আছিল আৰু পৰিয়ালৰ লগত কথাবতৰা হৈ থকাত যুৱক কেইজনক পৰিয়ালৰলোকে মনটোক সাহস দি আছিল পিছত একমাত্ৰ আহিলা মোবাইল ফোনৰো পৰিসমাপ্তি ঘটে। পৰিয়ালৰ লোকসকলে মোবাইল ফোন বন্ধ হৈ যোৱাত উপায়ন্তৰ হৈ প্ৰশাসনক অৱগত কৰে। তাৰ সমান্তৰালকৈ খোৱাঙ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে নিজৰ ফেচবুক পেজত এই ঘটনাৰ বিষয়ে আপলোড দিয়াত ঘটনাটো বেছিকৈ পোহৰলৈ আহে। ডিব্ৰুগড় প্ৰশাসনে এই ঘটনাৰ উমান পাই লগে লগে পৰিয়ালৰ লগত ঘটনাৰ বুজ লৈ এচ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনী তথা আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ লগত যোগাযোগ কৰাত ব্ৰহ্মপুত্ৰ নদীত অনুসন্ধান আৰম্ভ কৰে যদিও পানী বাঢ়ি থকাৰ বাবে অনুসন্ধান কৰিবলৈ সম্ভৱ নহ’ল। অৱশেষত আজি (২ জুলাই ) তাৰিখে পুৱাতে বায়ুসেনা বাহিনীৰ হেলিকপ্টাৰেৰে ডিব্ৰুগড়ৰ হাতিআলী (চৰ এলেকা)ত আৱদ্ধ হৈ থকা ১৩ জন লোকক সফলতাৰে উদ্ধাৰ কৰে ভাৰতীয় বায়ুসেনাই। উদ্ধাৰ কৰা মাছমৰীয়া দলটোৰ প্ৰতিগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত তেওঁলোক সুষ্ঠ আছে বুলি জানিব পৰা গৈছে। পৰিয়াল কেইটাৰ লোকে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু ভাৰতীয় বায়ুসেনাৰ সকলো বিষয়ববীয়া সকলৰ শলাগ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।