ব্রাজিলৰ ব্ৰিকছ সন্মিলনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী

ব্রাজিলৰ ব্ৰিকছ সন্মিলনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী

ৰঙিলী বাৰ্ত্তাসেৱা- ব্রাজিলতো পেহেলগাম নৰসংহাৰৰ প্ৰসংগৰে সন্ত্রাসবাদৰ পৃষ্ঠপোষক পাকিস্তানক আক্রমণৰ লক্ষ্য কৰি লয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। ব্রাজিলত আয়োজিত ব্রিকছ সন্মিলনত অংশগ্ৰহণ কৰা প্রধানমন্ত্রী মোদীয়ে সন্ত্রাসবাদক লৈ দুমুখীয়া নীতি গ্ৰহণ কৰা সন্ত্রাসবাদৰ পৃষ্ঠপোষক ৰাষ্ট্ৰ পাকিস্তানক কঠোৰ ভাষাৰে সমালোচনা কৰে। ভাষণত প্রধানমন্ত্রী মোদীয়ে সন্ত্রাসবাদক সমর্থনকাৰী চুবুৰীয়া ৰাষ্ট্ৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰি জম্মু-কাশ্মীৰৰ পেহেলগামত পাক সন্ত্রাসবাদীৰ আক্ৰমণক গৰিহণা দি ভাৰতৰ পক্ষত থিয় দিয়া দেশসমূহক ধন্যবাদ জ্ঞাপন কৰে। ব্ৰিকছ সন্মিলনত বিশ্বৰ নেতাসকলক পেহেলগামৰ প্ৰসংগ উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়-ভাৰত সন্ত্রাসবাদৰ বলি হৈছে, পাকিস্তান সন্ত্রাসবাদৰ সমৰ্থক। গতিকে বলি আৰু সমর্থকক একে শাৰীতে জুখিব নোৱাৰি। ব্যক্তিগত আৰু ৰাজনৈতিক লাভৰ বাবে যিসকলে সন্ত্রাসবাদ সম্প্ৰসাৰণত প্রাধান্য দি আছে তেওঁলোকে এই বিষয়ত গুৰুত্ব নিদিয়ে। সন্ত্রাসবাদক লৈ নীৰৱ ভূমিকা লোৱাটো গ্রহণযোগ্য হোৱা উচিত নহয়। পাকিস্তানে কিদৰে সীমান্তৰ সিপাৰৰ পৰা ভাৰতত সন্ত্রাসবাদী কাৰ্যকলাপ সংঘটিত কৰি আহিছে, সন্ত্রাসবাদী কার্যকলাপক উচটনি দি আহিছে তাৰ স্পষ্ট প্রমাণ ভাৰতে বাৰম্বাৰ দি আহিছে। ইয়াৰ পাছতো সন্ত্রাসবাদী ৰাষ্ট্ৰখনৰ বিৰুদ্ধে বিশ্ব নেতৃত্বই ঐক্যবদ্ধ হৈ কিয় ব্যৱস্থা গ্রহণ কৰা নাই তাক লৈও প্রশ্ন উত্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে। সন্ত্রাসবাদক লৈ গ্রহণ কৰাৰ বাবে বিশ্বৰ দক্ষিণাঞ্চল ক্ষতিগ্রস্ত হৈছে বুলিও কয় প্রধানমন্ত্রী মোদীয়ে। ব্রাজিলৰ ৰাজধানী ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত ব্ৰিকছ সন্মিলনত ৰিঅ’ ডি জেনেইৰ’ ঘোষণাপত্র প্রকাশ কৰি সন্ত্রাসবাদৰ যিকোনো কার্যকলাপক অপৰাধ আৰু অন্যায় বুলি উল্লেখ কৰে। এনেধৰণৰ সন্ত্রাসবাদী য’তেই নাথাকক, তাক নির্মূল কৰাটো প্রয়োজন আছে। লক্ষণীয় যে পাকিস্তানৰ নাম নোলোৱাকৈ ব্ৰিকছৰ ঘোষণা পত্রত কয়- জম্মু-কাশ্মীৰত ২০২৫ চনৰ ২২ এপ্ৰিলৰ সন্ত্রাসবাদী আক্রমণক কঠোৰ ভাষাৰে আমি গৰিহণা দিছোঁ। এই আক্রমণত ২৬জন নিৰীহ লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হৈছিল। সন্ত্রাসবাদৰ সকলো ৰূপৰ বিৰুদ্ধে আমি ঐক্যবদ্ধ হৈ যুঁজাৰ পুনৰবাৰ প্ৰতিশ্রুতিবদ্ধ হৈছোঁ। সীমান্তৰ সিপাৰৰ সন্ত্রাসবাদ, সন্ত্রাসবাদক বিত্তীয় যোগান আৰু সন্ত্রাসবাদৰ ৰম্যভূমিক উৎখাতৰ বাবে আমি যুঁজ দিম। ব্ৰিকছৰ প্ৰাৰম্ভিক সময়ত ব্রাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্রিকা সদস্য আছিল যদিও পাছলৈ ইজিপ্ত, ইথিঅ’পিয়া, ইৰান আৰু ইউএইক সংযুক্ত কৰা হয়। এইবাৰ ইণ্ডোনেছিয়াকো ব্ৰিকছৰ সৈতে সংলগ্ন কৰা হৈছে। সপ্তদশ ব্রিকছ সন্মিলনত ৰাছিয়া আৰু চীনৰ ৰাষ্ট্ৰপতিয়ে অংশগ্ৰহণ নকৰিলে। উল্লেখ্য যে ২০২৬ চনত ভাৰতে ব্ৰিকছ সম্মিলন আয়োজন কৰিব।