ব্যৱহাৰকাৰীৰ বাবে সুবিধাজনক ভােটাৰ পঞ্জীয়ন প্ৰ-পত্ৰৰ শুভ উদ্বোধন কৰিলে মুখ্য নির্বাচনী বিষয়াই 

ব্যৱহাৰকাৰীৰ বাবে সুবিধাজনক ভােটাৰ পঞ্জীয়ন প্ৰ-পত্ৰৰ শুভ উদ্বোধন কৰিলে মুখ্য নির্বাচনী বিষয়াই 

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়েয়ে আজি গুৱাহাটীত এক অনুষ্ঠানত দেশৰ নির্বাচন আয়ােগে ব্যৱহাৰকাৰীৰ সুবিধার্থে নতুনকৈ প্রস্তুত কৰি উলিওৱা ভােটাৰ পঞ্জীয়ন প্ৰ-পত্ৰসমূহৰ শুভ উদ্বোধন কৰে। গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণু প্রসাদ ৰাভা প্রেক্ষাগৃহত মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু কামৰূপ মহানগৰ নিবার্চনী জিলাৰ সহযােগত অনুষ্ঠিত এক ৰাজ্যিক পর্যায়ৰ অনুষ্ঠানত আজিৰে পৰা কাৰ্যকৰী হােৱাকৈ এই ভােটাৰ পঞ্জীয়ন প্ৰ-পত্ৰসমূহ উদ্বোধন কৰা হয়। উল্লেখ্য যে এই নতুন প্ৰ-পত্রযােগে ভােটাৰ তালিকাত নাম পঞ্জীয়নৰ বাবে আবেদনৰ সময়ত আধাৰ কাৰ্ডৰ সৱিশেষ দাখিলৰ ব্যৱস্থা থাকিব। ই ভােটাৰ পৰিচয় পত্ৰৰ সৈতে আধাৰ কার্ড সংযােগ কৰাৰ সুবিধা প্রদান কৰিব।  এই নতুন ভােটাৰ পঞ্জীয়ন প্ৰ-পত্ৰৰ শুভাৰম্ভ কৰি ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়েয়ে কয় যে ভাৰতৰ নিবার্চন আয়ােগে ভােটাৰ ৰাইজৰ সুবিধা হােৱাকৈ সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্রহণ কৰি আহিছে। এনে পদক্ষেপৰ অংশ হিচাবে ভােটাৰ তালিকাত ভােটাৰৰ নাম পঞ্জীয়নৰ সময়ত ব্যৱহাৰ হােৱা প্ৰপত্র সংশােধন কৰি তাত আবেদনকাৰীয়ে আধাৰ নম্বৰ উল্লেখ কৰিব পৰাৰ ব্যৱস্থা ৰখা হৈছে। ই ভােটাৰ তালিকাত এজন ভােটদাতা, এটা ভােটব্যৱস্থা অর্থাৎ ভােটাৰ তালিকাত এজন ভােটাৰৰ নাম যাতে একাধিকবাৰ অন্তর্ভুক্ত নহয়, সেয়া নিশ্চিত কৰিব। অৱশ্যে আধাৰ কাৰ্ডৰ সৱিশেষ প্রদান কৰা-নকৰাতাে সম্পূর্ণ স্বেচ্ছামূলক বুলি উল্লেখ কৰি আধাৰ কার্ড নথকা ভােটাৰসকলে বা আধাৰ কাৰ্ডৰ সৱিশেষ দিব নিবিচৰাসকলে ভােটাৰ পঞ্জীয়নত কোনাে অসুবিধাৰ সন্মুখীন নহয় বুলিও মুখ্য নির্বাচনী বিষয়া খাড়েয়ে উল্লেখ কৰে।। এই অনুষ্ঠানত তেওঁ অধিক সংখ্যক যুৱক-যুৱতীয়ে ভােটাৰ তালিকাত নাম অন্তর্ভুক্ত কৰাত সুবিধা হােৱাকৈ নির্বাচন আয়ােগে জনপ্রতিনিধিত্ব আইন আৰু ভােটাৰ পঞ্জীয়ন আইনত সংশােধন কৰি নাম পঞ্জীয়নৰ বাবে তিনিটা নতুন ভিত্তি তাৰিখ নিধাৰণ কৰিছে বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে পূর্বৰ বৰ্ষসমূহত নির্বাচন আয়ােগে ভােটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশােধনীৰ সময়ত ভিত্তি বৰ্ষৰ কেৱল জানুৱাৰীৰ দিনটোত ১৮ বছৰ সম্পূর্ণ হােৱাসকলকহে ভােটাৰ তালিকাত নাম পঞ্জীয়নৰ সুবিধা প্রদান কৰিছিল যদিও এতিয়াৰে পৰা ১ জানুৱাৰীৰ উপৰি ১ এপ্রিল, ১ জুলাই আৰু ১ অক্টোবৰত ১৮ বছৰ সম্পূৰ্ণ হােৱাসকলেও ভােটাৰ তালিকাত নাম পঞ্জীয়নৰ বাবে আবেদন জনাব পাৰিব বুলি উল্লেখ কৰে। ইয়াৰ ফলত ১৮ বছৰ সম্পূর্ণ নােহােৱাসকলেও আগতীয়াকৈ নাম পঞ্জীয়নৰ বাবে আবেদন কৰিব পাৰিব আৰু যােগ্যতা অর্জনৰ তাৰিখৰ পিছত তেওঁলােকক স্বয়ংক্রিয়ভাৱে ভােটাৰ ফটো পৰিচয় পত্র প্রদান কৰা হ’ব বুলিও নীতিন খাড়েয়ে উল্লেখ কৰে।  একেদৰে সভাত তেওঁ নির্বাচন আয়ােগে ছাভিচ ভােটাৰসকলৰ বাবে থকাপ’ষ্টেল বেলটৰ ক্ষেত্ৰতাে কিছু সাল সলনি কৰিছে বুলি উল্লেখ কৰেযুটীয়া মুখ্য নির্বাচনী বিষয়া লক্ষীনন্দন চহৰীয়া আৰু এমিলি বৰুৱাও উপস্থিত থকা আজিৰ অনুষ্ঠানত ই আৰ অ’,এ ই আৰ অ’, বি এল অ’, ছুপাৰভাইজাৰসকল আৰু বিভিন্ন শিক্ষানুষ্ঠাৰ ছাত্ৰছাত্ৰীসকল উপস্থিত থাকে।