ব্যতিক্ৰম মাছডো আৰু গুৱাহাটীত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ উদ্যোগত ৩ জুনত মঞ্চস্থ হব বাংলাদেশৰ দুখন নাটক
গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা- অহা ৩ জুন শনিবাৰে সন্ধিয়া ৫ বজাত ব্যতিক্ৰম মাছডো আৰু গুৱাহাটীত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ দ্বাৰা পাঞ্জাবাৰীস্থিত শ্ৰী শ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত বাংলাদেশৰ জনপ্ৰিয় নাট্যদল মেড থিয়েটাৰৰ দ্বিতীয় প্রযোজনাত দুখন জনপ্রিয় নাটক ‘অ্যান ফ্র্যাঙ্ক’ আৰু ৰবীন্দ্ৰনাথৰ ‘দ্বিতীয় বিজয়া’ মঞ্চস্থ হ’ব। এই সন্দৰ্ভত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৰুহুল আমিনে কয়, ‘আমি বিচাৰো যে আমাৰ শিল্প, সাহিত্য আৰু সংস্কৃতিৰ আদান-প্ৰদান অব্যাহত থাকক। কিছুদিন আগতে ব্যতিক্ৰমৰ উদ্যোগত ৰবীন্দ্ৰ জয়ন্তী উদযাপনত বাংলাদেশী শিল্পী শ্যামা ৰহমানে আহিছিল। তেওঁ ৰবীন্দ্ৰ সংগীত পৰিবেশন কৰি আমাক মনোৰঞ্জন কৰিছিল আৰু এইবাৰ আহি আছে মেড থিয়েটাৰ। আমি আশাবাদী যে শিল্প সাহিত্যৰ আদান-প্ৰদানৰ জৰিয়তে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক ঘনিষ্ঠ হৈ উঠিব।” এই অনুষ্ঠান সম্পর্কে ব্যতিক্ৰম মাছডোৰ সভাপতি তথা ফ্রেন্স অফ বাংলাদেশ অসম চ্যাপ্টাৰৰ সাধাৰণ সম্পাদক ড° সৌমেন ভাৰতীয়াই কয়, ‘মেড থিয়েটাৰ আগতেও নাটক প্ৰদৰ্শন কৰিবলৈ অসমলৈ আহিছিল। একেটা পৰিয়ালকে কেন্দ্র কৰি এনে এটা দল পৃথিৱীত অতি বিৰল। আমি নিশ্চিত যে মেড থিয়েটাৰৰ প্রযোজনাত এই দুখন নাটক দৰ্শকৰ মাজত জনপ্রিয় হ’ব। বাংলাদেশৰ আছাদুল ইছলামে কয়, ‘মই প্ৰথমবাৰৰ বাবে নাটকখনৰ কথা ভাবিছিলোঁ ১২ বছৰৰ পূর্বে যেতিয়া ৰবীন্দ্রনাথ ঠাকুৰৰ ১৫০ সংখ্যক জন্ম বার্ষিকী কৰা হৈছিল। নাটকখন মঞ্চস্থ কৰিবলৈ বাৰটা দীঘলীয়া বছৰ লাগিছিল কাৰণ আমি বিভিন্ন সমস্যাৰ সম্মুখীন হ’বলগীয়া হৈছিল। এই দুখন নাটক দৰ্শকৰ সন্মুখত প্ৰদৰ্শন কৰাৰ সুযোগ দিয়াৰ বাবে গুৱাহাটী বাংলাদেশৰ সহকাৰী উপায়ুক্ত আৰু বিশেষকৈ ব্যতিক্রম মাছভোৰ সভাপতি ড° সৌমেন ভাৰতীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো।” উল্লেখ যে অহা ৩ জুন শনিবাৰে সন্ধিয়া ৫ বজাত ‘অ্যান ফ্রাঙ্ক’ নাটকখন আৰু ৬.৩০ বজাত ৰবীন্দ্ৰনাথৰ দ্বিতীয় বিজয়া’ প্ৰদৰ্শন কৰা হ’ব। বাংলা থিয়েটাৰৰ কনিষ্ঠ মনো এই শিল্পী আর্য মেঘদূতে ‘অ্যান ফ্রাঙ্ক’ শীর্ষক একক অভিনয়ত অভিনয় কৰিব আৰু ৰবীন্দ্ৰনাথৰ “দ্বিতীয় বিজয়া’ নাটকত অভিনয় কৰিব নাটকৰ পৰিচালক ও লেখক আছাদুল ইছলাম আৰু ছোনিয়া হাছানে। ব্যতিক্ৰমৰ এই আয়োজনত বাংলা নাটকৰ অসামান্য অবদানৰ বাবে অশোক চক্ৰৱৰ্তীক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰিব। এই অনুষ্ঠানত আয়োজকে সকলোৰে উপস্থিতি কামনা কৰিছে।