ব্যতিক্ৰম মাছডোৰ উদ্যোগত দৰদী শিল্পী জয়ন্ত হাজৰিকাৰ ৮১তম জন্মজয়ন্তীৰ সফল সমাপ্তি

ব্যতিক্ৰম মাছডোৰ উদ্যোগত দৰদী শিল্পী জয়ন্ত হাজৰিকাৰ ৮১তম জন্মজয়ন্তীৰ সফল সমাপ্তি

এইবৰ্ষৰ ব্যতিক্ৰম জয়ন্ত হাজৰিকাৰ সোঁৱৰণী বঁটা প্ৰদান কৰা হয় আন্তঃৰাষ্ট্ৰীয় সংগীতজ্ঞ লু মাজাউ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ আগশাৰীৰ সংস্থা ব্যতিক্রম মাছডো আৰু সুৰবাহিনীৰ উদ্যোগত ২০ ছেপ্টেম্বৰ দিনৰ ১ বজাৰ পৰা গুৱাহাটীৰ মাছখোৱা স্থিত প্রাগজ্যোতিষ আই টি এ প্রেক্ষাগৃহত অসমৰ কিংবদন্তি গায়ক তথা সুৰকাৰ প্ৰয়াত জয়ন্ত হাজৰিকাৰ ৮১তম জন্মজয়ন্তী উদযাপন কৰা হয়। সংগীত শিল্পী গৰাকীৰ জন্মজয়ন্তী অনুষ্ঠানত উপস্থিত থাকে দৰদী শিল্পী গৰাকিৰ পত্নী তথা সংগীত শিল্পী মনীষা হাজৰিকা, চলচিত্ৰ পৰিচালক তথা সমাজকর্মী শংকৰ লাল গোৱেংকা, বিশিষ্ট সংগীত শিল্পী জে পি দাস, জয়ন্ত হাজৰিকাৰ পুত্ৰ ময়ুখ হাজৰিকা, শিল্পী লোকনাথ গোস্বামী, ব্যতিক্রম মাছডোৰ সভাপতি ড° সৌমেন ভাৰতীয়া প্রমুখ। এগছি বন্তি প্রজ্জ্বলন আৰু গুণমুগ্ধ শ্রদ্ধাজ্ঞলিৰে অনুষ্ঠানটিৰ শুভৰম্ভ কৰে। ইয়াৰ পাছতেই এটি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে। ৮১ তম জন্মজয়ন্তী অনুষ্ঠানত অংশগ্ৰহণ কৰে অসমৰ ন-পুৰণি বহু কেইগৰাকী কণ্ঠশিল্পী ও নৃত্যশিল্পী-এ। অনুষ্ঠানত সংগীত পৰিবেশন কৰে দৰদী শিল্পী গৰাকীৰ পুত্ৰ ময়ূখ হাজৰিকা, প্রশান্ত ৰাজখোৱা, মনোজ কাশ্যপ, প্রণামিকা গোস্বামী, সংস্কৃতা মালাকাৰ, ৰুবুল কলিতা, প্রণীত তালুকদাৰ প্ৰমুখ। নৃত্য পৰিবেশন কৰে অংকিত কুলবি, সঞ্চিতা দেৱ বর্মন প্রমুখ। সংগীত চিকিৎসক অনুভূতি কাকতি গোস্বামী এক বিশেষ জয়ন্ত হাজৰিকাৰ গীতৰ ওপৰত মিউজিক থেৰাপি পৰিবেশন কৰে। দৰদী শিল্পী গৰাকীৰ যুগজয়ী গীত আৰু নৃত্যৰে সন্ধ্যাটো উজ্জ্বল কৰি তোলে।

তাৰপাছতেই এই বৰ্ষৰ ‘জয়ন্ত হাজৰিকা ব্যতিক্ৰম জীৱনজোৰা সাধনা বঁটা- ২০২৪’ প্রদান কৰা হয় ভাৰতীয় সংগীত জগতৰ বিপুৰ সমাদৰ পোৱা আন্তঃৰাষ্ট্ৰীয় তথা মেঘালয়ৰ সংগীতজ্ঞ লু মাজাউ-ক। তেওঁৰ তীব্র বেৰিটন কন্ঠ আৰু সুন্দৰ সংগীত দক্ষতাৰ বাবে তেওঁৰ হাতত তুলি দিয়া হয় এই বঁটা। বঁটা গ্রহণ কৰাৰ পাছত তেওঁ জনায় যে, “ৰাণা দা-ৰ ৰচিত সংগীত আৰু তেওঁৰ কণ্ঠ আনতকৈ পৃথক। তেওঁ যি পশ্চিমিয়া ক্লাছিকেল সংগীতক পৰম্পৰাগত অসমীয়া সুৰত ঢালী নিয়া প্রথম গৰাকী অসমীয়া সুৰকাৰ আছিল জয়ন্ত হাজৰিকা। আজি মোৰ বাবে এক অমূল্য মুহূর্ত, অসমৰ প্ৰখ্যাত ব্যক্তিজনৰ নামত এই বঁটাৰে সন্মানিত হোৱাটো মোৰ বাবে সচাঁকৈয়ে গৌৰৱৰ মুহূৰ্ত আৰু এই সুন্দৰ অনুষ্ঠানটোৰ সাক্ষি হ’বলৈ পাই মই ব্যতিক্ৰমৰ ওচৰত চিৰকৃতজ্ঞ।”

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও ‘জয়ন্ত হাজৰিকা ব্যতিক্ৰম জীৱনজোৰা সাধনা বঁটা’ কলকাতাৰ বিখ্যাত সংগীতশিল্পী লোপা মুদ্রা মিত্ৰ, অসমৰ বিশিষ্ট শিল্পী জে. পি. দাস, বড়োলেণ্ডৰ প্রখ্যাত শিল্পী সুলেখা বসুমতাৰীক বঁটা প্ৰদান কৰা হয়। এই বঁটা প্ৰদানৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে গোটেই ভাৰতবৰ্ষত জয়ন্ত হাজৰিকাৰ সংগীতৰ সমন্বয় যাত্ৰা আৰম্ভ কৰাৰ এক ব্যতিক্ৰমী প্রয়াস।

সংগীত শিল্পী মনীষা হাজৰিকা জনাই যে, “প্রথমতে মই ব্যতিক্রম মাছডোক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ জয়ন্ত হাজৰিকাক জীয়াই ৰখাৰ যি প্রয়াস সেয়া সফল হোক। মোৰ স্বামী জয়ন্ত হাজৰিকাই যি সংগীত চর্চা কৰিছিল সেই চর্চাক মই আগবঢ়াই লৈ যোৱা মোৰ এটা প্রয়াস। জয়ন্ত হাজৰিকা জীয়াই থকাৰ সময়তে সুৰবাহিনী নামেৰে এটা সংস্থা উপহাৰ দিছিল। যাৰ আদৰ্শ আৰু উদ্দেশ্য আছিল বাটে ঘাতে গীত গাই অর্থ সংগ্ৰহ কৰি দুৰ্দশাগ্রস্ত ৰাইজৰ কাষত সুৰেৰে- গীতেৰে থিয় দিয়া। তেওঁৰ স্মৃতিক সাবটি মই ‘সুৰবাহিনী’ক জীয়াই ৰাখি সাংগীতিক যাত্রা অব্যাহত ৰাখিছে। তৰুণ প্ৰজন্মৰ মাজলৈ সংগীত শুদ্ধ আৰু নিখুঁত ভাবে লৈ যাবলৈ মই দ্বায়বদ্ধ”।

ব্যতিক্রম সভাপতি ড° সৌমেন ভাৰতীয়াই জনাই যে, “আমি বহু বছৰ ধৰি সংগীত শিল্পী গৰাকিলৈ শ্রদ্ধা নিবেদন কৰি আহিছোঁ। আমি জানো ৰাণা দা-ৰ সংগীতৰ জৰিয়তে আমাৰ মাজত আজিও জীয়াই আছে। আজি এই অনুষ্ঠানত মেঘালয়ৰ সংগীত শিল্পী লু মাজাউ-ক ‘জয়ন্ত হাজৰিকা ব্যতিক্ৰম জীৱনজোৰা সাধনা বঁটা- ২০২৪’ বঁটা প্ৰদান কৰি আমি চুবুৰিয়া ৰাজ্য দুখনৰ মাজত সাংস্কৃতিক যোগাযোগ আৰু বেশি সম্প্ৰসাৰ কৰিব বিচাৰিছোঁ। আমি ইতিমধ্যে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্মজয়ন্তী ত্ৰিপুৰাত অনুষ্ঠিত কৰি ত্ৰিপুৰাবাসীৰ আদৰ-সমাদৰ অৰ্জন কৰিবলৈ সক্ষম হৈছো। আমি পৰিকল্পনা কৰিছোঁ আগন্তুক ২৫ অক্টোবৰ তাৰিখে ত্ৰিপুৰাৰ বিখ্যাত সংগীত শিল্পী শচীন দেৱবৰ্মন-ক স্মৰণ কৰি এটি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। এনে সাংস্কৃতিক আদান-প্রদানৰ জৰিয়তে অসম আৰু ভাৰতবৰ্ষৰ মাজত সাংস্কৃতিক মিলনৰ যাত্ৰা আৰম্ভ কৰিছোঁ।”