ব্যতিক্ৰমৰ উদ্যোগত ভূপেন হাজৰিকা-কুলদাকুমাৰ ভট্টাচাৰ্য সোঁৱৰণী অনুষ্ঠান
ৰঙিলী বাৰ্ত্তাসেৱা- ‘‘আজিৰ একাঁজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অতি তাৎপৰ্যপূৰ্ণ। একেটা ঠাৰিত দুটি ফুলঃ যি ফুলবিলাকে কয়, ‘‘ফুলে নিজৰ কাৰণে নুফুলে, আনৰ বাবে তোমাৰ হৃদয়পুষ্পক প্ৰস্ফুটিত কৰিবা।” চতুৰ্দিশে স্বাথান্ধতা, দলবিলাকৰ পাৰস্পৰিক কন্দল, অবিশ্বাস, অসহিষ্ণুতাৰ মাজত সদ্যপ্ৰয়াত কুলদাকুমাৰ ভট্টাচাৰ্য আৰু তেৰ বছৰ পূৰ্বে প্ৰয়াত ভূপেন হাজৰিকাই আমাক একেটা মন্ত্ৰেৰে দীক্ষা দিব পাৰেঃ নিজৰ গণ্ডিক পাহৰি গৈ প্ৰসাৰিত কৰা তোমাৰ দৃষ্টি আৰু মনঃ পাবা তুমি এক বৃহৎ জগত। সমাগত দিনৰ কাৰণে সহিষ্ণুতা বিচাৰো, বিচাৰো সীমাৰ সিপাৰৰ মৰম-ভালপোৱা। এই ঠাইৰ পৰাই আমাৰ পথৰ দিশ বাছি ল’ব লাগিব। কুলদাকুমাৰ ভট্টাচাৰ্য আৰু ভূপেন হাজরিকাক বিনম্ৰ প্ৰণাম। ভাল লাগিল, ব্যতিক্ৰম আয়োজিত এই অনুষ্ঠানত দুখ-বেদনার মাজতো বিশালৰ বাৰ্তা শুনি। ব্যতিক্ৰমক ধন্যবাদ।” এনেদৰেই নিজৰ অভিব্যক্তি ব্যক্ত কৰিলে অধ্যাপক, লেখক ড০ উষাৰঞ্জন ভট্টাচাৰ্যই।
ব্যতিক্ৰম মাছড’ আৰু ভাৰতীয়া এছোচিয়েটৰ উদ্যোগত ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ প্ৰয়াণ দিৱস আৰু সদ্য প্ৰয়াত বিশিষ্ট নাট্যকৰ্মী, যশস্বী অভিনেতা, লেখক কুলদাকুমাৰ ভট্টাচাৰ্যৰ সোঁৱৰণত গুৱাহাটী প্ৰেছ ক্লাবত এই ‘‘একাঁজলি শ্ৰদ্ধাঞ্জলি” অনুষ্ঠানটি অনুষ্ঠিত হয়। অনুষ্ঠানত এই দুই মহান ব্যক্তিক লৈ স্মৃতিচাৰণা কৰে অধ্যাপক পান্নালাল গোস্বামী, অধ্যাপক নন্দিতা ভট্টাচাৰ্য, লেখক সুপৰ্ণা লাহিড়ী বৰুৱা, ইলোৰা মঞ্চৰ পৰা মনোজ ৰায়, লেখক গীতাঞ্জলি সোনোৱাল, আবৃত্তিকাৰ বিপুল বৰা, কবি প্ৰসেনজিৎ চেটাৰ্জী, ব্যতিক্ৰম মাছড’ৰ সভাপতি ড০ সৌমেন ভাৰতীয়া প্ৰমুখ।
প্ৰদীপ প্ৰজ্জ্বলন আৰু শ্ৰদ্ধাঞ্জলিৰ জৰিয়তে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা হয়। ব্যতিক্ৰম মাছড’ৰ সভাপতি ড০ সৌমেন ভাৰতীয়াই জনায়, ‘‘বিগত এক দশক ধৰি ভূপেন হাজৰিকাৰ জন্মতিথি আৰু প্ৰয়াণ দিৱস আমি পালন কৰি আহিছো অসম তথা অসমৰ বাহিৰতো। আনকি বিদেশতো। আজি আমি শ্ৰদ্ধেয় ভূপেন হাজৰিকাৰ লগতে অসমৰ আন এক নক্ষত্ৰ কুলদাকুমাৰ ভট্টাচাৰ্যকো স্মরণ কৰিছোঁ। ২০১৩ চনত কুলদাকুমাৰ ভট্টাচাৰ্য ওৰফে বেনুদাৰ ‘নাটঘৰ ছবিঘৰ’ আমি প্ৰকাশ কৰিছিলো। অসমৰ নাটক আৰু বোলছবিৰ ইতিহাস জানিবলৈ এই গ্ৰন্থখন অপৰিহাৰ্য। ভূপেন হাজৰিকাৰ চিন্তা-চৰ্চা উত্তৰ-পূৰ্বাঞ্চল আৰু ভাৰতবৰ্ষ তথা সমগ্ৰ বিশ্বত মধ্যে বিয়পি পৰিছে- আমি বিচাৰো কুলদাকুমাৰ ভট্টাচাৰ্যৰ আদৰ্শ আৰু সৃষ্টি-ৰাাজি পৰৱৰ্তী প্ৰজন্মই চৰ্চা কৰক।”
অধ্যাপক পান্নালাল গোস্বামীয়ে কয়, ‘‘ মানুহ তো মৰণশীল, মত্যুক আমি অৱহেলা কৰিব নোৱাৰো। কিন্তু কিছু কিছু মৃত্যুসংবাদ আমাক অতিকৈ ব্যথিত কৰে। কুলদাকুমাৰ ভট্টাচাৰ্যও তেনে এগৰাকী ব্যক্তিত্ব। ‘ঐতিহ্য’ৰ অন্তিম সংখ্যা উন্মোচনত তেওঁ আহিছিল। তেওঁ সকলোৰে হৃদয়ত অমৰ হৈ থাকিব।”
অধ্যাপক নন্দিতা ভট্টাচাৰ্যই কয়, ‘‘ভূপেন হাজৰিকা আৰু কুলদাকুমাৰ ভট্টাচাৰ্যৰ চিন্তাচৰ্চা প্ৰায় একেই ধৰণৰ। নিজৰ ৰাজ্যৰ সাহিত্য-সংস্কৃতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁ অগ্ৰণী ভূমিকা পালন কৰিছিল।”
লেখক সূপৰ্ণা লাহিড়ী বৰুৱাই কয়, ‘‘নিজৰ মাতৃভাষা বাংলা হোৱা সত্ত্বেও অসমীয়া ভাষাক ইমান আপোন কৰি নিয়া ব্যক্তিসকলৰ শীৰ্ষত থাকিব কুলদাকুমাৰ ভট্টাচাৰ্য।”
সোঁৱৰণী অনুষ্ঠানত নৃত্য-গীত আৰু কবিতা আবৃত্তিত অংশগ্ৰহণ কৰে হুমায়ূন চৌধুৰী, সোমা মুখাৰ্জী, সংস্কৃতা মালাকাৰ, জয়তী ভট্টাচাৰ্য, প্ৰণীতা তালুকদাৰ, প্ৰিয়াঞ্জলি দাস, স্বৰলিপি অৰিন্দম বৰুৱা, অংকিতা কুলাভি, মুগ্দ্ধজ্যোতি শইকীয়া প্ৰমুখে। সমগ্ৰ অনুষ্ঠানটো পৰিচালনা কৰে কবি সঞ্জয় চক্ৰৱৰ্তীয়ে।