ব্যতিক্রম ৱ’মেন কনক্লেভ ২০২৪ সফল সমাপ্তি

ব্যতিক্রম ৱ’মেন কনক্লেভ ২০২৪ সফল সমাপ্তি

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা-  ‘ব্যতিক্রম মাছডোৰ ব’মেন কনক্লেভ গোটেই বিশ্বৰ বাবে এটা ভাল সংকেত দিছে। বহু বছৰ ধৰি অসম তথা ভাৰতৰ বহিৰতো নাৰী শক্তিক জাগৰণৰ বাবে ব্যতিক্ৰম মাছডোয়ে যি প্রচেষ্টা চলাই আছে তাৰ বাবে ব্যতিক্রম মাছডোক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ এই প্রচেষ্টা আগুৱাই লৈ যোৱাৰ বাবে শুভকামনা জ্ঞাপন কৰিলোঁ। কাৰণ সৃষ্টিৰ আদিৰে পৰা অন্ত লৈকে নাৰীশক্তিৰ এক বিশেষ তাৎপর্য আছে। যেতিয়া নাৰীসকল সতর্ক হৈ উঠে তেতিয়া তেওঁলোকে বেয়াৰ মাজতো ভালৰ সৃষ্টি কৰিব পাৰে। সেইবাবে বিশ্বৰ প্ৰতিজন ব্যক্তিয়ে মহিলাসকলক আগুৱাই যোৱাত অনুপ্ৰেৰণা যোগাব লাগে’ এই মন্তব্য প্রদান কৰি জগদগুৰু শংকৰাচাৰ্য মহাৰাজ এগছি বন্তি প্রজ্বলনেৰে ব্যতিক্ৰমৰ অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

অসমৰ সামাজিক সাংস্কৃতিক সংস্থা ব্যতিক্রম মাছডোয়ে নাৰীসকলক তেওঁলোকৰ উদ্যোগীকৰণৰ প্ৰচেষ্টাত সবলীকৰণ আৰু অনুপ্রাণিত কৰাৰ উদ্দেশ্যেৰে ১০ আগষ্ট তাৰিখে খানাপাৰাস্থিত হোটেল ভিভান্টাত আয়োজন কৰিছিল ‘ব্যতিক্রম ব’মেন কনক্লেভ ২০২৪’। ব্যতিক্রম ৱ’মেন কনক্লেভ ২০২৪-ৰ উদ্দেশ্য আছিল উত্তৰ-পূবৰ সকলো মহিলা ব্যৱসায়ীক নেটৱর্কিং শিক্ষণ আৰু সফল উদ্যোগিক মূল্যবান অন্তদৃষ্টি লাভ কৰা তথা এক বিশেষ মঞ্চ প্রদান কৰা। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে শাস্ত্রীয় নৃত্যশিল্পী, অভিনেত্রী তথা পশ্চিমবঙ্গৰ লোকসভাৰ সংসদৰ প্ৰাক্তন সদস্য লকেট চেটার্জী। লগতে অনুষ্ঠানটিত আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকে প্রাগ নিউজৰ চি এম ডি ড° সঞ্জীব নাৰায়ণ, সহকাৰী সঞ্চালক ইণ্ডিয়ান ট্যুৰিজিম বি. বি. মুখার্জী, লেখিকা ড° ৰীতা চৌধুৰী, বিশিষ্ট সংগীত শিল্পী মনীষা হাজৰিকা, নেৰিম গ্রুপ অৱ ইনষ্টিটিউচনৰ সঞ্চালক ড° সংগীতা ত্রিপাঠী, জি বি ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক মিঠু ঘোষ, ইণ্ডো বাংলা কাউন্সিলৰ মহাসচিব ড° সুনিত কে পি, অমৰেশ ৰায় প্রমুখ।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শাস্ত্রীয় নৃত্যশিল্পী, অভিনেত্রী তথা পশ্চিমবঙ্গৰ লোকসভাৰ সংসদৰ প্ৰাক্তন সদস্য লকেট চেটার্জীয়ে কয়, “মই এনেকুৱা এটা অনুষ্ঠানত পোন-প্ৰথমবাৰৰ বাবে অসমত আহিছোঁ। মোক ইয়ালৈ আমন্ত্ৰণ কৰাৰ বাবে ব্যতিক্রম মাসডোৰ সভাপতি ড° সৌমেন ভাৰতীয়াক ধন্যবাদ জ্ঞাপন কৰোঁ। এনেধৰণৰ সন্মিলনৰ অংশ হোৱাটো এটি পৰম সৌভাগ্য। নাৰীসকলে সমাজৰ নিৰ্মাতা। নাৰীসকল সমাজৰ নেতৃত্ব দিয়াৰ লগতে সুচাৰু ৰূপে চলাই নিয়াত সক্ষম। নাৰীসকল সকলো ক্ষেত্রত নিজকে প্রমাণ কৰি গৈছে। প্রত্যেক দেশৰ উন্নয়ন প্রক্রিয়া অন্তর্ভুক্ত হলে ভাৰত বিশ্বগুৰু হৈ উঠিবই আৰু এনে ক্ষেত্রেত দেশক আগুৱাই নিয়াত নেতৃত্ব দিব লাগিব আমি মহিলাসকলে। ব্যতিক্রম মাছডোয়ে উদ্যোগী মহিলাসকলৰ নিজৰ সাফলতাৰ কাহিনি প্ৰকাশ কৰাৰ বাবে এই মঞ্চখন যথেষ্ট।”

অনুষ্ঠানৰ সন্দৰ্ভত ব্যতিক্রম মাছডোৰ সভাপতি ড° সৌমেন ভাৰতীয়াদেৱে কয়, “বর্তমান সময়ত দেখা গৈছে যে মহিলাসকলে বিভিন্ন দিশত সফলতা লাভ কৰিছে সেইয়া অর্থনৈতিক হওক বা সামাজিক দিশতে হওক। প্ৰতিগৰাকী নাৰীক প্রকৃত শিক্ষাৰে শিক্ষিত কৰি আত্মমর্যাদাসম্পন্ন সম্পূর্ণ মানর সত্তাৰূপে প্রতিষ্ঠা কৰিবলৈ সবলীকৰণ আৰু সজাগতা সৃষ্টিৰ বাবে নাৰীৰ স্বাধিকাৰ আৰু মর্যাদা ৰক্ষাৰ অবিৰত সংগ্ৰাম নাৰীয়ে নিজে চলাই নিব লাগিব, আমি মাত্র তেওঁলোকক এখন মঞ্চ প্রদান কৰিছে। প্রকৃতাৰ্থত নাৰীৰ সবলীকন মাজেদিহে মানব জাতিৰ সম্পূৰ্ণ সবলীকৰণ সম্ভৱ হ’ব। আমি বহুবাৰ মহিলাসকলক লৈ বহু কেইটা অনুষ্ঠান সফলতাৰে অনুষ্ঠিত কৰি আহিছোঁ। বিশেষকৈ বেষ্টপেক্ট ব’মেনহুড নামৰ এটা অনুষ্ঠান কৰিছিলো আৰু এই ব্যতিক্রম ৱ’মেন কনক্লেভটো ইয়াৰে এটা অংশ। আমি আশাবাদী যে এই কনক্লেভে মহিলাসকলক আৰু বেছি শক্তিশালী কৰি তুলিব।”

প্রাগ নিউজৰ চি এম ডি ড° সঞ্জীব নাৰায়ণে কয়, “এনে ধৰণৰ সম্মিলনে মহিলাসকলৰ প্ৰতি মানুহৰ মানসিকতাৰ পৰিবৰ্তন কৰে। সাম্প্ৰতিক কালত নাৰীসকলে বিভিন্ন ক্ষেত্রত উল্লেখযোগ্য অবদান আগবঢ়াই আহিছে আৰু সর্বত্রই তেওঁলোকে নিজকে প্রতিষ্ঠা কৰিছে। তেওঁলোকৰ লগতে এই মঞ্চখনৰ কৃতিত্ব সচাঁকৈ অনুপ্ৰেৰণাদায়ক।”

অনুষ্ঠানৰ আৰম্ভণিত নিজৰ বিশেষজ্ঞতাৰ ক্ষেত্রত উল্লেখযোগ্য সফলতা অর্জন কৰা মহিলাসকলৰ সফলতাৰ কাহিনীৰ ওপৰত আলোকপাত কৰা হয় য’ত উপস্থিত থকে নেৰিম গ্রুপ অব ইনষ্টিটিউচনৰ সঞ্চালক ড° সংগীতা ত্রিপাঠী, শিক্ষাবিদ তথা জ্ঞান এডুকেচনেল ট্রাষ্টৰ সভাপতি জয়শ্রী ঘোষ, সামাজিক উদ্যোগী কিৰণ বড়ো, নতুনদিল্লীৰ অ’এনজিচিৰ কৰ্পৰেট চার্ভিচেছ ফাইনেন্স গ্ৰুপৰ মুখ্য জেনেৰেল মেনেজাৰ, ফাইনেন্সৰ মুৰব্বী তথা সংগীত শিল্পী চিত্রালী গোস্বামী প্রমুখ।

অনুষ্ঠানটিত ভাষণ, আলোচনাচক্র, প্রদর্শনীৰ লগতে এক বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। উত্তৰ- পূর্বাঞ্চলৰ মহিলাসকলক তেওঁলোকৰ অভিজ্ঞতা, প্রত্যাহ্বান, সফলতাৰ কাহিনীসমূহ ভাগ-বতৰা কৰাৰ লগতে সম্মুখীন হোৱা অন্যান্য সমস্যাসমূহৰ ওপৰতো আলোকপাত আৰু সমাধানৰ বিভিন্ন দিশ এই কনক্লেভত দাঙি ধৰা হয়।

দিনযোৰা অনুষ্ঠানটিত তিনিটাকৈ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনাচক্র অনুষ্ঠিত হয়। য’ত মহিলাসকলৰ সফলতা, বিফলতা আৰু সমস্যা সমাধানৰ ওপৰত আলোচনা কৰা হয়। অনুষ্ঠানত অংশগ্রহণ কৰা অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মহিলাসকল ক্রমে অৱসৰপ্ৰাপ্ত উত্তৰ-পূব ক্ষুদ্র বিত্ত বেংকৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া লিমিটেডৰ ৰূপালী কলিতা, এ এম টেলিভিছন প্রাইভেট লিমিটেডৰ গ্ৰুপ প্রেচিডেন্ট ড° অক্ষতা নাৰায়ণ, আন্তঃৰাষ্ট্ৰীয় সামাজিক আৰু সাংস্কৃতিক প্রতিনিধি চিনু কিশোৰ, শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় অধ্যাপক ড° মাধন বৰা, অসম চৰকাৰ কাৰ্যবাহী অভিযন্তা ড° কবি দাস, সৌন্দর্য বিশেষজ্ঞ শেহনাজ মছফিকা, উদ্যোগী মধু ললিতা জৈন, লেখিকা সুস্মিতা নাথ, পুষ্টিবিদ আৰু স্বাস্থ্য প্রশিক্ষক শ্বেতা হিমৎসিংকা, যোগ বিশেষজ্ঞ সুচন্দ্র বয়, বাস্তু বিশেষজ্ঞ ড° কৰবী বেজবৰুৱা, মেকআপ আর্টিষ্ট জেচমিন চুলতানা, আৰ জে মেণ্ডী , শিক্ষাবিদ আৰু সমাজকর্মী অন্তৰা পাল, ডিজাইনাৰ তথা মমি’ছ ৱাৰ্ডৰবৰ প্ৰতিষ্ঠাপক মমি বৰা, শিল্পী আম্বল ভট্টাচার্য, ফ্যাশন ডিজাইনাৰ দীপশিখা বিশ্বাস, সত্রীয়া নৃত্যশিল্পী তথা উদ্যোগী মধুস্মৃতা দাস বৰা, উদ্যোগী কিৰণ বড়ো, কৃপা এথেনিকৰ প্ৰতিষ্ঠাপক পঞ্চমী দত্ত বৰুৱা, শিল্পী আম্বালী ভট্টাচার্য,  মডেল অন্তৰা পাল, মেকাপ আর্টিস্ট জেছমিন সুলতানা, কমলকলি দাস, ফেমিনা মিছ ইণ্ডিয়া বৰ্ল্ড ২০২৩-ৰ গ্ৰেণ্ড ফিনালেত শীর্ষ ১২-ৰ চূড়ান্ত প্রতিযোগী অনুষ্কা লেখাক, আন্তঃৰাষ্ট্ৰীয় সাংবাদিক তথা বিশ্ব সাংস্কৃতিক কর্মী (দুবাই) গীতিকা খনিকৰ দত্তৰ অভিনেত্রী তথা মডেল বেখা দাস, এস্পাবিং লাইফৰ মুখ্য কার্যবাহী বিষয়া চৈতালী সেনগুপ্তা, ফ্যাশন ডিজাইনাৰ দ্বীপশিখা বিশ্বাস প্রমুখ। লগতে বহুকেইগৰাকী মহিলাক এক বিশেষ সম্মান আগবঢ়াই অধীক্ষক (সংলগ্ন) কেন্দ্রীয় কাৰাগাৰ, গুৱাহাটী কাৰাগাৰ বিভাগ পৰিণিতা বৰা, মাৰ্ঘেৰিটা কলেজৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ড° দীপাশ্ৰী দাস চৰকাৰ, মডেল তথা অভিনেত্রী ডেইজী দেউৰী, জুয়েলাৰী ডিজাইনৰ জেউতী বাণিক্য, ফ্যাশন কোৰিওগ্ৰাফাৰ কাকলি তামুলি, পুষ্টিবিদ তামান্না জৈন, ফ্যাশন ডিজাইনাৰ গায়ত্রী জগদীশ লাল প্রমুখ।

সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে অনন্যা মহন্ত, তানিষা দত্ত, অন্বেষা বৰুৱা, অর্জিতা প্রিয়ম শর্মা, প্রণিতা তালুকদাৰ, অঙ্কিতা কুলাভি। তাৰউপৰি অসমীয়া পৰম্পৰাগত সাজপাৰ আৰু অলঙ্কাৰ প্ৰদৰ্শণ কৰে উত্তৰ-পূবৰ বহু কেইগৰাকী সাফল্যময়ী নাৰীয়ে Walk for a Cause-Ramp walk-ত অংশগ্রহণ কৰে।

অনুষ্ঠানত সহযোগিতা আগবঢ়াইছে ইণ্ডিয়ান ট্যুৰিজিম নর্থ-ইষ্ট, ষ্টেট বেংক অফ ইন্ডিয়া, নেডফি, এন আৰ এল, জে আই এছ বিশ্ববিদ্যালয়, ভিভাচিটি মাল্টিস্পেচিয়েলিটি হাস্পতাল ইত্যাদি সংস্থাই।