ব্যঞ্জন বৰ্ণৰ ধেমালি
ইভা গন্ধীয়া ফুকন, ডিব্ৰুগড়
কাম বন নাই
খোল এখন
গেলা মালৰ দোকান
ঘৰতে বিক্ৰী হ’ব তোৰ মাল
নাঙলত ধৰ
চাবি সকলো ভাল হ’ব
ছাতি লৈ ৰহিমলা
জীনাৰ ঘৰলৈ বুলি ওলাই
ঝাও বনৰ মাজে মাজে গ’ল
জিঞা ধৰাৰ মনেৰে
টপ টপ কৈ হাত চাপৰি মাৰিল
ঠাইডোখৰ জাগ্ৰত হ’ল
ডাঙৰকৈ মাতিলে কোনোবাই
ঢাপলি মেলিলে তাই
কাণ পাতি লৈ
তই কোন বুলি
থাকক দে ৰহিমলা জিঞা ধৰিব নোৱাৰ
দৌৰা দৌৰি নকৰিবি মিছাতে
ধান মেলা আছে
নাহিবি এইফালে
পটকৈ যাওঁ দেইx
ফমূৰ্টি নামাৰিবি
বৰ ভাল কথা
ভৰি দিলে কিন্তু
মজ্জা পাবি এহেকা
যাওঁ তেনে ঘূৰি
ৰৈনো কৰোঁ কি
ল’ৰা ধেমালি নকৰিবি
দুৱাৰ আছে খোলা
শৰতৰ সন্ধিয়া
ষোল্লশ গোপী
সঙ্গে কৃষ্ণক পায়
হৈছিল বলিয়া
ক্ষণিকৰ বাবে সকলো পাহৰি
গঁড়ৰ খৰ্গ দাহ দেখিলোঁ জীৱনত
পঢ়াশালিত লিখোঁ
চিয়াঁহীয়ে
কচৰৎ কৰি কৰি
ৰং ধেমালি
কৰোঁ !!