ব্যঞ্জনবৰ্ণ
বাহাৰুল ইছলাম
বালিজান, মৰিগাঁও
ক’ ই বোলে কমলা
খ’ য়ে বোলে খাম,
গ’ ই বোলে গছৰ তলত
জুমি জুমি চাম।
ঘ’ ই বোলে ঘৰৰ পৰা
ঙ’ ই নাঙল লৈ যায়,
চ’ য়ে মিচিক-মাচাককৈ
গৰম গাখীৰ খায়।
ছ’ য়ে বোলে ছাতিৰ কথা
জ’ য়ে আনিলে জাপি,
ঝ’ ই ঝৰণাৰে সাঁতুৰি-নাদুৰি
মূৰত লগালে টুপি।
ঞ’ ই ধৰিলে জিঞা এটি
ট’ য়ে কয় মাথোঁ টকাৰ কথা,
ঠ’ ই দেখোন ঠোঁটত মাছলৈ
হৈ পৰিল হতাশ।
ড’ ককায়ে কিনিলে ডালিম
ঢ’ ই আনন্দত বজায় ঢোল,
ণ’ য়ে মণিমালা পিন্ধি
ঘনে ঘনে বায় খোল।
ত’ য়ে বোলে তগৰ ফুল
থ’ ই দিলে থাল,
দ’ বোপায়ে দাৱনি লৈ
বিলত পেলালে জাল।
ধ’ ই বোলে ধাননিৰ পানীত
ন’ য়ে চলাই নৌকা,
প’ ই বোলে পদুমী মাহীয়ে
সাজে ধুনীয়া চৌকা।
ফ’ য়ে দিয়ে ফল-মূল
ব’ য়ে বল খেলে,
ভ’ ভাইটিয়ে ভালুক চাবলৈ বুলি
বহুত ৰাতিলৈ শুলে।
ম’ য়ে দিলে মৰমৰ মাত
য’ ভনীয়ে যঁতৰত বোয়ে কাপোৰ ,
ৰ’ বায়ে ৰঙালীত
পিন্ধিছে হেনো নূপুৰ।
ল’ মহাশয়ে পঢ়ায় ল’ৰাক
ৱ’ ই চিয়াঁহী দোৱাত লৈ যায়,
শ’ ককায়েকে শহাপহুক
ৰঙা গাজৰ খোৱায়।
ষ’ ই খেদে ষাড় গৰু
স’ য়ে ধৰে সাপ,
হ’ ভনীয়ে হাঁহ চৰাইক লৈ
কি আনন্দ বাপৰে বাপ।
ক্ষ’ ই বোলে কৰা ক্ষমা
ড়’ ক খুন্দিয়ালে গড়ে,
ঢ়’ য়ে লাপুং বুঢ়াক দেখি
হাঁহি হাঁহি মৰে।
য়’ ই বোলে নকৰিবা ভয়
ৎ’ য়ে মৎসক আনিলে ধৰি,
ং’ য়ে হাফলং ৰ পৰা
লৈ আহিল ঘড়ী।
ঃ’ বোপায়ে বাঃ বাঃ দিয়ে
গীতৰ সুৰ শুনি,
ঁ’ য়ে বাঁহী বজাই বজাই
খায় মুৰ্গীৰ কণী।