ব্যক্তিগত খণ্ডৰ শিক্ষার্থীয়ে নাম পঞ্জীয়ন কৰিব পাৰিব চৰকাৰী স্কুলত

ব্যক্তিগত খণ্ডৰ শিক্ষার্থীয়ে নাম পঞ্জীয়ন কৰিব পাৰিব চৰকাৰী স্কুলত

ৰঙিলী বাৰ্ত্তাসেৱা-  ব্যক্তিগত খণ্ডৰ শিক্ষার্থীয়ে প্ৰাদেশীকৃত বিদ্যালয়ৰ নৱম শ্ৰেণীত নামভৰ্তি কৰিব পাৰিব। অৱশ্যে ৰাজ্যিক ব’র্ডে পৰিচালনা কৰা যিকোনো ৰাজহুৱা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পূৰ্বে নিয়মীয়া শিক্ষার্থী হিচাপে শ্রেণীত অৱতীৰ্ণ হ’ব লাগিব। এই কথা মহাধিবক্তা দেৱজিৎ শইকীয়াই উচ্চ ন্যায়ালয়ক সদৰী কৰিছে।  ব্যক্তিগত বিদ্যালয় সমন্বয়ৰক্ষী সমিতি আৰু আব্দুল আজিজ চৌধুৰীয়ে দাখিল কৰা ১৫৬৮/২০২৫ নম্বৰৰ ইণ্টাৰ লুকেটৰি আবেদনৰ শুনানিৰ সময়ত মহাধিবক্তা দেৱজিৎ শইকীয়াই এই কথা সদৰী কৰে। মহাধিবক্তাগৰাকীৰ ভাষ্যত সহমত প্রকাশ কৰি উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে কয় যে যদি কোনো শিক্ষার্থীয়ে যিকোনো চৰকাৰী স্কুলত নৱম শ্ৰেণীত নামভৰ্তি কৰিবলৈ ইচ্ছা প্রকাশ কৰে, তেনেহ’লে তেওঁৰ যাৱতীয় পৰীক্ষণৰ অন্তত নামভৰ্তি কৰিব পাৰিব। য’ত নিয়মীয়া শিক্ষার্থী হিচাপে শ্রেণীত অংশগ্ৰহণ কৰাৰ পিছত শিক্ষার্থীগৰাকীয়ে ব’ৰ্ডৰ দ্বাৰা পৰিচালিত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ অনুমতি লাভ কৰিব। উল্লেখ্য যে মাধ্যমিক শিক্ষা সঞ্চালকে এখন জাননীৰ জৰিয়তে বিদ্যালয়সমূহৰ পৰিদৰ্শকসকলক ব’ৰ্ডৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে চৰকাৰী বিদ্যালয়ত একাংশ ব্যক্তিগত বিদ্যালয়ৰ শিক্ষাৰ্থীক নামভৰ্তি কৰোৱাৰ পৰম্পৰা বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল। ৰাজ্যৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ দোহাই দি মাধ্যমিক শিক্ষা সঞ্চালকে এই নির্দেশ জাৰি কৰিছিল। মাধ্যমিক শিক্ষা সঞ্চালকৰ মতে এনেধৰণৰ পৰম্পৰাই বিদ্যালয়সমূহৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ ক্ষেত্ৰত ব’ৰ্ডক কঠিন পৰিস্থিতিৰ মাজলৈ ঠেলি দিছে। মাধ্যমিক শিক্ষা সঞ্চালকৰ এই নির্দেশৰ ফলত একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয় শ’লঠেকত পৰে। কিয়নো, চৰকাৰৰ পৰা যাৱতীয় স্বীকৃতি লাভ নকৰা এনে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ শিক্ষার্থীসকল ৰাজ্যিক ব’ৰ্ডৰ দ্বাৰা অনুষ্ঠিত কৰা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পথ ৰুদ্ধ হৈ পৰে। সেয়েহে তেওঁলোকে ইন্টাৰ লুকেটৰিৰ আবেদনখনৰ জৰিয়তে মাধ্যমিক শিক্ষা সঞ্চালকে দিয়া নির্দেশনাত প্রত্যাহ্বান জনায়। গোচৰটোৰ শুনানিৰ সময়ত মহাধিবক্তাই বিভাগীয় নির্দেশনা ন্যায়ালয়ক অৱগত কৰি কয় যে যিকোনো শিক্ষার্থীয়ে কোনো প্রাদেশীকৃত বিদ্যালয়ত নৱম শ্ৰেণীত নামভর্তি গ্ৰহণ কৰিবলৈ ইচ্ছা কৰিলে সেয়া কৰিব পাৰে। কিন্তু ৰাজ্যিক ব’ৰ্ডে পৰিচালনা কৰা কোনো ৰাজহুৱা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পূৰ্বে নিয়মীয়া শিক্ষার্থী হিচাপে তেওঁলোকে শ্রেণীত অৱতীৰ্ণ হ’ব লাগিব। অর্থাৎ নৱম শ্রেণীত নাম পঞ্জীয়ন অথবা নামভৰ্তিৰ বাবে ব্যক্তিগত খণ্ডৰ শিক্ষাৰ্থীয়ে চৰকাৰী খণ্ডৰ বিদ্যালয়ত নিয়মীয়া শিক্ষার্থী হিচাপে শ্রেণীত অৱতীৰ্ণ হ’ব লাগিব।