ব্যক্তিগত কল্পনা বা সপোন দেখাৰো এক নিৰ্দিষ্ট সীমা থাকে- চন্দ্ৰ শেখৰ পৰাজুলী

Pc Etsy

ব্যক্তিগত কল্পনা বা সপোন দেখাৰো এক নিৰ্দিষ্ট সীমা থাকে

মানুহে কল্পনা কৰা বা সপোনবোৰ দেখাৰ এক স্বতঃফুৰ্ত জন্মগত অধিকাৰ। আৰু ইয়াক এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ উপৰত প্ৰতিবন্ধকতা সৃষ্টি কৰিব নোৱাৰে। হয়তো কিছু কল্পনাবোৰ আমি আৰম্ভ কৰি তাৰ পৰিসমাপ্তি ক’ত আমি নিজেও কেতিয়াবা অনুমান কৰিব নোৱাৰোঁ। আচলতে এজন সুস্থ মানুহৰ মস্তিষ্কত প্ৰতিদনে ৬০,০০০ বা ৭০,০০০ মাজত চিন্তা-ভাৱনাৰ সৃষ্টি হয় বুলি বৰ্তমান সময়ত বৈজ্ঞানিক সকলো পৰীক্ষা কৰি উলিয়াইছে। গতিকে এই সৃষ্টি হোৱা চিন্তা-ভাৱনাবোৰে হ’ল একো একোটা সামান্য আৰু গভীৰ কল্পনা নহয়নে?। যি হয়তো স্বত:ফুৰ্ত ভাবে উৎপন্ন হৈ আমাৰ মস্তিষ্কত আগুৰি ধৰা কিছু লাগতীয়াল আৰু কিছু অ- লাগতীয়াল কল্পনাবোৰৰ এক সমূহ বা গোট। আমি অনিচ্ছা সত্বেও আমাৰ মস্তিষ্কত সৃষ্টি চিন্তা-ভাৱনাৰ পৰা পৰিত্ৰাণ পাবলৈ সম্ভৱ নহয়।

 মোৰ মতে এতিয়া কথা হ’ল, আমাৰ ব্যক্তিগত কল্পনা বা সপোন দেখাৰো এক নিৰ্দিষ্ট সীমা থাকে । কাৰণ আমি নিজে আমাৰ অলাগতীয়াল কল্পনাবোৰৰ পৰা বাহিৰ হৈ এক সুস্থ,সুন্দৰ আৰু উপযুক্ত কল্পনা বা চিন্তা- আকোঁৱালি ল’বলৈ প্ৰায় প্ৰতিজন সুস্থ মস্তিষ্কৰ মানুহৰ বাবে সম্ভৱপৰ‌ হয়। কেৱল ইয়াৰ প্ৰতিদিনে অনুশীলন কৰাৰ দৰকাৰ। ইয়াতেই আপোনালোকৰ মনত হয়তো এটি কথায়ে বাৰুকৈয়ে ঘৰ কৰিছে যে, চিন্তা-ভাৱনা কৰা মানেই আমাৰ মনৰ মাজৰ কল্পনা বা সপোন কেনেকৈ হ’ব পাৰে। আচলতে চাওঁক চিন্তা-ভাৱনা কৰা মানেও মোৰ মতে এক আংশিক ৰূপত আমাৰ মন আৰু মস্তিষ্কৰ মাজত জন্ম হোৱা এক সামান্যতম কল্পনা বা সপোন। যি হয়তো বেছিভাগে অকস্মাতে আমাৰ মন-মস্তিষ্কৰ মাজত জন্ম হয় আৰু সামান্য সময়ৰ অন্তত তাৰ অন্ত হৈ যায়। আনহাতে এনেদৰে বহুদিন ধৰি আমি একেটা কথাকে আমাৰ মন- মস্তিষ্কৰ মাজত যিবোৰ কথা উদ্ভাৱন কৰি ৰাখো সেইবোৰ হয়তো দীঘলীয়া কল্পনা বা সপোন । আমি যিহেতু প্ৰতিজনে ভিন্ন ভিন্ন পৰিবেশ আৰু পৰিস্থিতিৰ ওপৰত মোকামিলা কৰি থাকো। সেই অনুসৰি মানুহ ভেদে কল্পনা বা সপোনবোৰো ভিন্ন ধৰনৰ হোৱাটো একেবাৰে সামান্য নহয়নে?। কাৰণ বহু ক্ষেত্ৰতে দেখা পাইছোঁ যে আকাশ স্পৰ্শ কৰাৰ কেতবোৰ মানুহৰ সপোনবোৰে হয়তো  অন্ততঃ তেওঁলোকক মাটিতে বসবাস কৰিবলৈও এক লজ্জাজনক পৰিস্থিতিৰ সন্মুখীন হ’ব লগিয়া হয় ।এইখিনিতে কথা এটা কওঁ আমি আকাশ স্পৰ্শৰ সপোন দেখাটো কোনো ভুল বা শাস্তি মূলক কাৰ্য নহয়। মন-মস্তিষ্কৰ অন্তৰ্নিহিত হৈ থকা ডাঙৰ ডাঙৰ সপোনবোৰে হয়তো আমাৰ সফলতাৰ প্ৰধান চাবিপাত। কিন্তু আকাশত স্পৰ্শ কৰিবলৈ যাওঁতে আপুনি কিভাবে এখোজ-দুখোজকৈ আগুৱাই যোৱাৰ ৰণনীতি তৈয়াৰ কৰিছে সেইটোহে ডাঙৰ কথা‌। একৰ পৰা এশ পাবলৈ সকলোৰে সপোন থাকে । কিন্তু এক, দুই,তিনি কৰি যোনে আগুৱাই যায় সেইজনেহে এশক স্পৰ্শ কৰিবলৈ পায়। তেন্তে একৰ ঘৰত বহি এশ ঘৰৰ কথা চিন্তা কৰাটো কোনো মুক্তিসংগত নহয়। সেয়েহে মোৰ মতে ব্যক্তিগত কল্পনা বা সপোন দেখাৰো এক নিৰ্দিষ্ট সীমা থাকে। যদি কিবা কাৰণত এই সীমাবোৰ চেৰাই যায় তেন্তে আপুনিও নিজৰ মাজতে হেৰাই থাকিব।

          চন্দ্ৰ শেখৰ পৰাজুলী
              বিশ্বনাথ চাৰিআলি, অসম