কবিতাৰ শিৰোনামঃ
বৌটিৰ আঁচলত ধৰি
______________________
বৌটিৰ আঁচলত
ধৰি
খোজ দিলোঁ এদিন
ৰঙীন পৃথিৱীৰ
মায়ময় বাকৰিত
আঁচলৰ আকুলতাই
লৈ গ’ল
বহুদুৰলৈ
সুখ-দুখৰ
এখনি আদালতৰ
মজিয়ালৈ
কিমান যে হিচাপ-নিকাচ
কিছু হাৰি যায়
কিছু জিকি যায়
সেই আদালতত
বৌটিৰ আঁচলত ধৰিয়েই
শিকিছিলোঁ এদিন
জীৱন নামৰ
ভাওনাখনৰ
আচল ৰহস্য কি
তথাপিও ! তথাপিও যেন
আজি অসমৰ্থ
মনুষ্যৰ চৰিত্ৰত
বৌটিৰ আঁচলত ধৰি…..