বোকাখাতৰ সমীপৱৰ্তী মনোৰম পৰ্যটন থলী কাকচাং জলপ্ৰপাত বিপদজনকভাৱে জলমগ্ন

বোকাখাতৰ সমীপৱৰ্তী মনোৰম পৰ্যটন থলী কাকচাং জলপ্ৰপাত বিপদজনকভাৱে জলমগ্ন

মৃদুস্মিতা শৰ্মা,বোকাখাত,ৰঙিলী বাৰ্ত্তাসেৱা- ৰেমালৰ প্ৰকোপত পৰিছে সমগ্ৰ ৰাজ্য। এতিয়া বিপদজনকভাৱে উফন্দি উঠিছে বোকাখাতৰ সমীপৱৰ্তী কাৰ্বি আংলঙৰ অন্যতম মনোৰম পৰ্যটন থলী কাকচাং জলপ্ৰপাত (Kakosang Waterfall)। সাগৰীয় ঘূৰ্নীবতাহৰ প্ৰভাৱত যোৱা তিনিদিন ধৰি হোৱা নেৰানেপেৰা মূষলধাৰ বৰষুণৰ ফলত পাহাৰৰ পৰা নমা ঢলে প্ৰচুৰ জলমগ্ন কৰিছে কাকচাং জলপ্ৰপাত। উল্লেখ্য যে প্ৰতি বছৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকৰ বিপুল সমাগম ঘটে কাকচাং জলপ্ৰপাতলৈ। প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্যৰ থলী এই কাকচাং জলপ্ৰপাত। বৰ্তমান প্ৰচণ্ড জলৰাশিৰে উফন্দি উঠা কাকচাং জলপ্ৰপাতে কাষৰীয়া গোলাঘাট-কাৰ্বি আংলৰ সীমান্তৱৰ্তী অঞ্চলৰ বাসিন্দা সকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে। ভয়ংকৰ ৰূপ লোৱা জলপ্ৰপাতটোৱে যিকোনো মুহূৰ্তত কাষৰীয়া অঞ্চলৰ বাসিন্দা সকলৰ বাবে বিপদৰ সৃষ্টি কৰাৰ আশংকা কৰা হৈছে। বৰ্তমান ধাৰাষাৰ বৰষুণৰ ফলত ফেনে-ফুটুকাৰে উফন্দি উঠা কাকচাং জলপ্ৰপাত পৰ্যটকৰ বাবে অতিশয় বিপদশংকুল হৈ পৰি্ছে। সেয়েহে এই বিপদশংকুল পৰিস্থিতিৰ অৱসান নোহোৱালৈকে পৰ্যটক কাকচাং জলপ্ৰপাতলৈ যোৱা একেবাৰে অনুচিত হ’ব বুলি গণ্য কৰা হৈছে।