বোকাখাতৰ চিআৰপিএফ কেম্পত গ্রেনেড আক্রমণ
ৰঙিলী বাৰ্ত্তাসেৱা- মঙলবাৰে নিশা বোকাখাতত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। বোকাখাতৰ সাপজুৰিস্থিত পাণবাৰী চি আৰ পি এফ কেম্পৰ চৌহদত এটা কূটাঘাতজনিত বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে। স্থানীয় এগৰাকী প্রত্যক্ষদর্শীৰ ভাষ্য অনুসৰি এখন চলন্ত মটৰচাইকেলৰ পৰা কেম্পটোলৈ লক্ষ্য কৰি আনুমানিক ৮.৩৫ বজাত এক বিস্ফোৰক সামগ্রী দলিয়াই যোৱা প্ৰত্যক্ষ কৰিছে। তেওঁ সন্দেহ প্রকাশ কৰিছে যে কোনো লোকে এই কেম্পটো লক্ষ্য কৰি এই ঘটনা সংঘটিত কৰিছে। গ্রেনেড বিস্ফোৰণত অসম আৰক্ষীৰ তিনিজন জোৱান গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। আহত অসম আৰক্ষীৰ জোৱান সিদ্ধাৰ্থ বৰবৰা, সুশীল ভূমিজ আৰু মিন্টু হাজৰিকা বুলি জানিব পৰা গৈছে। আহত তিনিওকে বোকাখাত অসামৰিক চিকিৎসালয়ত ভর্তি কৰা হৈছে আৰু বোকাখাত সমজিলা আৰক্ষী বিষয়াই তাৎক্ষণিকভারে পদক্ষেপ লৈ তদন্ত অব্যাহত ৰাখিছে। মহকুমা আৰক্ষীৰ নেতৃত্বত অভিযান অব্যাহত আছে।