বোকাখাতত সত্ৰীয়া সংস্কৃতি দিৱস উদযাপন
মৃদুস্মিতা শৰ্মা , বোকাখাত,ৰঙিলী বাৰ্ত্তাসেৱা- বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত বোকাখাত জিলা সত্ৰ মহাসভাৰ উদ্যোগত সমগ্ৰ অসমৰ লগতে সত্ৰীয়া সংস্কৃতি দৱস উদযাপন কৰা হয়। আৰম্ভণিতে ভাৰত ৰত্ন, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিছবিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জনাই ফনীধৰ হাজৰিকা আৰু কেশৱ উপাধ্যায়ে। শংকৰী সংগীত বিদ্যালয়ৰ অধ্যক্ষা ৰিজু বৰা হাজৰিকাৰ পৰিচালনাত বৰগীত পৰিবেশন কৰা হয়। মুল মঞ্চৰ বন্তি প্ৰজ্বলন কৰে বোকাখাত জিলা সত্ৰ মহাসভাৰ প্ৰতিষ্ঠাপক সম্পাদক ঈশ্বৰ চন্দ্ৰ মহন্তই। বোকাখাত জিলা সত্ৰ মহাসভাৰ সভাপতি প্ৰনৱ চন্দ্ৰ দেৱ গোস্বামীৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। উদ্দেশ্য বাখ্যা কৰে বোকাখাত জিলা সত্ৰ মহাসভাৰ সম্পাদক অংকুৰ বৰঠাকুৰে। সভাৰ আৰম্ভণিতে বিশিষ্ট ব্যক্তি প্ৰনৱ চন্দ্ৰ দেৱ গোস্বামী, ঈশ্বৰ চন্দ্ৰ মহন্ত, বিনন্দ বৰুৱা, কেশৱ উপাধ্যায়, ফনীধৰ হাজৰিকা, ধনীৰাম দত্ত, গজেন মহন্ত, নিৰেণ কাকতি, ভৱানন্দ কলিতাক সম্বৰ্ধনা জনোৱা হয়। সত্ৰীয়া সংস্কৃতিৰ সাধক, গবেষক আমন্ত্ৰিত বিশিষ্ট সমল ব্যক্তি নীৰেণ কাকতিয়ে সত্ৰীয়া সংস্কৃতিৰ ইতিবৃত্ত, ইয়াৰ প্ৰসাৰ, প্ৰচাৰ আৰু অসমীয়া সাহিত্যৰ ওপৰত এক বিশেষ বক্তৃতা প্ৰদান কৰে। ভূপেন সংগীত পৰিবেশন কৰে বিশিষ্ট সংগীত শিল্পী বিজয় শৰ্মা আৰু কাকলি গোস্বামীয়ে। বিশিষ্ট ব্যক্তিসকলে সভাত বক্তব্য প্ৰদান কৰে। অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই সত্ৰীয়া সংস্কৃতিৰ সাম্প্ৰতিক সমাজ ব্যৱস্থাৰ ওপৰত প্ৰভাৱ সম্পৰ্কে ভাষন ৰাখে। সভাত বোকাখাত জিলা সত্ৰ সমাসভাৰ কাৰ্যকৰী সভাপতি অৰুণ শৰ্মা, বিশিষ্ট অভিনেতা পৰিচালক হৰি প্ৰসাদ বৰঠাকুৰ, মীৰা শৰ্মা, পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈ, বোকাখাত জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ সভাপতি চৈয়দ আনিচুৰ ৰহমান, মনোৰঞ্জন সেন, কল্পনা চেতিয়া, চন্দ্ৰ প্ৰভা শইকীয়া ডেকা, সুৰজিত ভট্টাচাৰ্য, যুৱত শৰ্মা, অজিত কটকী, প্ৰনামিকা দেৱী, বিকুল শইকীয়া, বিমান বৰুৱা, মনালিছা শইকীয়া, বুবুল বৰা, দিলীপ বৰাকে আদি কৰি বহু লোক উপস্থিত থাকে।