বোকাখাতত আঘাতপ্রাপ্ত জোৱানৰ খবৰ ল’লে মুখ্যমন্ত্রী ড°  শৰ্মাই

বোকাখাতত আঘাতপ্রাপ্ত জোৱানৰ খবৰ ল’লে মুখ্যমন্ত্রী ড°  শৰ্মাই

ৰঙিলী বাৰ্ত্তাসেৱা- সোমবাৰে গোলাঘাট জিলাত কেইবাটাও প্ৰকল্প আনুষ্ঠানিকভাৱে উদ্বোধন কৰি উভতি যোৱাৰ সময়ত বোকাখাত সম-জিলাৰ আৱৰ্ত ভৱনত উপস্থিত হৈ কিছুদিন পূর্বে গোলাঘাট জিলাৰ পাণবাৰীস্থিত কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ শিবিৰত গ্রেনেড বিস্ফোৰণত আঘাতপ্রাপ্ত জোৱানসকলক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।মুখ্যমন্ত্ৰীয়ে গ্রেনেড বিস্ফোৰণত আঘাতপ্রাপ্ত তিনিগৰাকী জোৱান সিদ্ধার্থ বৰবৰা, সুশীল ভৌমিক আৰু মিন্টু হাজৰিকাৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে গামোচা আৰু উপহাৰ প্ৰদানেৰে শুভেচ্ছা জ্ঞাপন কৰি তেওঁলোকৰ আশু আৰোগ্য কামনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আহত জোৱানকেইজনৰ উন্নত স্বাস্থ্য পৰীক্ষাৰ বাবে গুৱাহাটীলৈ নিয়াৰ বাবে আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়ে।