বোকাখাতত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত “শৰতৰ চোতালত শাৰদী মেল” শীৰ্ষক অন্তৰংগ ‘ বৰ্ণিল অনুষ্ঠান উদ্‌যাপন

বোকাখাতত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত “শৰতৰ চোতালত শাৰদী মেল” শীৰ্ষক অন্তৰংগ ‘ বৰ্ণিল অনুষ্ঠান উদ্‌যাপন

বোকাখাত, ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ২৬ অক্টোবৰত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ বোকাখাত শাখাৰ উদ্যোগত বোকাখাতৰ বিশিষ্ট সমাজসেৱক শৰৎ ৰঞ্জন শৰ্মাৰ বাসগৃহত শতাধিক আমন্ত্ৰিত অতিথি শিল্পীৰ উপস্থিতিত গীত-কথা-কবিতা, নাটকীয় সংলাপেৰে ‘শৰতৰ চোতালত শাৰদী মেল ’ শীৰ্ষক গীত, কবিতা, অন্তৰংগ আলাপৰ এক বৰ্ণিল অনুষ্ঠান অনুষ্ঠিত হৈ যায়। বোকাখাত আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ মুখ্য উপদেষ্টা অমৰ শৰ্মাই আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে অনুষ্ঠানৰ উদ্দেশ্য আৰু আদৰণি ভাষণ আগবঢ়াই বোকাখাত আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ সম্পাদক অংকুৰ বৰঠাকুৰে ৷ উক্ত সভাৰ আদৰণী গীত নিজে ৰচনা, সুৰ আৰু কণ্ঠৰে পৰিবেশন কৰে বোকাখাত শিল্পী সমাজৰ সভাপতি বিশিষ্ট সংগীত শিল্পী বিজয় শৰ্মাই ৷ ইয়াৰ পিছতে বোকাখাতৰ বিশিষ্ট কবি, গীতিকাৰ, সুৰকাৰ, প্ৰতিষ্ঠিত ব্যৱসায়ী শৰৎ ৰঞ্জন শৰ্মাৰ লগতে তেখেতৰ পৰিয়ালবৰ্গক বোকাখাত আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয় । ইয়াৰ পিছতে গীত আৰু কবিতাৰ অনুষ্ঠান আৰম্ভ কৰা হয় । পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈ , জ্যেষ্ঠ নাগৰিক সন্মিলন বোকাখাত শাখাৰ সভাপতি আনিচুৰ ৰহমান ,জ্যেষ্ঠ সাংবাদিক অচ্যুত হাজৰিকা , ৱাৰ্ড মেম্বাৰ প্ৰাঞ্জল বৰুৱা, বিশিষ্ট ক্ৰীড়া সংগঠক বিজয় সন্দিকৈ, সমাজকৰ্মী মনোৰঞ্জন সেন আদিয়ে নিজৰ নিজৰ অনুভৱ ব্যক্ত কৰে ৷ এই অনুষ্ঠানত কবিতা পাঠ কৰে বোকাখাত কবি সন্মিলনৰ সভাপতি নিজৰা বৰঠাকুৰ , সম্পাদক অজন্তা তালুকদাৰ , শৰৎ হাজৰিকা ,অনন্যা পূজাৰী ,মনালিছা শইকীয়া, মনালিচা পপী শইকীয়া , সিদ্ধেশ্বৰ ডেকা ,ৰিজু বড়া হাজৰিকা ,পংকজ কালিন্দী , ডঃ বাবুলাল ম’ৰ ,অমল দাৱ ,পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতা , প্ৰেছ ক্লাৱৰ সভাপতি ভৱানন্দ কলিতা , ৰেৱা গগৈ ,ববিতা বৰুৱা , উৎপল শৰ্মা ,মনিকা বৰুৱা শৰ্মা ,নিবেদিতা শৰ্মা ,ধনীৰাম কুৰ্মী ,কুঞ্জলতা দাস ,অমৰ শৰ্মা ,মৃদুস্মিতা শৰ্মা আদি কবিসকলে ৷ গীত পৰিবেশন কৰে ক্ৰমে ৰঞ্জিত ৰজক ,সৌৰভ হাজৰিকা ,কাকলি গোস্বামী ,আব্দুল ৰাজাক ..সিদ্ধেশ্বৰ ডেকা ,ৰত্নেশ্বৰ মৰাং ,মনীষা শৰ্মা ,ফণিধৰ হাজৰিকা , ৰিণ্‌টা শৰ্মা , পংকজজ্যোতি বৰুৱা ,অনুভৱ কৌশিক ,স্বপ্নালী বৰুৱা ,প্ৰিয়াক্ষী শৰ্মা ,অসীম বৰুৱা ,মণ্টু শইকীয়া ,অতুল বেজবৰুৱা আদি বিশিষ্ট শিল্পীয়ে ৷ অনুষ্ঠানৰ বিশেষ আকৰ্ষণ আছিল অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাৰ গীত আৰু কবিতা পাঠ ৷অনুষ্ঠানটোত আৰম্ভণিৰ পৰা শেষলৈকে তেখেত শাৰীৰিক অসুস্থতাকো আওকাণ কৰি উপস্থিত থাকি সহায় সহযোগিতা আগৱঢ়োৱাৰ বাবে বোকাখাত আবৃত্তি আৰু সংস্কৃতি পৰিষদে কৃতজ্ঞতা জ্ঞাপন কৰে ৷ অনুষ্ঠানত লক্ষ্মীধৰ শৰ্মাৰ চিৰাজ নাটকৰ আঘোণাৰ সংলাপেৰে অনুষ্ঠানত নাটকীয় ৰসাস্বাদন দিয়ে বিশিষ্ট নাট্যকাৰ ,অভিনেতা হৰিপ্ৰসাদ বৰঠাকুৰে ৷ অনুষ্ঠানত সাংবাদিক পপী শইকীয়া .ৰাজীৱ বৰা , ৰূপজ্যোতি ভৰালী , দীপক শৰ্মা ,ৰেখাৰাণী তামুলী ,প্ৰতাপ বৰা, প্ৰমোদ ঘোষ ,দীপক শৰ্মা , তৰুণ দলে ,প্ৰদীপ খাউণ্ড , কেশৱ উপাধ্যায় ,চিত্তৰঞ্জন গোস্বামী ,বদন দুৱৰা আদি বিশিষ্ট ব্যক্তিৰ উপস্থিতিয়ে সভাখন শুৱনি কৰে । অনুষ্ঠানটো শৰৎ ৰঞ্জন শৰ্মাৰ মাতৃ নিৰদা দেৱীয়ে আৰম্ভণিৰ পৰা শেষলৈকে উপস্থিত থাকি উপভোগ কৰে। নাতিৰ সপোনক বাস্তৱ ৰূপ দিবলৈ অহোপুৰুষাৰ্থ চেষ্টাকৰা আইতাক ফুলেশ্বৰী নাথক শৰৎ ৰঞ্জন শৰ্মাৰ পৰিয়ালে সম্বৰ্দ্ধনা জনায় ৷ বোকাখাত আবৃত্তি আৰু সংস্কৃতি পৰিষদে বোকাখাতৰ সত্য আৰু নিৰ্ভৰযোগ্য বাতৰিৰ বাবে জনপ্ৰিয় নিউজ চেনেল কে ,এন ,এন বোকাখাত লাইভ আৰু খবৰ বোকাখাতক মানপত্ৰ , স্মাৰক আৰু গামোচাৰে সম্বৰ্দ্ধনা জনায় । বহু কেইগৰাকী কবিয়ে কবিতা পাঠ আৰু গীত পৰিবেশন কৰাৰ লগতে কেইবাগৰাকী উপস্থিত অতিথিয়ে নিজ নিজ অনুভৱ ব্যক্ত কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। অনুষ্ঠানত বিশিষ্ট যুৱ আৰু জ্যেষ্ঠ কণ্ঠশিল্পীৰ গীত, কেইজনমান ছাত্ৰ ছাত্ৰীৰ গীত কবিতা আবৃত্তি আদিয়ে উপস্থিত সকলক আহ্লাদিত কৰি অনুষ্ঠানক বৰ্ণিল কৰি তোলে। শৰৎ ৰঞ্জন শৰ্মাৰ একাংশ আত্মীয়ৰ লগতে , বোকাখাতৰ একাংশ সাংবাদিক, আমন্ত্ৰিত দল-সংগঠনৰ প্ৰতিনিধি আৰু বহু সংখ্যক গণ্যমান্য ব্যক্তিকে ধৰি শতাধিক লোক অনুষ্ঠানত উপস্থিত থাকে। এই উপস্থিতি আৰু সঁহাৰিয়ে অনুষ্ঠানটোক এক অনন্য মাত্ৰা প্ৰদান কৰে বুলি মত প্ৰকাশ কৰিছে একাংশ উপস্থিত ব্যক্তিয়ে আৰু উদ্যোক্তাসকলে সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। শলাগৰ শৰাই আগবঢ়ায় গৃহস্থ শৰৎ ৰঞ্জন শৰ্মা , বোকাখাত আবৃত্তি পৰিষদৰ সভাপতি মৃদুস্মিতা শৰ্মা আৰু সমগ্ৰ কাৰ্যসূচী পৰিচালনা কৰে পৰিষদৰ মূখ্য উপদেষ্টা অমৰ শৰ্মাই ৷