বৈ থাকক হৃদয়ৰ নিলাজ স্ৰোতস্বিনী
আয়নাল হক, ধুবুৰী
কিয় ভাল লাগে নুসুধিবা
জানি থোৱা…
মোৰ অনুভৱত তোমাৰ নামত
বৈ আছে প্ৰেমৰ আকাশীগঙ্গা।
তুমি ক’ত আছা
কি ভাবি আছা
সেইটো কথা নহয়,
এজাক আলসুৱা শব্দৰ মিছিলত
সাৰ পায় আছে মোৰ সমস্ত সত্তা…!
জানো…
নদীখনে গতি সলাইছে
বেলিটোক বুকুত সাবটি
হালধীয়া পোছাক পিন্ধিছে,
ছিৰাঁল-ফটা ৰ’দত
পথাৰখন জখম হৈছে
পৰিৱৰ্তনৰ ধাম-খুমীয়াত
তোমাৰ পথৰো সলনি হয় ঠিকনা
তথাপি বাজি আছে ৰাতিৰ বাঁহীৰ সুৰ
যি সুৰত তমসা আঁতৰিছে ।
নৈ-পৰীয়া সপোনবোৰ
আজিও সাৰে আছে কঁহুৱাৰ নাচোনত ।
এতিয়া নোসোধোঁ
তুমি কিয় হাঁহিছিলা বকুল তলত।
এইয়াও নোসোধোঁ
কিয় শিকাইছিলা ৰামধেনু আঁকিবলৈ…!
তুমিও নুসুধিবা
মোৰ প্ৰেমৰ কোনো স্বীকৃতি নথকাৰ পিছতো
কিয় আছোঁ মই একেই স্থিতিত।
বৈ থাকক হৃদয়ৰ নিলাজ স্ৰোতস্বিনী
বলুকাত সিঁচি যাওক এজন প্ৰেমিকৰ
উদাস হৃদয়ৰ সঁচা কাহিনী…।