বৈষ্ণু দেৱী মন্দিৰত প্ৰচণ্ড ভিৰৰ মাজত ১২জনকৈ ভক্তৰ মৃত্যু

Pc Times Of India

বৈষ্ণু দেৱী মন্দিৰত প্ৰচণ্ড ভিৰৰ মাজত ১২জনকৈ ভক্তৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেবা-  নতুন বছৰৰ আনন্দৰ মাজতে বৈষ্ণু দেৱী মন্দিৰত শোকাবহ ঘটনা সংঘটি হৈছে৷মাৰ চৰণত সেৱা জনোৱাৰ বাবে ভক্তৰ প্ৰচণ্ড ভিৰৰ মাজত ১২জনকৈ লোকৰ মৃত্যু হয়।গুৰুতৰভাৱে আহত হয় ১৩জন লোক।ঘটনা সন্দৰ্ভত জানিব পৰা মতে নতুন বছৰৰ বাবে সমবেত হোৱা হাজাৰ হাজাৰ লোকৰ মাজত হোৱা বাক-বিতণ্ডাৰ পিছত সংঘাটৰ সৃষ্টি হয়।পৰিস্থিতি এটা সময়ত নিয়ন্ত্ৰণৰ বাহিৰত যায় আৰু পদপিষ্টৰ ঘটনা সংঘটিত হয়।হাজাৰ হাজাৰ লোকৰ ভিৰৰ মাজত দৌৰাদৌৰি লগাৰ ফলত ভিৰত পদপিষ্ট হৈ থিতাতে ১২জনকৈ লোকৰ মৃত্যু হয়। ঘটনাৰ আহত হোৱা সকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনাত দুখ প্ৰকাশ কৰিছে।