বৈষম্যৰ প্ৰাচীৰ
যমুনা দুলু বৈশ্য, শুৱালকুছি
আভিজাত্যৰ মুখা পিন্ধি
নিজকে সজাওঁ আমিয়েই
পাইছো অৱহেলা ,প্ৰতাৰণা
কিহৰ বাবে পাওঁ যন্ত্ৰণা ।
প্ৰকৃতিয়ে দিছে সকলো
ঈশ্বৰে কৰা সৃষ্টিত
মানুহ ৰূপী হৈ পৰে দানৱ
কি হয় বৈষম্যৰ প্ৰাচীৰ ?
ভালপোৱাৰ নামত চলনা চলিল
আইৰ বুকুত তেজৰ চেঁকুৰা
ক্ষত-বিক্ষত অংগৰ টুকুৰা
নাই মানৱতাৰ দৃষ্টি, খেলে জীৱনক লৈ খেল ।
জাতি,ধৰ্ম ,বৰ্ণৰ ভেদা-ভেদ পাহৰি
বিশ্বভাতৃত্বৰ ভাব জগাই তুলি
শংকৰ -মাধৱৰ , বিষ্ণু -জ্যোতিৰ তেজৰ মূল্যৰে
সত্যৰ সন্ধানী হৈ ভাঙিম বৈষম্যৰ প্ৰাচীৰ ।
