বৈদিক যুগ আৰু ভাৰতীয় নাৰী – মুন শৰ্মা

PC- Pragyata

বৈদিক যুগ আৰু ভাৰতীয় নাৰী

মুন শৰ্মা,লখিমপুৰ

বৈদিক যুগ, ভাৰতীয় সভ্যতাৰ এক উল্লেখযোগ্য তথা সোণালী যুগ। ভাৰতীয় নাৰীৰ বাবে গৌৰৱৰ সময় বুলি যুগ যুগ ধৰি চিহ্নিত হৈ আহিছে। এই যুগতেই দেশ স্বাধীন হোৱাৰ সময়ৰ আগলৈকে সুদীৰ্ঘ বাবে দীঘলীয়া এচোৱা কাল সকলো দিশত অনাদৰ অৱহেলা মাজেৰে পাৰ কৰা ভাৰতীয় নাৰীয়ে সকলো ক্ষেত্ৰত লাভ কৰিছিল নিজৰ প্ৰাপ্য মৰ্য্যদা, সন্মান আৰু অধিকাৰ।বিশেষ ভাৱে সেই সময় স্ত্ৰী শিক্ষাই লাভ কৰিছিলএক উল্লেখযোগ্য স্থান।অৰ্থাৎ এই যুগ যিহেতু বেদ আৰু বিভিন্ন ধৰ্ম শাস্ত্ৰ যুগ সেয়ে বৈদিক যুগত নাৰীক পুৰুষৰ সমানে ধৰ্ম শাস্ত্ৰৰ শিক্ষা লাভ কৰি উচ্চ আসন লাভ কৰাত সুযোগ দিছিল।বৈদিক যুগত নাৰী সকল শিল্প বিদ্যা, চিকিৎসা বিদ্যা,সামৰিক শিক্ষা, অস্ত্ৰবিদ্যা, সুকুমাৰ কলা আদি বিষয়ত শিক্ষা লাভ কৰি এই সমূহ ক্ষেত্ৰত পুৰুষৰ সমানে সহযোগিতা আগবঢ়াইছিল। ইয়াৰ প্ৰমান বিভিন্ন সময়ৰ ইতিহাসে কৈ থৈ গৈছে।বৈদিক যুগত নাৰীক শাৰীৰিক, মানসিক, আধ্যাত্মিক, নৈতিক, আৰু সামাজিক শিক্ষাৰে শিক্ষিত কৰি এখন বিয়াৰ পাছত অন্য এখন ঘৰত খাপ খাবলৈ আৰু ঘৰখনৰ দায়িত্ব পালন কৰিবৰ বাবে উপযুক্ত কৰি তোলা হৈছিল। বৈদিক যুগত নাৰীয়ে বেদ মন্ত্ৰ ৰচনা কৰিছিল সেয়ে তেওঁলোকক ঋষিকা বুলি কোৱা হৈছিল। এই যুগত বৰ্তমান ব্ৰাহ্মণ পুৰুষৰ দৰে নাৰীৰো উপনয়ন অনুষ্ঠিত হৈছিল। আৰু এই যুগত বিবাহ নাৰীৰ বাবে বাধ্যতামূলক নাছিল।