বৈদিক নদীসমূহ- গায়ত্ৰী দেৱী বৰঠাকুৰ

pc- anandabazar

বৈদিক নদীসমূহ

শ্ৰীগায়ত্ৰী দেৱী বৰঠাকুৰ
তেজপুৰ, শোণিতপুৰ

ভাৰতীয় সমাজ সভ্যতা সাংস্কৃতিৰ মূল আধাৰ হৈছে বেদ। বেদ পৃথিবীৰ প্ৰাচীনতম সাহিত্য। চাৰিবেদৰ ভিতৰত ঋগ্বেদ অতি প্ৰাচীন। এই ঋগ্বেদেই ভাৰতীয় জ্ঞান, সাহিত্য আৰু ধৰ্মৰো মূল ভেঁটি। বেদ তথা বৈদিক সাহিত্যত উপলদ্ধ তথ্য সমূহে আমাক সেই যুগৰ ভাৰতবৰ্ষ খনৰ ভৌগোলিক, ৰাজনৈতিক, আৰ্থ-সামাজিক, ধাৰ্মিক আদি তথ্য প্ৰদান কৰাৰ লগতে সেই ভাৰতবৰ্ষবাসীৰ মনোজগত খনৰ বিষয়েও জ্ঞান প্ৰদান কৰে। বিভিন্ন দেৱ-দেৱীৰ লগতে প্ৰকৃতিৰ পূজাৰী আমাৰ পূৰ্বজ সকলে প্ৰকৃতিৰ বিভিন্ন সত্তাকো আৰাধনা কৰিছিল। বৈদিক যুগত সুস্বাস্থ্য, সুসন্তান, ধন-সম্পতি, দীৰ্ঘ আয়ু ইত্যাদিৰ কামনাৰে প্ৰকৃতিৰ বিভিন্ন সত্তাক কৰা হৈছিল পূজা-অৰ্চনা। সূৰ্য্য, বায়ু, বৰষুণ ইত্যাদি প্ৰকৃতিৰ সত্তাৰ লগতে নদীকো পূজা কৰিছিল সেইসকল ভাৰতবৰ্ষবাসীয়ে। নিৰুক্তকাৰ যাস্কৰ মতে প্ৰতিটো বস্তু যিটো এটা মন্ত্ৰ অথবা সম্পূৰ্ণ এটা সূক্তত আৰাধনা কৰা হৈছে সেয়ে দেৱতা। বৈদিক সাহিত্যত উপলদ্ধ উভয় লিঙ্গবাচক দেৱতা শব্দৰ দ্বাৰা সৰস্বতী, ইলা, ভাৰতী, ৰাত্ৰী, উষা ইত্যাদি দেৱীকো আগবঢ়োৱা হৈছিল নৈবদ্য। বৈদ্যিক ভাৰতীয় সকলে দেৱী পূজনৰ দিশটোতো প্ৰদান কৰিছিল যথেষ্ঠ মৰ্যদা। উল্লেখযোগ্য যে বৈদিক ধৰ্মই হৈছে প্ৰাচীনতম ধৰ্ম যি ধৰ্ম চিৰদিন প্ৰবাহিত হৈ আহিছে প্ৰতি ভাৰতীয়ৰ প্ৰাণত, মন-মগজত। নদীসমূহো সেইসকল ভাৰতবৰ্ষবাসীৰ দৃষ্টিত আছিল মাতৃ স্বৰূপা। নদীসমূহক মাতৃৰূপে গণ্য কৰাৰ পাতনি মেলা এই প্ৰথা আজিও বিদ্যমান আমাৰ দেশত। নদীমাতৃ শব্দৰ বৰ্তমানেও ব্যৱহাৰ তথা নদী পূজণে প্ৰমাণ কৰে আমাৰ তেজত প্ৰবাহিত হৈ থকা সেই বৈদিক পৰম্পৰাৰ ধাৰাকেই। বৈদিক নদীসমূহৰ মহত্ব ভাৰতীয় জীৱন ধাৰাত অতি উচ্চ পৰ্যায়ত।

বৈদিক সাহিত্যত নদীৰ পৰ্যায়বাচী শব্দৰূপে সততে ব্যৱহৃত হয় সিন্ধু, সৰিতা, তটিনী আদি শব্দৰ। তদুপৰি বৈদিক সাহিত্যত সততে উপলদ্ধ এটি শব্দ হৈছে ‘সপ্তসিন্ধৱঃ।’ বিদ্বানসকলৰ মতানুসাৰে পাঞ্জাৱৰ পাচঁনদী, সৰস্বতী তথা কুভায়েই এই ‘সপ্তসিন্ধৱঃ’। মেক্সমূলাৰৰ মতে পাঞ্জাৱৰ পাঁচনদী, সৰস্বতী তথা সিন্ধুয়েই এই সপ্তসিন্ধু। বেদৰ ভাষ্যকাৰ সায়ণে ‘সপ্তসিন্ধুৱঃ’ শব্দ ব্যাখ্যাত মাত্ৰ গংগা-যমুনা আদি নদী” বুলিহে উল্লেখ কৰিছে। এই সপ্তসিন্ধুকেই সপ্তনদ্যঃ বুলিও জনা যায়। ‘সপ্তস্বস্বা’.. নামেৰেও খ্যাত এইসমূহ বৈদিক সৰিতা। বৈদিক সাহিত্যত বহুতো নদীৰ নামোল্লেখ উপলদ্ধ হয়। বৈদিক ভাৰতৰ প্ৰমুখ্য নদী আছিল সিন্ধু আৰু সৰস্বতী। ঋগ্বেদৰ সুক্তত সমূহত উল্লেখ থকা আন-আন নদীসমূহ হৈছে গংগা, যমুনা, পৰুষ্ণী, অক্সিনী, মৰুদবৃধা, বিতস্ত, আৰ্জীকীয়া, সুষোমা, তৃষ্টামা, কুভা, মেহত্নু, গোমতী, ক্ৰমু, স্বাম্ভ, আপয়া, ৰেবা, শ্বেতা, ৰক্সা, বিপাশা, শুতুদী, সৰযু, দৃষদৱতী ইত্যাদি।
ঋগ্বেদৰ দশম মণ্ডলত নদীস্তুতি [নদীৰ প্ৰশংসা]ৰ প্ৰসংগত গংগানদীৰ মাত্ৰ এবাৰ উল্লেখ কৰা হৈছে। এই বেদৰ মতে সুদামে এই নদীৰ তীৰতেই বিজয় লাভ কৰিছিল। দুষ্যন্তৰ পুত্ৰ ভৰতে অশ্বমেধ যজ্ঞ সম্পন্ন কৰি গংগাৰ পাৰৰ ‘বৃত্ৰঘ্ন’ নামৰ ঠাইত পঁচপন্নটা ঘোঁৰা দেৱতাৰ অৰ্থে প্ৰদান কৰিছিল। গংগা নদীৰ লগত সততে উল্লেখিত হোৱা আনখন নদী হৈছে যমুনা। ঐতৰেয় ব্ৰাহ্মণ, জৈমিনীয় ব্ৰাহ্মণ তথা তৈত্তিৰীয় আৰণ্যকতো গংগা-যমুনাৰ একত্ৰ উল্লেখ উপলব্ধ হয়। ঋগ্বেদৰ উপৰিও অন্যান্য ব্ৰাহ্মণ তথা সূত্ৰসমূহতো যমুনা নদীৰ উল্লেখ পোৱা যায়। শতপথ আৰু ঐতৰেয় ব্ৰাহ্মণৰ মতে এই নদীৰ তীৰত ভৰতগণে বিজয়ীৰূপে স্বীকৃতি লাভ কৰিছিল। তৈত্তিৰীয় ব্ৰাহ্মণ তথা তাণ্ড্য ব্ৰাহ্মণতো ভৰতগণৰ উল্লেখ পোৱা যায়। ভৰতে যমুনা নদীৰ পাৰত আঠসত্তৰটা অশ্ব দেৱতালৈ উৎসৰ্গা কৰিছিল। ইয়াৰোপৰি ৰজা ভৰতে এই দুই নদীৰ তীৰত তেত্ৰিশ শ – তেত্ৰিশ শ ঘোঁৰা বান্ধি নিজৰ পৰাক্ৰমৰে সকলো শত্ৰুকে ভয়ভীত কৰি তুলিছিল। শতপথ ব্ৰাহ্মণত এই দুখন নদীৰ পাৰত ভৰতে পাঁচশ- পাঁচশ ঘোঁৰা বন্ধাৰ তথ্য উপলব্ধ। এই ব্ৰাহ্মণ গ্ৰন্থতেই উল্লেখ আছে ভৰত দৌহষন্তিৰ বিজয় গাথা। তৈত্তিৰীয় আৰণ্যকত গঙ্গা আৰু যমুনাৰ তীৰত বাসকৰা সকলক প্ৰদান কৰা হৈছে বিশেষ সন্মান।

ঋগ্বেদৰ ঐতৰেয় ব্ৰাহ্মণত ইৰাৱতী নদীক সেই সময়ৰ প্ৰমুখ নদীৰূপে উল্লেখ কৰা হৈছে। গভীৰ তথা তীব্ৰ জলধাৰাৰ বাবেই এই নদীক ইৰাৱতী নামেৰে জনা যায়। কুভা নদীৰ উল্লেখ পঞ্চম আৰু দশম মণ্ডলত মাত্ৰ দুবাৰ কৰা হৈছে। নিৰুক্তৰ নৱম অধ্যায়ত উল্লেখিত অক্সিনী নদী চন্দ্ৰভাগা নামেৰেও বিখ্যাত। ঋগ্বেদৰ এই নদীখনেই বৰ্তমানৰ পাঞ্জাবৰ ছেনাব নদী। দশম মণ্ডলৰ উপৰিও ঋগবেদৰ অষ্টম মণ্ডলতো এই নদীৰ নাম আছে। ঋগ্বেদত নাম উচ্চাৰিত হোৱা আন খন নদী হৈছে আৰ্জীকীয়া নদী । আৰ্জীক আৰু আৰ্জীকীয় এই দুটি শব্দৰ দ্বাৰা সেই স্থানৰ বাসীসকলক বুজোৱাৰ সম্ভাৱনা পৰিলক্ষিত হয়। এই নদীৰ বিষয়ে নিৰুক্তৰ নৱম অধ্যায়ত উল্লেখ আছে। ঋগ্বেদৰ তৃতীয় মণ্ডলত উল্লেখ থকা আন এখন নদী হৈছে আপয়া। আপয়া, দৃষদৱতী তথা সৰস্বতীৰ মাজৰ এখন নদী। আপয়া মহাভাৰত কালীন ভাৰতৰো এখন বিখ্যাত নদী। ঋগ্বেদৰ দশম আৰু পঞ্চম মণ্ডলত উল্লেখিত আন এখন নদী হৈছে ক্ৰুমু। নিৰুক্তৰ নৱম অধ্যায় আৰু ঋগ্বেদৰ দশম মণ্ডলৰ আন এখন নদী হৈছে বিতস্তা।

বিতস্তা পাঞ্জাবৰ আটাইতকৈ পশ্চিম দিশৰ নদী। দশম মণ্ডলত বিতস্তা আৰু অসিক্লী নদীৰ লগত একেলগে নামোল্লেখ থকা আনখন নদী হৈছে মৰুদবৃধা। দশম মণ্ডলৰ উপৰিও অষ্টম মণ্ডলত নাম থকা ঋগ্বেদৰ আন এখন নদী হৈছে গোমতী। ঋগ্বেদৰ সপ্তম মণ্ডলৰ তথ্য অনুসৰি সুদামে এই নদীৰ তীৰতেই লাভ কৰিছিল দহ ৰজাৰ ওপৰত বিজয়। এই বেদৰেই অষ্টম মণ্ডলত গোমতী নদীক মহানদী বুলি উল্লেখ কৰা হৈছে। যাস্কই এই নদীক ইৰাবতী বুলি গণ্য কৰিছে। অনিতভা নদীৰ নাম মাত্ৰ এবাৰ উল্লেখ কৰা হৈছে ঋগ্বেদৰ পঞ্চম মণ্ডলত। এই বেদৰ দশম মণ্ডলৰ সৰমা-পাণি সংবাদসূক্তত বসানদীৰ উল্লেখ পোৱা যায়। ঋগ্বেদৰ প্ৰথম, পঞ্চম আৰু দশম মণ্ডলত এই নদীৰ বিষয়ে উল্লেখ আছে। বৈদিক ভাৰতৰ একেবাৰে উত্তৰ-পশ্চিম দিশত এই নদীৰ অৱস্থান। এই বেদত পঞ্চম মণ্ডলত ৰসানিতভা শব্দৰো উল্লেখ পোৱা যায়। ঋগ্বেদৰ মতে এই নদী দৈৱী শক্তি সম্পন্ন। ৰসা, অনিতভা তথা কুভাৰ লগত একেলগে নামোল্লেখ থকা আনখন নদী হৈছে সৰযূ। সৰস্বতী আৰু সিন্ধু নদীৰ লগতো এই নদীৰ নাম পোৱা যায় ঋগ্বেদত। ঋগ্বেদৰ চতুর্থ, পঞ্চম তথা দশম মণ্ডলত এই নদীৰ নাম সন্নিবিষ্ট। সৰস্বতী নদীৰ লগত একেলগে নাম উল্লেখ থকা আন এখন নদী হৈছে দৃষদৱতী। সামবেদৰ তাণ্ড‍্যব্ৰাহ্মণত এই দুই নদীৰ একেলগে নাম উচ্চাৰিত হৈছে। লাট‍্যায়ন শ্রৌতসূত্ৰৰ মতে দৃষদৱতী মূলতঃ বর্ষাকালীন নদী। বাৰিষাৰ পাছত এই নদী শুকাই গৈছিল। সৰস্বতী তথা দূষৱতীৰ সংগমস্থণীক ‘দৃষদ্বত‍্যা অপ্যায়ে’ আখ্যা প্ৰদান কৰা হৈছে। মনুৰ মতানুসাৰে এই দুই দিৱ্যনদীৰ মধ্যভাগেই ব্রহ্মাৱৰ্ত্ত। গংগা যমুনা, সৰস্বতী-দৃষদৱতীৰ দৰে একেলগে নামোচ্চাৰিত হোৱা আন দুখন নদী হৈছে বৈদিক বিপাশা আৰু শুতুদ্ৰী। ঋগ্বেদৰ তৃতীয় মণ্ডলৰ ‘বিশ্বামিত্ৰ নদী সংবাদত’ এই দুই নদীৰ নাম সন্নিৱিষ্ট। এই বেদৰ চতুর্থ মণ্ডলতো উল্লেখ থকা এই বিপাশা নদীৰ প্ৰাচীন নাম উৰুঞ্জীৰা বুলি যাস্কই মত পোষণ কৰিছে। বৰ্তমানৰ পাঞ্জাৱত প্ৰৱাহিত হৈ থকা এই নদীৰ বিষয়ে পাণিনিয়েও উল্লেখ কৰিছে। অথর্ববেদৰ গোপথ ব্ৰাহ্মণৰ মতে এই নদীৰ মাজত অৱস্থিত বশিষ্ঠ-শীলা। বেদোত্তৰ সাহিত্যত এই নদীক বিপাশা নামেৰে জনাযায়। পাঞ্জাৱৰ আটাইতকৈ পূৰ্বৰ নদী হৈছে শুতুদ্ৰী। ঋগ্বেদৰ তৃতীয় তথা দশম মণ্ডলত উল্লেখ থকা এই নদীৰ বিষয়ে নিৰুক্ততো উল্লেখ কৰা হৈছে। বেদোত্তৰ সাহিত্যত এই নদী এশটা ধাৰাৰে প্ৰৱাহিত হোৱাৰ বাবে শতদ্ৰু নামেৰে জনাজাত। বেদত বর্ণিত ৰেবা নদীয়েই নর্মদা। স্বাম্ভ, তৃষ্টামা আদি নদীৰ হয়তো বৈদিক কালত প্ৰভাৱ অধিক নাছিল। সেয়ে অৱশিষ্ট এই কেইখন নদীৰ বিষয়ে বৈদিক সাহিত্যৰ পৰা অধিক তথ্য লাভ কৰা নাযায়।

বৈদিক যুগৰ প্ৰভাৱশালী নদী সিন্ধু তথা সৰস্বতী নদী। বৈদিক সাহিত্যত সততে উল্লেখিত নদী হৈছে সিন্ধু। ঋগ্বেদত কোৱা হৈছে যে যেনেদৰে মাতৃয়ে পুত্ৰৰ পোষণ কৰে, গৰুৱে দুগ্ধৰে মানৱকূলক পালন-পোষণ কৰে, তেনেদৰে সিন্ধুনদীয়েও মানৱ সমাজক ভৰণ-পোষণ কৰে। এই বেদতেই সিন্ধু নদীক প্ৰদান কৰা হৈছে ‘ৱাজিনীৱতী’ৰ আখ্যা। পতঞ্জলিৰ মহাভাষ্যত সিন্ধুনদীখন নাৱেৰে পাৰ হোৱাৰ কথা উল্লেখ কৰা হৈছে। সিন্ধুনদীৰ উপত্যকাৰ সভ্যতাৰ বিষয়ে আমি সকলো অৱগত। ডেৰিয়স শিলালিপিত এই নদী হিন্দু তথা ইউৰোপীয়ান লিখকসকলৰ লিখনিসমূহত এই নদীক ইণ্ডাচ্ বুলি উল্লেখ কৰা হৈছে। বৈদিক সাহিত্যত সিন্ধু শব্দৰ প্ৰতি নদী তথা নদীপতি সমূদ্ৰৰ পৰ্যায়বাচক শব্দৰূপে ব্যৱহৃত হোৱাৰ দিশটোৰ পৰা এই নদীৰ জনপ্রিয়তাকেই অনুমান কৰিব পাৰি।

সিন্ধুৰ দৰে অতি প্রাচীন নদী হৈছে সৰস্বতী নদী। বৈদিক সাহিত্যত পোৱা যায় সৰস্বতী নদীৰ বহল বৰ্ণনা। বৈদিক ভাৰতৰ সৰস্বতী অতি পৱিত্র তথা প্রসিদ্ধ নদী। বৈদিক সাহিত্যৰ এই দুই নদীৰ একত্র উল্লেখ আছে। ঋগ্বেদত নদীতমা বুলি বর্ণনা কৰা এই নদীৰ ঐশ্বৰিক মহত্ব ঋগ্বেদৰ দ্বিতীয় মণ্ডলত উপলব্ধ যত এই নদীক ‘দেৱীতমে’ বুলি সম্বোধন কৰা হৈছে। যাস্কৰ মতে দেৱীৰ দৰে সৰস্বতীৰ নদীৰ স্বৰূপটিত বৈদিক ভাৰতত মুখ্য আছিল। এই সৰস্বতী নদী পাৰ বহুতো ৰজা, পঞ্চজনগোষ্ঠীৰ বাসভূমি আছিল। ঋগ্বেদৰ মতে সৰস্বতী নদীৰ তীৰতেই পুৰুসকলে বসবাস কৰিছিল। দেৱী সৰস্বতী পৱিত্ৰ নীৰৰ লগতে জ্ঞানো প্রদায়িনী আছিল। বাজসনেয়ী সংহিতাই সৰস্বতী নদীক পাৱকা আখ্যা প্ৰদান কৰিছে। বেদৰ ভাষ্যকাৰ সায়ণে ‘পাৱকা’ শব্দৰ ব্যাখ্যা ‘শোধয়িত্ৰী’ ৰূপে কৰিছে। এই সৰস্বতী নদীক ‘ঘোৰা’, ‘ঘৃতাচী’ ৰূপেৰেও জনা যায়। যি জল বৰ্ষণ কৰে সেয়ে ঘৃতাচী। সায়ণৰ মতে, ঘৃতাচী ঘৃতম্ উদকম্ অঞ্চাতি। উদকম্ শব্দৰ অৰ্থ পানী। সৰস্বতীৰ ‘ঘৃতাচী’ সম্বোধনে যজ্ঞত আহুতি লাভৰ তথ্যকো প্ৰমাণিত কৰে। ঘৃত, সোম আৰু পুৰোডাশেৰে নিৰ্মিত আহুতিকো ঘৃতাচী বুলি কোৱা হয়। কাত্যায়ন, লাট্যায়ন, আশ্বলায়ন তথা শাংখ্যায়ন আদি শ্রৌতসূত্ৰ সমূহতো এই নদীৰ তীৰত সম্পন্ন হোৱা যজ্ঞসমূহ অতি মহত্বপূর্ণ বুলি ঘোষণা কৰা হৈছে। বৈদিক সাহিত্যৰ মতে সৰস্বতীয়ে যজ্ঞক পোষণ কৰে। সৰস্বতী তথা দৃষদৱতী নদীৰ তীৰত অনেক যজ্ঞ সমাপন কৰা হৈছিল। এই নদীয়ে ঐশ্বৰিক জলধাৰাৰে পৃথিৱী অভিমুখে গতি কৰিছিল আৰু এনেদৰে এই নদীয়ে বৈদিক ভাৰতীয় সকলকপ্ৰদান কৰিছিল উন্নতি তথা সমৃদ্ধি। সেয়েহে ঋগ্বেদত এই নৈ খনিক এজোপা আশ্রয় প্রদান কৰা গছৰ লগত তুলনা কৰা হৈছে। এই নদীক তীৱবেগী ৰথৰ লগতো তুলনা কৰা হয়। এই নদীয়ে নিজ জলেৰে প্ৰজাসকলক পালন পোষণ কৰিছিল। তৈতিৰীয় ব্ৰাহ্মণত এই নদীক ‘বৈশ্যাভ্যল্যা’ বুলি কোৱা হৈছে। বিশ্ব অর্থাৎ প্ৰজাক পালন পোষণ কৰা স্বৰূপৰ বাবেই। তৈতিৰীয় সংহিতাতো একে অৰ্থতেই ‘বসতীবাৰী’ বুলি কোৱা হৈছে এই নদীক। বাজসনেয়ী সংহিতাৰ মতে ই নদী এসময়ত পৱিত্ৰ জলেৰে পৰিপূৰ্ণ আছিল।

সেয়ে শতপথ ব্রাহ্মণত এই নদীক ‘সদানীৰা’ বুলি বর্ণনা কৰা হৈছে। এই ব্ৰাহ্মণৰ বৰ্ণনা অনুসৰি কৌশল আৰু বিধেয়- প্রাচীন ভাৰতৰ এই দুই ৰাজ্যৰ মাজেৰে প্ৰৱাহিতা হৈছে ‘সদানীৰা’। এই নদীৰ পূৰ্ব দিশত বিধেয় আৰু পশ্চিম দিশত কৌশল দেশ আছিল। তৈত্তিৰীয় ব্ৰাহ্মণৰ মতে সৰস্বতী নদী বৈদিক যুগৰ সৰ্বপৱিত্ৰ নদী আছিল। এই নদীৰ জল প্রবাহ অতি তীব্র আছিল যাৰ ফলত সেই নদীৰ তীৰস্থিত পৰ্বতো উভালি পৰিছিল। সেই বিশাল ভূভাগত এই নদীৰ জলৰ বাবে প্রায় প্রলয়সদৃশ দৃশ্যৰ সৃষ্টি হৈছিল। জনগণে সৰস্বতী নদীকস্তুতি কৰিছিল নদীৰ ত্ৰাসৰ পৰা মুক্ত কৰিবলৈ। ব্ৰাহ্মণ গ্রন্থসমূহৰ মতে সৰস্বতী নদীয়ে দৃষদৱতী নদীৰ সৈতে লগলাগি ব্রহ্মাৱৰ্ত্তৰ দক্ষিণ সীমা নিৰ্দ্ধাৰণ কৰিছিল। মনুৰ মতে এই দুই নদীয়ে মধ্যদেশৰ পশ্চিম সীমা গঠন কৰিছিল। দৃষদৱতী সৰস্বতীৰ সহায়ক নদী। এই দুই নদীৰ মাজৰ ঠাই খিনিয়েই ব্রহ্মাৱৰ্ত্ত। ঋগ্বেদৰ মতে সৰস্বতী নদী সাগৰ অভিমুখী। বাজসনেয়ী সংহিতাৰ মতে পঞ্চনদী সৰস্বতী অভিমুখে প্ৰৱাহিত হৈছে। পতঞ্জলিৰ মহাভাষ্যত ইৰাৱৰ্তী, বিপাশা, বিতস্তা, চন্দ্রভাগা, অসিক্নী – এই পাঁচনদীক পঞ্চনদী আখ্যা প্ৰদান কৰা হৈছে। সৰস্বতী নদীৰ উদ্ভৱস্থলক ‘প্লক্ষ প্ৰসৱণ’ বুলি কোৱা হৈছে, পঞ্চবিংশ ব্রাহ্মণ তথা জৈমিনীয় উপনিষদ ব্রাহ্মণত। কাত্যায়ন আৰু লাট্যায়ন শ্রৌতসমূহতো একে নামেৰেই খ্যাত এই ঠাইখিনিক ঋগ্বেদৰ সূত্ৰ গ্ৰন্থসমূহত’ প্লাক্ষ প্ৰস্ৰৱণ’ বুলি কোৱা হৈছে। তাণ্ডব্ৰাহ্মণত কোৱা হৈছে যে সৰস্বতী নদীৰ উদ্ভৱ স্থল স্পষ্ট ৰূপত প্রতিভাত হয় আৰু যি অঞ্চলত সমুদ্রত বিলীন হৈছে সেই ভাগো স্পষ্টৰূপত প্রতীত হয়। কিন্তু মাজৰ ভাগ ভূমিৰ তলেৰে প্ৰৱাহিত হোৱাৰ বাবে দৃশ্যমান নহয়। সৰস্বতী নদীৰ হিমালয়ৰ শিৱালিক পাহাৰৰ পৰা উদ্ভৱ হৈ পাটিয়ালাৰ তলেৰে বৈ গৈ ৰাজপুতনাৰ মৰুস্থলৰ উত্তৰ ভাগত বিলুপ্ত হৈছে। ব্ৰাহ্মণ গ্ৰন্থসমূহত এই ঠাইকেই ‘বিনাশন’ বুলি কোৱা হৈছে। অশ্বগতিৰে যাত্ৰা কৰিলে প্লক্ষ প্ৰসৱন আৰু বিনাশন ৰ মাজৰ দূৰত্ব চৌৰাল্লিশ দিনৰ। ব্ৰাহ্মণ কালত এই নদীৰ জল লাহে লাহে শুকাই গৈছিল আৰু কোনো কোনো ঠাইত অদৃশ্যও হৈ পৰিছিল। সৰস্বতী নদী তিনিবাৰ লুপ্ত হৈ তিনিবাৰ প্ৰাদুৰ্ভাৱ হৈছিল। তাণ্ড্য মহাব্ৰাহ্মণত তাকেই ‘ত্ৰিপ্লক্ষ’ বুলি উল্লেখ কৰা হৈছে। মহাভাৰতৰ তথ্যৰ পৰাও এই কথাকেই প্রতিভাত হয়। এইনদীৰ প্ৰাদুৰ্ভাৱৰ তিনিস্থানক ক্রমে চমসোদভেদ, শিৰোদভেদ আৰু নাগোদভেদ বুলি জনা যায়। সৰস্বতী নদীৰ বিলুপ্তি তথা পুনঃ উদ্ভৱৰ তথ্য জৈমিনীয় আৰু আশ্বলায়ন শ্রৌতসূত্ৰতো উপলব্ধ।

অধুনালুপ্ত সৰস্বতী নদীৰ তীৰতেই সূচনা হৈছিল কৃষিৰ ইতিহাসৰো। ব্ৰাহ্মণ গ্ৰন্থ সমূহৰ মতানুসাৰে সৰস্বতীৰ পাৰতেই বৈদিক সমাজে প্ৰাৰম্ভ কৰিছিল কৃষিৰো। যুগৰ প্ৰাৰম্ভতে সৰস্বতী নদীৰ মধুৰ জলেৰে কৃষিকৰ্মৰ পাতনি মেলিছিল। সেই কৃষিকৰ্মত ইন্দ্ৰ আছিল হলপতি তথা মৰুতগণ আছিল কৃষক। প্রাচীন কালত ভয়ংকৰ বনজুয়ে অতিক্ৰম কৰিব নোৱাৰিলে সৰস্বতীনদীৰ বিস্তীর্ণ তীৰ। এই বনজুইৰ পাছত এই নদীৰ পাৰৰ কৌশল আৰু বিধেয়হে নিবাসযোগ্য স্থান হিচাপে অৱশেষ থাকিল। মহাকবি কালিদাসেও ভাৰতবৰ্ষৰ অন্যান্য নদীসমূহৰ লগতে সৰস্বতী নদীৰ বৰ্ণনা কৰিছে। মহাকবিজনাৰ মতে এই নদী পৃথিৱীৰ তলেৰে প্ৰৱাহিত হৈ সাগৰত বিলীন হৈছেগৈ। বৰ্তমান এই নদীৰ লুপ্তাধাৰা গংগা-যমুনাৰ সতে এলাহাবাদৰ ত্ৰিবেণী সংগমত মিলিত হৈছে বুলি জনা যায়। এই কথা স্মর্তব্য যে লুপ্তা হোৱাৰ পাছতো কোনো দিনেই ম্নান হোৱা নাই এই বৈদিক জলধাৰাৰ মহত্বও গুৰুত্ব। এই প্ৰসংগতে মহাকবিজনাৰ ৰঘুবংশম্ মহাকাব্যত উপলব্ধ আমাৰ লৌহিত্য অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ নামো এই খিনিতে সংযোগ কৰা হল। অমৰ কবি কালিদাসৰ মতে লৌহিত্যই নিৰ্দ্ধাৰণ কৰিছিল প্ৰাগজ্যোতিষপুৰৰ দক্ষিণ সীমা। গোদাৱৰী, কাৱেৰী, কৃষ্ণা নদীৰ জলো পৱিত্ৰ বুলি গণ্য কৰা হৈছিল। আহক আমি ভাৰতবাসীয়ে সগৌৰবৰে জীয়াই ৰাখো নদী উপত্যকাৰ সভ্যতাৰ লগতে নদীসমূহকো।

তথ্যসূত্রঃ

1. The Indian Mother Goddess – N.N.Bhattacharya

2. The Religion and Philosophy of the Veda and Upanisada – A.B. Keith

3. Sarasvati In Sanskrit literature – I.Khan

4. Vedic Index of Names and Subjects – Vol. I and II-A Macdonald and A.B. Keith

5. From the Vedas to the Manu-Samhita, A cultural study- V.B.Mishra

6. The Students’ Sanskrit – English Dictionary – V.S. Apte

7. ब्राह्मण ग्रन्थों के राजनीतिक सिद्धान्त डॉ. बलवीर आचार्य