বৈজ্ঞানিক পদ্ধতিৰে সৰিয়হ খেতি কৰি কৃষি ক্ষেত্ৰত সেউজ বিপ্লৱৰ চমকপ্ৰদ প্ৰদৰ্শন
আদিলুৰ ৰহমান, ৰঙিলী বাৰ্ত্তাসেৱা- যি সময়ত ৰাজ্যত নিবনুৱা সমস্যা ভয়াবহ ৰূপ ধাৰণ কৰিছে আৰু একাংশ শিক্ষিত যুৱক- যুৱতীয়ে কৰ্মৰ সন্ধানত বহি: ৰাজ্য নাইবা বিদেশলৈ গমণ কৰিছে তেন্তে সময়তেই মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰী এচাম শিক্ষিত যুৱকে নিজৰ কৰ্ম দক্ষতাৰে সৰিয়হ খেতি কৰি নিজে নিজেই কৰ্মসংস্হাপনৰ বাট মুকলি কৰি এক চমকপ্ৰদ নিদৰ্শন দাঙি ধৰিছে। মৰিগাঁও জিলাৰ ভূৰবন্দা উন্নয়ন খণ্ডৰ অন্তৰ্গত হাবিবৰঙাবাৰীৰ কেইজনমান শিক্ষিত যুৱকে কৃষি ক্ষেত্ৰত সেউজ বিপ্লৱ সৃষ্টিৰ হেতুকে একগোট হৈ জিলা কৃষি বিভাগৰ সহযোগত ১৫০ বিঘা মাটিত বৈজ্ঞানিক পদ্ধতিৰে উন্নত প্ৰযুক্তিৰে সৰিয়হ খেতি কৰি কৰ্মসংস্হাপনৰ বাট মুকলি কৰিছে। যাক লৈ উৎফলিত হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ কৃষিজীৱি ৰাইজ। জিলা কৃষি বিভাগৰ সৌজন্যত আৰু এখোজ কৃষক উৎপাদক কোম্পানী লিমিটেডৰ সহযোগত সৰিয়হ খেতি পথাৰত ইতিমধ্যে প্ৰদৰ্শিত হয় ৰেপচিড সৰিয়হৰ শস্যৰ প্ৰদৰ্শন। এই প্ৰদৰ্শনীত আহি উপস্থিত হয় সুদুৰ ৰাজস্থানত অৱস্থিত ৰেপচিড সৰিয়হ গবেষণা সঞ্চালকালয় আৰু আৰু ভাৰতীয় কৃষি গৱেষণা পৰিষদ এটি সজাঁতি দল। মূখ্য কৃষি বিজ্ঞানী ড০ অশোক কুমাৰ শৰ্মাৰ নেতৃত্বত অহা দলটোৱে সৰিয়হ খেতি সম্পৰ্কে স্হানীয় কৃষকসকলক বিভিন্ন পৰামৰ্শ আগবঢ়ায়। আনহাতে এই প্ৰদৰ্শনীত মৰিগাঁও জিলাৰ কৃষি প্ৰকল্পৰ সঞ্চালক হিৰামণি দাসৰ লগতে জিলা কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাৰ বিষয় ববীয়া উপস্থিত থাকে।